--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্য হিন্দু কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মহেশ লংগাৰ বিৰুদ্ধে গুজৰাট মেৰিটাইম ব’ৰ্ডৰ গোপনীয় নথি-পত্ৰ ৰখাৰ অভিযোগত ৰুজু হৈছে এক গোচৰ৷ তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিবৰ বাবে গোচৰ ৰুজু হোৱাৰ কিছুদিন পাছতে দ্য হিন্দু সম্পাদক সুৰেশ নামবাথে গুজৰাট আৰক্ষীক আহ্বান জনাইছিল৷ 

উল্লেখযোগ্য যে সামগ্ৰী আৰু সেৱা কৰ ফাঁকিৰ অভিযোগত ন্যায়িক জিম্মাত আছে  জ্যেষ্ঠ সাংবাদিক মহেশ লংগাৰ৷এইটো তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা দ্বিতীয়টো গোচৰ।  শেহতীয়াকৈ জিএমবিৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰাৰ বিপৰীতে জিএছটি চোৰাংচোৱা সঞ্চালকালয়ৰ অভিযোগৰ ভিত্তিত প্ৰথমটো এফআইআৰ দাখিল কৰা হৈছিল। ২২ অক্টোবৰত গান্ধীনগৰৰ ছেক্টৰ-৭ থানাত দ্বিতীয়টো এফআইআৰ ৰুজু হৈছিল আৰু যোৱা ৭ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিক গৰাকীক৷

দ্য হিন্দুৰ সম্পাদক নামবাথে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উল্লেখ কৰে যে সংবাদ কৰ্মীসকলে কৰ্মৰ খাতিৰত ৰাখি চৰকাৰী বা গোপনীয় নথি-পত্ৰ আদি জনস্বাৰ্থৰ প্ৰতি লক্ষ্যৰাখি চাব লগীয়া হয় বা পঢ়াটো অত্যাবশ্যকীয় হৈ পৰে তেনে পৰিপ্ৰেক্ষিতত এনে নথি-পত্ৰ ৰখা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাটো সাংবাদিকতাৰ কাম আৰু মৌলিক অধিকাৰ খৰ্ব কৰি জনস্বাৰ্থৰ ক্ষতি কৰা বুলি  উল্লেখ কৰে। ইয়াৰ প্ৰতি লক্ষ্যৰাখি গুজৰাট আৰক্ষীক মহেশলংগাৰ বিৰুদ্ধে গোপনীয় নথি-পত্ৰ ৰখাৰ সৈতে জড়িত অভিযোগ উঠাই ল’বৰ বাবে আহ্বান জনাইছে।

‘জিএমবিৰ কিছু নথি-পত্ৰ ৰখা’ৰ বাবে লংগাৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা এফআইআৰক লৈ উদ্বেগ প্ৰকাশ কৰি নামবাথে এটা পোষ্টত লিখিছে, ‘গান্ধীনগৰৰ আৰক্ষী অধীক্ষকে কৈছিল যে অনলাই এফআইআৰক ‘সংবেদনশীল’ হিচাপে শ্ৰেণীভুক্ত কৰাৰ বাবে জনসাধাৰণৰ বাবে উপলব্ধ নাছিল। এইটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছিল

এই সন্দৰ্ভত গান্ধীনগৰৰ অধীক্ষক ৰবি তেজা ভাছামছেট্টীয়ে, জিএমবিৰ অভিযোগৰ ভিত্তিত এই এফআইআৰ পঞ্জীয়ন কৰা হৈছে। নিজৰ ইচ্ছামতে এফআইআৰ দাখিল কৰা নাই,দাবীসমূহৰ তদন্ত কৰাটো আমাৰ কৰ্তব্য বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়