--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্য হিন্দু কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মহেশ লংগাৰ বিৰুদ্ধে গুজৰাট মেৰিটাইম ব’ৰ্ডৰ গোপনীয় নথি-পত্ৰ ৰখাৰ অভিযোগত ৰুজু হৈছে এক গোচৰ৷ তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিবৰ বাবে গোচৰ ৰুজু হোৱাৰ কিছুদিন পাছতে দ্য হিন্দু সম্পাদক সুৰেশ নামবাথে গুজৰাট আৰক্ষীক আহ্বান জনাইছিল৷ 

উল্লেখযোগ্য যে সামগ্ৰী আৰু সেৱা কৰ ফাঁকিৰ অভিযোগত ন্যায়িক জিম্মাত আছে  জ্যেষ্ঠ সাংবাদিক মহেশ লংগাৰ৷এইটো তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা দ্বিতীয়টো গোচৰ।  শেহতীয়াকৈ জিএমবিৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰাৰ বিপৰীতে জিএছটি চোৰাংচোৱা সঞ্চালকালয়ৰ অভিযোগৰ ভিত্তিত প্ৰথমটো এফআইআৰ দাখিল কৰা হৈছিল। ২২ অক্টোবৰত গান্ধীনগৰৰ ছেক্টৰ-৭ থানাত দ্বিতীয়টো এফআইআৰ ৰুজু হৈছিল আৰু যোৱা ৭ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিক গৰাকীক৷

দ্য হিন্দুৰ সম্পাদক নামবাথে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উল্লেখ কৰে যে সংবাদ কৰ্মীসকলে কৰ্মৰ খাতিৰত ৰাখি চৰকাৰী বা গোপনীয় নথি-পত্ৰ আদি জনস্বাৰ্থৰ প্ৰতি লক্ষ্যৰাখি চাব লগীয়া হয় বা পঢ়াটো অত্যাবশ্যকীয় হৈ পৰে তেনে পৰিপ্ৰেক্ষিতত এনে নথি-পত্ৰ ৰখা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাটো সাংবাদিকতাৰ কাম আৰু মৌলিক অধিকাৰ খৰ্ব কৰি জনস্বাৰ্থৰ ক্ষতি কৰা বুলি  উল্লেখ কৰে। ইয়াৰ প্ৰতি লক্ষ্যৰাখি গুজৰাট আৰক্ষীক মহেশলংগাৰ বিৰুদ্ধে গোপনীয় নথি-পত্ৰ ৰখাৰ সৈতে জড়িত অভিযোগ উঠাই ল’বৰ বাবে আহ্বান জনাইছে।

‘জিএমবিৰ কিছু নথি-পত্ৰ ৰখা’ৰ বাবে লংগাৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা এফআইআৰক লৈ উদ্বেগ প্ৰকাশ কৰি নামবাথে এটা পোষ্টত লিখিছে, ‘গান্ধীনগৰৰ আৰক্ষী অধীক্ষকে কৈছিল যে অনলাই এফআইআৰক ‘সংবেদনশীল’ হিচাপে শ্ৰেণীভুক্ত কৰাৰ বাবে জনসাধাৰণৰ বাবে উপলব্ধ নাছিল। এইটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছিল

এই সন্দৰ্ভত গান্ধীনগৰৰ অধীক্ষক ৰবি তেজা ভাছামছেট্টীয়ে, জিএমবিৰ অভিযোগৰ ভিত্তিত এই এফআইআৰ পঞ্জীয়ন কৰা হৈছে। নিজৰ ইচ্ছামতে এফআইআৰ দাখিল কৰা নাই,দাবীসমূহৰ তদন্ত কৰাটো আমাৰ কৰ্তব্য বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম