--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা জয়ন্তী প্ৰতি বছৰে ১৭ ছেপ্টেম্বৰত পালন কৰা হয় যদিও এইবেলি বিশ্বকৰ্মা পূজা ১৮ ছেপ্টম্বৰ অৰ্থাৎ আজি পালন কৰা হয়। হিন্দুধৰ্মত বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ব্ৰক্ষ্মাজীৰ সপ্তম পুত্ৰ ভগৱান বিশ্বকৰ্মাৰ জন্ম হয়। ভগৱান বিশ্বকৰ্মাক বিশ্বৰ প্ৰথম স্থপতিবিদ হিচাপে গণ্য কৰা হয়। তেওঁক দেৱশিল্পী বুলিও কোৱা হয়, ভগৱান বিশ্বকৰ্মাৰ জন্মদিনত শিল্পী, শিপিনী, যিকোনো যন্ত্ৰৰ কাম কৰা মানুহে বিশ্বকৰ্মা পূজা কৰি কৰ্মৰ দক্ষতা আৰু অগ্ৰগতিৰ বাবে আশীৰ্বাদ বিচাৰে। বিশ্বকৰ্মা জয়ন্তীৰ দিনা ৰবি যোগো গঠন হৈছে। সেয়েহে এইবেলি বিশ্বকৰ্মা পূজা অত্যন্ত ফলদায়ক বুলি কোৱা হৈছে। এই দিনটোত ৰাশি অনুযায়ী কৰা কিছু প্ৰতিকাৰৰ দ্বাৰা বিশেষ ফল পোৱাৰ লগতে ব্যৱসায়ৰ লগতে জীৱনত লাভান্বিত হ’ব। 
গতিকে ৰাশি অনুযায়ী বিশ্বকৰ্মা পূজাৰ প্ৰতিকাৰসমূহ জানো আহক...

মেষ:-বিশ্বকৰ্মা পূজাৰ দিনটো মেষ ৰাশিৰ লোকসকলে কেশৰ ৰঙৰ কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব।

বৃষ:-বৃষ ৰাশিৰ জাতক-জাতিকাসকলে ভগৱান বিশ্বকৰ্মাৰ পাঠ জপ কৰি শ্ৰীকুবেৰৰ ১১টা ব্ৰীজমন্ত্ৰ জপ কৰিলে আকাংক্ষিত ফল লাভ কৰিব।

মিথুন:-মিথুন ৰাশিৰ লোকে বিশ্বকৰ্মা পূজাৰ দিনা কুষ্ঠ ৰোগীক পানীয় বিতৰণ কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত অহা সকলো সমস্যা নাইকিয়া হ’ব।

কৰ্কট:-কৰ্কট ৰাশিৰ লোকে বিশ্বকৰ্মা পূজা দিনা দৰিদ্ৰ লোকৰ মাজত বগা যিকোনো সামগ্ৰী বিতৰণ কৰিলে শুভফল লাভ কৰিব।

সিংহ:-সিংহ ৰাশিৰ লোকসকলে বিশ্বকৰ্মা পূজাৰ দিনা স্নান কৰি ভগৱান সূৰ্য্যক পানী আগবঢ়োৱাৰ লগতে পানীত সেন্দূৰ, ৰঙা ফুল আৰু গুৰ দি অৰ্ঘ্য দিলে লাভান্বিত হ’ব।

কন্যা:-কন্যা ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কুমাৰী ছোৱালীক লাড়ু খুওৱাব পাৰে। ইয়াৰ ফলত ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব।

তুলা:-তুলা ৰাশিৰ লোকসকলে বিশ্বকৰ্মাৰ ১০৮টা নাম জপ কৰাৰ লগতে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আকাংক্ষিত ফল লাভ কৰিব।

বৃশ্চিক:-বৃশ্চিক ৰাশিৰ লোকসকলে বিশ্বকৰ্মা পূজাৰ দিনা গৰুক সেউজীয়া খাদ্য খুওৱাব পাৰে। ইয়াৰ ফলত ব্যৱসায়ত লাভান্বিত হ’ব।

ধনু:-ধনু ৰাশিৰ লোকসকলে এই দিনটোত দৰিদ্ৰ লোকক সেউজীয়া শস্য দান কৰিলে উচিত ফল পাব।

মকৰ:-মকৰ ৰাশিৰ জাতক-জাতিকাসকলে বিশ্বকৰ্মা পূজাৰ দিনা নিয়ম অনুসৰি পূজা কৰাৰ সময়ত একেলগে গায়ত্ৰী মন্ত্ৰ জপ কৰিব সুফল পাব।

কুম্ভ:-বিশ্বকৰ্মা জয়ন্তীৰ দিনা কুম্ভ ৰাশিৰ লোকসকলে পবিত্ৰ গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে। লগতে সকলো ব্যৱসায়িক সঁজুলি চেনিটাইজ কৰি পূজা-অৰ্চনা কৰক।

মীন:-মীন ৰাশিৰ লোকসকলে ভগৱান বিশ্বকৰ্মাক পূজা কৰাৰ লগতে নাৰায়ণৰ পূজা কৰিলে লাভান্বিত হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ