--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰীক প্ৰেম আৰু ৰোমাঞ্চৰ মাহ বুলি কোৱা হয়। ফেব্ৰুৱাৰী মাহে যুৱক-যুৱতীৰ হৃদয়লৈ সম্ভাৱনা আৰু আশা কঢ়িয়াই আনে। এই মাহত মানুহে প্ৰেম উদযাপন কৰিব বিচাৰে কাৰণ ১৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় প্ৰেমৰ দিৱস ভেলেণ্টাইন দে। ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে ভেলেণ্টাইন উইক পালন কৰে প্ৰেমাকুল হৃদয়ৰ লোকসকলে। ৭ ফেব্ৰুৱাৰীত ৰ'জ দে হিচাপে পালন কৰা হয় আৰু ৮ ফেব্ৰুৱাৰীৰ দিনটো প্ৰ'পজ দে অৰ্থাৎ 'প্ৰস্তাৱ দিৱস' হিচাপে পালন কৰা হয়। প্ৰ'পজ দে উদযাপন কৰাৰ আঁৰত কোনো ঐতিহাসিক কাহিনী নাই। পশ্চিমীয়া সংস্কৃতিত প্ৰ'পজ দে বহু বছৰ আগৰে পৰা উদযাপন কৰি অহা হৈছে। এতিয়া ইয়াক বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে আধুনিক ধৰণে উদযাপন কৰা হয়। বহু মানুহে ভালপোৱাজনক হৃদয়ৰ প্ৰস্তাৱ দিবলৈ অলপ ভয় খায়। এই ভয়ৰ বাবেই বহুতে ভালপোৱা মনৰ মাজতে সামৰি থয়, কেতিয়াও মনে বিচৰাজনক ভালপোৱাৰ প্ৰস্তাৱ দিয়া নহয়গৈ। এই সমস্যাৰ সমাধান স্বৰূপেই প্ৰ'পজ দে'ৰ আৰম্ভণি হয় বুলি ভবা হয়। প্ৰ'পজ দে'ত সকলোৱে মনৰ কথা খুলি কোৱাৰ সাহস পায়, লাগিলেই সেই ভালপোৱাৰ প্ৰস্তাৱ ভাললগাজনে গ্ৰহণ কৰকেই বা নকৰক। বহু মানুহে সেয়ে ভালপোৱাৰ প্ৰস্তাৱ দিবৰ বাবে ৮ ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰি থাকে। ফেব্ৰুৱাৰী মাহ হৈছে প্ৰেম প্ৰকাশৰ বাবে সৰ্বশ্ৰেষ্ঠ সময়। প্ৰ'পজ দে সদায় ৰ'জ দে'ৰ পিছত উদযাপন কৰা হয়। এপাহি গোলাপ ফুলত সোমাই থাকে মানুহৰ হৃদয়ৰ অলেখ মৰম। সেয়েহ ৰ'জ দে'ৰ পাছদিনাই প্ৰ'পজ দে উদযাপন কৰাৰ প্ৰথা প্ৰচলিত হয়। প্ৰ'পজ দে এনে এটা দিন য'ত কোনোবাই তেওঁৰ প্ৰেমিক-প্ৰেমিকা বা বন্ধুৰ সৈতে মনৰ কথা বিনা সংকোচে ক'ব পাৰে। প্ৰ'পজ দে'ত যুৱক-যুৱতীসকলে তেওঁলোকৰ প্ৰিয়জনক প্ৰভাৱিত কৰিবলৈ অতি ৰোমান্টিক উপায়েৰে প্ৰেমৰ প্ৰস্তাৱ দিয়ে। এই দিনটোত কোনোবাই আঁঠুৰ ওপৰত বহি ৰঙা গোলাপ এপাহ লৈ প্ৰস্তাৱ দিয়ে। কোনোবাই নিজৰ প্ৰিয় সংগীক গ্ৰীটিং কাৰ্ড এখনেৰে প্ৰস্তাৱ দিয়ে। কেৱল এয়াই নহয়, কোনোবাই তেওঁৰ সংগীক এটা গান গাই আৰু শ্যায়েৰী আবৃত্তি কৰিও প্ৰস্তাৱ দিয়ে। ছ'চিয়েল মিডিয়াৰ যুগত মানুহে গেজেট, ফটো, ৱালপেপাৰ, মেছেজ প্ৰেৰণ কৰিও প্ৰস্তাৱ দিয়ে। প্ৰ'পজ দে অতি উৎসাহেৰে উদযাপন কৰা হয়। এই দিনটো কেৱল নতুনকৈ প্ৰেমৰ সম্পৰ্কত বান্ধ খোৱা যুৱক-যুৱতীৰ বাবেই বিশেষ নহয়, যিসকল ইতিমধ্যে বহু আগৰে পৰা প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকেও এই দিনটোত তেওঁলোকৰ প্ৰেম প্ৰকাশ কৰিবলৈ এৰি নিদিয়ে কিয়নো এনে কৰাৰ দ্বাৰা তেওঁলোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ পৰে। এই দিনটোত বহু যুৱক-যুৱতীয়ে এটা সুন্দৰ উপহাৰৰ সৈতে প্ৰিয়জনক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। এই দিনটোত বহুতো নতুন যোৰা গঠন হয়। যদি আপুনি এতিয়ালৈকে মনে বিচৰাজনক আপোনাৰ হৃদয়ৰ কথা কোৱা নাই, তেন্তে দেৰি নকৰি এই প্ৰ'পজ দেৰ দিনাই আপোনাৰ প্ৰিয়জনক খুলি কওঁক মনৰ কথা...হয়তো তেঁৱো বাট চাই আছে আপোনাৰ প্ৰস্তাৱৰ বাবেই। আৰু পঢ়কঃ ত্ৰিপুৰা চৰকাৰৰ ছন্দপতন ! দুই বিজেপি বিধায়কৰ কংগ্ৰেছত যোগদান

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ