--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সমগ্ৰ দেশৰ অসামৰিক কৰ্মচাৰীসকলে তেওঁলোকৰ নেতৃত্বৰ অনুশীলনত নিৰ্দিষ্ট পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি আই গ’ট (iGOT) কৰ্মযোগী মঞ্চত লিপিবদ্ধ কৰিব নিটি আয়োগে

ডিজিটেল ডেস্ক: কেবিনেট সচিব ড০ টি ভি সোমনাথনে ১৭ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত নিটি আয়োগে আয়োজন কৰা ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালাৰ সামৰণি অধিৱেশনত আই গ'ট কৰ্মযোগী মঞ্চত কৰ্মযোগী সংকল্প মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে পঁচিশ বছৰ সম্পূৰ্ণ কৰাৰ পাছত নিটি আয়োগে আয়োজন কৰা পাঁচখন ৰাষ্ট্ৰীয় কৰ্মশালা শৃংখলাৰ এইখন প্ৰথম কৰ্মশালা।


কৰ্মযোগী সংকল্পৰ অধীনত প্ৰতিগৰাকী অসামৰিক বিষয়াই নিজৰ নেতৃত্বৰ অনুশীলনত এক নিৰ্দিষ্ট পৰিৱৰ্তন অনাৰ বাবে একোটাকৈ সংকল্প নথিভুক্ত কৰে। এই সংকল্পত বিষয়াগৰাকীয়ে ক'ত কাম কৰিব, তেওঁ কি নেতৃত্বৰ গুণাৱলী গঢ়ি তুলিব, নাগৰিকে কি পৰিৱৰ্তন দেখিবলৈ পাব আৰু বিষয়াগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব, সেই বিষয়ে উল্লেখ থাকে। শুভাৰম্ভণিৰ সময়ত ভাৰত মণ্ডপমত উপস্থিত থকা অংশগ্ৰহণকাৰীসকল আৰু আই-গ’ট কৰ্মযোগী মঞ্চৰ জৰিয়তে যোগদান কৰা বিষয়াসকলে তেওঁলোকৰ সংকল্পসমূহ নথিভুক্ত কৰে।


চৰকাৰী বিষয়াসকলৰ প্ৰতিশ্ৰুতিবোৰ কৰ্মযোগী ভাৰতে অনুসৰণ কৰিব আৰু মন্ত্ৰালয়, ৰাজ্য চৰকাৰ তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে এই সংকল্প আগুৱাই নিয়া হ'ব। ২০২৬ বৰ্যৰ ২৫ ডিচেম্বৰৰ ভিতৰত এই মঞ্চত ২৫,০০০ প্ৰতিশ্ৰুতি নথিভুক্ত কৰাৰ লক্ষ্যৰে এই সংকল্প আগুৱাই নিয়া হ'ব। ২৫ ডিচেম্বৰৰ দিনটো দেশত সুশাসন দিৱস হিচাপে পালন কৰা হয়।


প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি. কে. মিশ্ৰৰ উদ্বোধনী মূল ভাষণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছত ২০০১ চনৰ ভূমিকম্পৰ পাছত কচ্ছৰ পুনৰ্নিৰ্মাণ, ক’ভিড-১৯ৰ প্ৰতি সঁহাৰি, লাখপতি দিদি আৰু মহাকাশ অৰ্থনীতি মুকলি কৰাৰ সন্দৰ্ভত প্ৰত্যক্ষ অভিজ্ঞতাৰ বিৱৰণ দাঙি ধৰা হয়। 'কেছ ক্লিনিক'ত প্ৰতিটো দলে নিজৰ নিৰ্ধাৰিত খণ্ডৰ এটা সিদ্ধান্তৰ বিষয়ে পৰীক্ষা কৰে; য’ত সিদ্ধান্তটোত জনস্বাৰ্থৰ বাবে কি প্ৰয়োজন আছিল, ইয়াৰ বিৰুদ্ধে কি কি প্ৰত্যাহ্বান আছিল আৰু ৰূপায়ণৰ জৰিয়তে সিদ্ধান্তটোক কেনেকৈ ইয়াৰ মূল উদ্দেশ্যত অটল কৰি ৰখা হৈছিল সেই বিষয়ে বিবেচনা কৰা হয়।


বিকশিত ভাৰতৰ বাবে নেতৃত্ব" শীৰ্ষক এক পেনেল আলোচনাৰ সঞ্চালনা কৰে নিটি আয়োগৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বি.ভি.আৰ. সুব্ৰমণিয়ামে। এই আলোচনাত পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰে উত্তৰ প্ৰদেশ চৰকাৰৰ নগৰ উন্নয়ন আৰু শক্তি বিভাগৰ কেবিনেট মন্ত্ৰী অৰবিন্দ কুমাৰ শৰ্মা, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদৰ অধ্যাপক বিশাল গুপ্তা, নাছকমৰ প্ৰাক্তন অধ্যক্ষা তথা নিটি আয়োগৰ বিশিষ্ট ফেলো দেৱযানী ঘোষ আৰু উত্তৰ প্ৰদেশৰ হৰদৈৰ যুটীয়া দণ্ডাধীশ নাৰায়ণী ভাটিয়াই।


পেনেলিষ্টসকলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ নীতি আৰু বিকশিত ভাৰত ২০৪৭ ৰ দৃষ্টিভংগী প্ৰাপ্ত কৰাৰ প্ৰাসংগিকতাৰ বিষয়ে তেওঁলোকৰ চিন্তাধাৰা প্ৰকাশ কৰে।


শ্ৰী অৰবিন্দ কুমাৰ শৰ্মাই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত প্ৰশাসনৰ দৃষ্টান্তমূলক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি নতুন প্ৰক্ৰিয়া সৃষ্টি কৰা, প্ৰতিষ্ঠান আৰু মানৱ সম্পদৰ সক্ষমতা গঢ়ি তোলা তথা স্থানীয় সম্প্ৰদায়ক বিকাশৰ কেন্দ্ৰত ৰখাৰ দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


অধ্যাপক বিশাল গুপ্তাই উচ্চাকাংক্ষী লক্ষ্যৰ ওপৰত বিশ্বাস জগাই তোলাৰ প্ৰধানমন্ত্ৰীৰ সামৰ্থ্যৰ ওপৰত আলেকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ৰাজনৈতিক সদিচ্ছা প্ৰশাসনিক সংস্কাৰৰ সৈতে একেলগে যাব লাগিব। তেওঁ সেৱা ভৱক নেতৃত্বৰ এক সংজ্ঞাবদ্ধ নীতি হিচাপে আলোকপাত কৰে।


দেৱযানী ঘোষে গুৰুত্ব আৰোপ কৰে যে প্ৰযুক্তিক মানুহ আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱৰ দ্বাৰা পৰিমাপ কৰা হ'ব লাগিব। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ কেন্দ্ৰত মানৱ-কেন্দ্ৰিক স্থান দিবলৈ আহ্বান জনায় যাতে উদ্ভাৱন অৰ্থপূৰ্ণ সামাজিক পৰিৱৰ্তনলৈ ৰূপান্তৰিত হয়।


নাৰায়ণী ভাটিয়াই প্ৰধানমন্ত্ৰীৰ পাৰ্শ্বীয় চিন্তাধাৰা, আন্তঃসংযোজিত সুযোগবোৰ চিনাক্ত কৰাৰ সামৰ্থ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বিশেষভাৱে প্ৰধানমন্ত্ৰীৰ গভীৰ শ্ৰৱণ আৰু সহানুভূতিৰ অনুশীলনৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে যুৱ আমোলাকে ধৰি আন আন লোকসকলক তেওঁলোকৰ দৃষ্টিভংগী শ্বেয়াৰ কৰাৰ সুযোগ দিয়াটো তেওঁৰ নেতৃত্বৰ আটাইতকৈ মূল্যৱান গুণ।


এপ্লিকেচন ক্লিনিকত, চৰকাৰী বিষয়াসকলে অংশগ্ৰহণকাৰী বিষয়াসকলৰ বৰ্তমানৰ নিযুক্তিৰ পৰা নেতৃত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ কেছ ক্লিনিকৰ পৰা পোৱা শিক্ষা প্ৰয়োগ কৰিছিল।


সামৰণি অধিৱেশনত, নিটি আয়োগৰ সদস্য ড০ আৰ বালাসুব্ৰমনিয়মে দিনটোৰ কাৰ্যাৱলীৰ পুনৰাবৃত্তি উপস্থাপন কৰে। ইয়াৰ উপৰি, বিভিন্ন গোটে দূৰৱৰ্তী জনজাতীয় বসতিবোৰত প্ৰসূতিৰ যত্ন অনুসৰণ আৰু বৰ্তাই ৰখাৰ লক্ষ্যৰে এএছআৰ সাথী - সুৰক্ষিত প্ৰসৱপূৰ্ব সহায়তাৰ সৈতে সম্পৰ্কিত প্ৰত্যাহ্বানৰ বাবে তেওঁলোকৰ আৱেদন দাখিল কৰে; অসংক্ৰামক ৰোগৰ বাবে সাৰ্বজনীন স্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ বাবে সম্পূৰ্ণ বা নিশ্চিত ৰোগী প্ৰেৰণ ব্যৱস্থা কাৰ্যকৰী কৰা; প্ৰতিটো সৰস মেলাত বছৰজুৰি ক্ৰেতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা যাতে আত্মসহায়ক গোটৰ উদ্যোগবোৰে লাখপতি দিদিৰ উপাৰ্জন বজাই ৰাখিব পাৰে; আৰু এছবিএম-জি-ৰ অধীনত বৰ্জিত পানী ব্যৱস্থাপনা সম্পদৰ প্ৰাৰম্ভিক আৰু দীৰ্ঘম্যাদী কাৰ্যকাৰিতা নিশ্চিত কৰা।


সামৰণি মন্তব্যত, কেবিনেট সচিব ড০ টি ভি সোমনাথনে কয় যে নেতৃত্বৰ পাঠ শৈক্ষিক পাঠ্যক্ৰম আৰু গৱেষণাৰ জৰিয়তে অধ্যয়ন কৰিব পাৰি, কিন্তু দক্ষ নেতাসকলক পৰ্যবেক্ষণ আৰু তেওঁলোকৰ সৈতে কাম কৰিহে আটাইতকৈ মূল্যৱান শিক্ষা আহৰণ কৰিব পাৰি । মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে নেতাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি তেওঁ অসামৰিক কৰ্মচাৰীসকলে গ্ৰহণ কৰিব পৰা মুখ্য প্ৰশাসনিক নেতৃত্বৰ অনুশীলনৰ বিষয়ে উল্লেখ কৰে। কৰ্মযোগী সংকল্পই কৰ্মশালাৰ শিক্ষা ক্ষেত্ৰলৈ লৈ যাব। ড০ সোমনাথনে দক্ষ নেতাসকলৰ অভিজ্ঞতাৰ জৰিয়তে কাৰ্যকৰী নেতৃত্ব ভালদৰে বুজিব পাৰি বুলি মত প্ৰকাশ কৰে আৰু তেওঁলোকৰ প্ৰশাসনিক দক্ষতাৰ পৰা শিকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।


তেওঁ লগতে কয় যে ফলপ্ৰসূ প্ৰশাসনিক নেতৃত্ব হৈছে উদ্দেশ্যপূৰ্ণ প্ৰশ্ন, সক্ৰিয় শ্ৰৱণ, নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ, দায়বদ্ধতা আৰু সঠিক প্ৰক্ৰিয়া অনুসৰণৰ জৰিয়তে দৃষ্টিভংগীক পৰিমাপযোগ্য ফলাফললৈ ৰূপান্তৰিত কৰা।


গোটবোৰৰ বিশ্লেষণ কেছ ৰাইটাৰসকলৰ দ্বাৰা কেছ ষ্টাডিলৈ বিকশিত কৰা হ'ব, যাক অসামৰিক কৰ্মচাৰী আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ব্যৱহাৰৰ বাবে আই গ'ট কৰ্মযোগী মঞ্চত প্ৰকাশ কৰা হ'ব। প্ৰতিটো গোটে প্ৰস্তুত কৰা আবেদন আঁচনি আৰু কৰ্মযোগী সংকল্পৰ অধীনত নথিভুক্ত কৰা প্ৰতিশ্ৰুতিয়ে কৰ্মশালাৰ শিক্ষাক ক্ষেত্ৰলৈ লৈ যাব। শৃংখলাটোৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় কৰ্মশালা, ‘প্ৰৱৰ্তন হিচাপে শাসন’ বিষয়বস্তুৰে ২০২৭ বৰ্ষৰ জানুৱাৰীত অনুষ্ঠিত হ'ব। নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অনুৰাগ জৈনে ধন্যবাদ জ্ঞাপন কৰি কৰ্মশালাখন সমাপ্ত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী