--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ সেৱন আৰু সৰবৰাহৰ অভিযোগত সম্প্ৰতি কাৰাগাৰত বন্দী হৈ আছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। দিন-ৰাতি যেন নাযায় নুপুৱায়। বিলাসী-স্বাচ্ছন্দ্য জীৱন কটোৱা আৰিয়ান খান এতিয়া পোতাশালত বন্দী। কি জীৱন কি হৈ গ'ল বুলি কাৰাগাৰৰ চাৰি বেৰৰ মাজত সোমাই হুমুনিয়াহ কাঢ়িছে আৰিয়ানে। তীব্ৰ মানসিক চাপত আৰু অসহজ অৱস্থাত আৰিয়ান আছে বুলি জনাইছে কাৰাগাৰ কৰ্তৃপক্ষই। ক’ভিড প্ৰট’কল অনুসৰি আৰিয়ানক বুধবাৰপৰ্যন্ত কাৰাগাৰৰ কোৱাৰেণ্টাইন কোঠাতে ৰখা হৈছিল। কোৱাৰেণ্টাইনৰ ম্যাদ শেষ হোৱাৰ লগতে ক’ৰ’না পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত সাধাৰণ বেৰেকলৈ স্থানান্তৰ কৰা হৈছে আৰিয়ান খানক।

আৰিয়ান খানৰ নতুন পৰিচয় এতিয়া কয়দী নম্বৰ এন৯৫৬। কাৰাগাৰত ইজনে সিজনক নম্বৰ অনুসৰি মাতে। তেনেস্থলত আৰিয়ান খানক এতিয়া এন৯৫৬ নামেৰে মতা যাব। ২০ অক্টোবৰত পুনৰ জামিনৰ শুনানি আছে আৰিয়ান খানৰ। উল্লেখ্য যে কাৰাগাৰৰ কেণ্টিনত খাদ্য খাবলৈ পৰিয়ালৰ ফালৰ পৰা ৪৫০০ টকা আৰিয়ানলৈ মণি অৰ্ডাৰ কৰি পঠাইছে পৰিয়ালৰ লোকে। কাৰাগাৰৰ নিয়ম অনুসৰি এজন কয়দীক এটা মাহত পৰিয়ালৰ লোকে কেৱল মাত্ৰ ৪৫০০ টকা পঠিয়াব পাৰিব। তাতকৈ এক টকাও বেছি দিব নোৱাৰিব। কাৰাগাৰৰ নিয়ম মানিয়েই ৪৫০০ টকা আৰিয়ানলৈ পঠাইছে শ্বাহৰুখ খানে।

উল্লেখ্য যে আৰিয়ানৰ ভৱিষ্যতৰ চিন্তান খাৱন-শোৱন নাইকিয়া হৈছে শ্বাহৰুখ-গৌৰীৰ। মানসিক ভাৱে ভাগি পৰিছে দুয়ো। ছলমান খান, কৰণ জোহৰ, প্ৰীতি জিণ্টাৰ দৰে অনেক চেলিব্ৰেটীয়ে এতিয়া মানসিক শক্তি যোগাবলৈ শ্বাহৰুখ-গৌৰীৰ বাসভৱন 'মন্নত'লৈ অহা যোৱা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে