--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ সেৱন আৰু সৰবৰাহৰ অভিযোগত সম্প্ৰতি কাৰাগাৰত বন্দী হৈ আছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। দিন-ৰাতি যেন নাযায় নুপুৱায়। বিলাসী-স্বাচ্ছন্দ্য জীৱন কটোৱা আৰিয়ান খান এতিয়া পোতাশালত বন্দী। কি জীৱন কি হৈ গ'ল বুলি কাৰাগাৰৰ চাৰি বেৰৰ মাজত সোমাই হুমুনিয়াহ কাঢ়িছে আৰিয়ানে। তীব্ৰ মানসিক চাপত আৰু অসহজ অৱস্থাত আৰিয়ান আছে বুলি জনাইছে কাৰাগাৰ কৰ্তৃপক্ষই। ক’ভিড প্ৰট’কল অনুসৰি আৰিয়ানক বুধবাৰপৰ্যন্ত কাৰাগাৰৰ কোৱাৰেণ্টাইন কোঠাতে ৰখা হৈছিল। কোৱাৰেণ্টাইনৰ ম্যাদ শেষ হোৱাৰ লগতে ক’ৰ’না পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত সাধাৰণ বেৰেকলৈ স্থানান্তৰ কৰা হৈছে আৰিয়ান খানক।

আৰিয়ান খানৰ নতুন পৰিচয় এতিয়া কয়দী নম্বৰ এন৯৫৬। কাৰাগাৰত ইজনে সিজনক নম্বৰ অনুসৰি মাতে। তেনেস্থলত আৰিয়ান খানক এতিয়া এন৯৫৬ নামেৰে মতা যাব। ২০ অক্টোবৰত পুনৰ জামিনৰ শুনানি আছে আৰিয়ান খানৰ। উল্লেখ্য যে কাৰাগাৰৰ কেণ্টিনত খাদ্য খাবলৈ পৰিয়ালৰ ফালৰ পৰা ৪৫০০ টকা আৰিয়ানলৈ মণি অৰ্ডাৰ কৰি পঠাইছে পৰিয়ালৰ লোকে। কাৰাগাৰৰ নিয়ম অনুসৰি এজন কয়দীক এটা মাহত পৰিয়ালৰ লোকে কেৱল মাত্ৰ ৪৫০০ টকা পঠিয়াব পাৰিব। তাতকৈ এক টকাও বেছি দিব নোৱাৰিব। কাৰাগাৰৰ নিয়ম মানিয়েই ৪৫০০ টকা আৰিয়ানলৈ পঠাইছে শ্বাহৰুখ খানে।

উল্লেখ্য যে আৰিয়ানৰ ভৱিষ্যতৰ চিন্তান খাৱন-শোৱন নাইকিয়া হৈছে শ্বাহৰুখ-গৌৰীৰ। মানসিক ভাৱে ভাগি পৰিছে দুয়ো। ছলমান খান, কৰণ জোহৰ, প্ৰীতি জিণ্টাৰ দৰে অনেক চেলিব্ৰেটীয়ে এতিয়া মানসিক শক্তি যোগাবলৈ শ্বাহৰুখ-গৌৰীৰ বাসভৱন 'মন্নত'লৈ অহা যোৱা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক