--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন ক্ষুধাতুৰৰ দেশত পৰিণত হৈছে ভাৰত। গোলকীয়া ক্ষুধা সূচকাংক বা গ্লোবেল হাংগাৰ ইনডেক্স-২০২১ত ভাৰতৰ অৱস্থানৰ অধিক অৱনতি ঘটিছে। চুবুৰীয়া বাংলাদেশ, পাকিস্তান, নেপাল, শ্ৰীলংকাতকৈও পিছ পৰিছে ভাৰত। শেহতীয়াকৈ প্ৰকাশিত গ্লোবেল হাংগাৰ ইনডেক্সৰ তালিকাত ভাৰতে লাভ কৰিছে ১০১সংখ্যক স্থান।

২০২০ চনত ভাৰত ৯৪সংখ্যক স্থানত আছিল যদিও এইবাৰ সেই স্থানৰ পৰাও ৭টা স্থান অৱনতি ঘটে ভাৰতৰ। ইয়াৰ বিপৰীতে চীন, ব্ৰাজিল, কুৱেইটকে ধৰি ১৮খন দেশে এই তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে। গ্লোবেল হাংগাৰ ইনডেক্স চমুকৈ জিএইচআই ৫তকৈ কম হোৱা ১৮খন দেশক দিয়া হৈছে তালিকাৰ শীৰ্ষ স্থান। বিশ্বৰ ১১৬খন দেশক এই তালিকাত স্থান দিয়া হৈছে। এই দেশসমূহত ক্ষুধা আৰু অপুষ্টিৰ হাৰ নিৰূপণৰ জৰিয়তে এই তালিকা প্ৰস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰিছে জিএইচআইৰ ৱেবছাইটত।

এই তালিকাৰ যুটীয়াভাৱে প্ৰস্তুত কৰিছে আইৰিছ সংস্থা ‘কনচাৰ্ন ৱাৰ্ল্ডৱাইড’ আৰু জাৰ্মানীৰ ‘ৱেল্ট হাংগাৰ হিলফে’-ই। সংস্থা দুটাই ২০২০ চনতে ভাৰতৰ ক্ষুধাৰ হাৰক ‘উদ্বেগজনক’ আখ্যা দিছিল। ১০৭খন দেশৰ ভিতৰত ২০২০ চনত ভাৰতৰ স্থান আছিল ৯৪। এতিয়া ১১৬খন দেশৰ তালিকাত ভাৰতৰ স্থান ১০১লৈ অৱনমিত হৈছে। ভাৰতৰ জিএইচআই স্কোৰ ২০২০-২১ চনত হৈছে ২৮.৮-২৭.৫শতাংশ।

শিশুৰ পুষ্টি, শিশুৰ স্বাস্থ্য, শিশুৰ মৃত্যুৰ হাৰ আদিকে ধৰি ভালেমান দিশ বিবেচনা কৰি এই সূচকাংক প্ৰস্তুত কৰা হয়। ‘ভাৰতত ক’ভিড-১৯ আৰু ক’ভিড-১৯ৰ সৈতে জড়িত বিভিন্ন বাধা-নিষেধৰ ফলত জনসাধাৰণ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ভাৰতত শিশুৰ দুৰ্দশাৰ হাৰো বিশ্বৰ ভিতৰতে সৰ্বাধিক বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰিছে। উল্লেখ্য যে, এই তালিকাত ভাৰতৰ চুবুৰীয়া নেপালৰ স্থান হৈছে ৭৬, বাংলাদেশৰ ৭৬, ম্যানমাৰৰ ৭১, পাকিস্তানৰ ৯২। এইবোৰ দেশৰ স্থিতিও ‘উদ্বেগজনক’ যদিও ভাৰতৰ তুলনাত এইবোৰ দেশ নাগৰিকক পুষ্টি যোগানৰ দিশৰ পৰা বহু উন্নত অৱস্থাত আছে বুলি প্ৰকাশ পাইছে প্ৰতিবেদনখনত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে