--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন ক্ষুধাতুৰৰ দেশত পৰিণত হৈছে ভাৰত। গোলকীয়া ক্ষুধা সূচকাংক বা গ্লোবেল হাংগাৰ ইনডেক্স-২০২১ত ভাৰতৰ অৱস্থানৰ অধিক অৱনতি ঘটিছে। চুবুৰীয়া বাংলাদেশ, পাকিস্তান, নেপাল, শ্ৰীলংকাতকৈও পিছ পৰিছে ভাৰত। শেহতীয়াকৈ প্ৰকাশিত গ্লোবেল হাংগাৰ ইনডেক্সৰ তালিকাত ভাৰতে লাভ কৰিছে ১০১সংখ্যক স্থান।

২০২০ চনত ভাৰত ৯৪সংখ্যক স্থানত আছিল যদিও এইবাৰ সেই স্থানৰ পৰাও ৭টা স্থান অৱনতি ঘটে ভাৰতৰ। ইয়াৰ বিপৰীতে চীন, ব্ৰাজিল, কুৱেইটকে ধৰি ১৮খন দেশে এই তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে। গ্লোবেল হাংগাৰ ইনডেক্স চমুকৈ জিএইচআই ৫তকৈ কম হোৱা ১৮খন দেশক দিয়া হৈছে তালিকাৰ শীৰ্ষ স্থান। বিশ্বৰ ১১৬খন দেশক এই তালিকাত স্থান দিয়া হৈছে। এই দেশসমূহত ক্ষুধা আৰু অপুষ্টিৰ হাৰ নিৰূপণৰ জৰিয়তে এই তালিকা প্ৰস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰিছে জিএইচআইৰ ৱেবছাইটত।

এই তালিকাৰ যুটীয়াভাৱে প্ৰস্তুত কৰিছে আইৰিছ সংস্থা ‘কনচাৰ্ন ৱাৰ্ল্ডৱাইড’ আৰু জাৰ্মানীৰ ‘ৱেল্ট হাংগাৰ হিলফে’-ই। সংস্থা দুটাই ২০২০ চনতে ভাৰতৰ ক্ষুধাৰ হাৰক ‘উদ্বেগজনক’ আখ্যা দিছিল। ১০৭খন দেশৰ ভিতৰত ২০২০ চনত ভাৰতৰ স্থান আছিল ৯৪। এতিয়া ১১৬খন দেশৰ তালিকাত ভাৰতৰ স্থান ১০১লৈ অৱনমিত হৈছে। ভাৰতৰ জিএইচআই স্কোৰ ২০২০-২১ চনত হৈছে ২৮.৮-২৭.৫শতাংশ।

শিশুৰ পুষ্টি, শিশুৰ স্বাস্থ্য, শিশুৰ মৃত্যুৰ হাৰ আদিকে ধৰি ভালেমান দিশ বিবেচনা কৰি এই সূচকাংক প্ৰস্তুত কৰা হয়। ‘ভাৰতত ক’ভিড-১৯ আৰু ক’ভিড-১৯ৰ সৈতে জড়িত বিভিন্ন বাধা-নিষেধৰ ফলত জনসাধাৰণ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ভাৰতত শিশুৰ দুৰ্দশাৰ হাৰো বিশ্বৰ ভিতৰতে সৰ্বাধিক বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰিছে। উল্লেখ্য যে, এই তালিকাত ভাৰতৰ চুবুৰীয়া নেপালৰ স্থান হৈছে ৭৬, বাংলাদেশৰ ৭৬, ম্যানমাৰৰ ৭১, পাকিস্তানৰ ৯২। এইবোৰ দেশৰ স্থিতিও ‘উদ্বেগজনক’ যদিও ভাৰতৰ তুলনাত এইবোৰ দেশ নাগৰিকক পুষ্টি যোগানৰ দিশৰ পৰা বহু উন্নত অৱস্থাত আছে বুলি প্ৰকাশ পাইছে প্ৰতিবেদনখনত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক