--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদাতিক দিৱস উপলক্ষে ভাৰতীয় জোৱানৰ কৰ্তব্য আৰু সাহসক প্ৰণাম জনায়। তেওঁ ভাৰতীয় সেনাৰ সৰ্ববৃহৎ যুদ্ধ শাখা ইনফেণ্ট্ৰিক শক্তি, বীৰত্ব আৰু কৰ্তব্যৰ প্ৰতীক হিচাপে নামকৰণ কৰি প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা বুলি অভিহিত কৰে।


PM Modi Greets Soldiers, Veterans On 78th Infantry Day

প্ৰতি বছৰে ২৭ অক্টোবৰত পদাতিক দিৱস পালন কৰা হয়। এইবাৰ উদযাপন কৰা হৈছে ৭৮তম পদাতিক দিৱস ৷ ইয়াৰ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰে যে "পদাতিক দিৱসত আমি সকলো জোৱান আৰু প্ৰাক্তন সেনাবাহিনীৰ অদম্য কৰ্তব্য আৰু সাহসক প্ৰণাম জনাইছো, যিসকলে আমাক সুৰক্ষা দিবলৈ সদায় সাজু। তেওঁলোকে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখত দৃঢ়তাৰে থিয় দিছে, যাতে আমাৰ দেশৰ নিৰাপত্তা অক্ষুণ্ণ থাকে। পদাতিক বাহিনী হৈছে আমাৰ শক্তি, সাহস আৰু কৰ্তব্যৰ প্ৰতীক, যিয়ে প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰে।"
Armed Forces Flag Day 2023: PM Modi, Defence Minister Rajnath Singh pay  tribute to brave soldiers on occasion | Hindustan Times

১৯৪৭ চনত ২৭ অক্টোবৰত ভাৰতীয় পদাতিক বাহিনীৰ প্ৰথমটো দল শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰে। এই পদাতিক বাহিনীয়ে তেতিয়া জম্মু-কাশ্মীৰ ৰাজ্যক আগ্ৰাসীসকলৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শিখ ৰেজিমেণ্টৰ এই বেটেলিয়নে জম্মু-কাশ্মীৰৰ জনসাধাৰণক পাকিস্তানী আদিবাসী আৰু পাকিস্তানী সেনাৰ কু-অভিপ্ৰায়ৰ পৰা ৰক্ষা কৰিছিল। এই সাহসী পদক্ষেপে পাকিস্তানৰ জম্মু-কাশ্মীৰ দখলৰ পৰিকল্পনাক বিফল কৰি পেলালে ৷

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘‘ভাৰতীয় পদাতিক দিৱসত সকলো জোৱানলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পদাতিক বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ সাহস আৰু ত্যাগ আমাৰ সকলোৰে বাবে এক প্ৰেৰণা। ভাৰতবৰ্ষই নিজৰ সাহসী পদাতিক সৈন্যক লৈ গৌৰৱ কৰে ৷ এই কথা জনাটো উচিত যে পদাতিক বাহিনীক যুদ্ধৰ ৰাণী বুলিও কোৱা হয় আৰু ইয়াৰ আৰম্ভণি মানৱ ইতিহাসৰ প্ৰথম যুদ্ধৰ পৰাই বুলি গণ্য কৰা হয়।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
Advertisement