--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এটা নিৰোগী জীৱন কটোৱাৰ সকলোৰে থাকে চেষ্টা৷ শৰীৰ ভালে ৰাখিবলৈ প্ৰথমে আমি খাদ্যৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব৷ শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াৰ থাইৰইড হৈছে এক অবিচ্ছেদ্য অংশ। ই হৈছে ডিঙিৰ তলত থকা পখিলা আকৃতিৰ গ্ৰন্থি। সঠিক পুষ্টি, চাপ আৰু অন্যান্য সমস্যা তথা দুৰ্বল জীৱনশৈলীৰ বাবে বহুলোকে অতি কম বয়সতে থাইৰইড সমস্যাৰ সন্মুখীন হয়। অৱশ্যে সঠিক পুষ্টিকৰ খাদ্যৰ দ্বাৰা আপুনি আপোনাৰ থাইৰইডৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। এই থাইৰইড সমস্যাক লৈ ইনষ্টাগ্ৰামত আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ দীক্ষা ভৱচাৰ চাৱালিয়াই বিশেষ ৫বিধ খাদ্যৰ বিষয়ে জানিবলৈ দিয়ে৷ পোষ্টটোত লিখা আছিল, "এই ৫বিধ ছুপাৰফুডে থাইৰইড স্বাস্থ্যৰ বাবে আশ্চৰ্যকৰ কাম কৰে (সকলো ধৰণৰ থাইৰইড ভাৰসাম্যহীনতাৰ বাবে- হাইপো, হাইপাৰ আৰু অটো ইমিউন)। আমলখি ডাঃ দীক্ষাৰ মতে, আমলখিত কমলাতকৈ আঠগুণ অধিক ভিটামিন চি আছে আৰু ডালিমৰ তুলনাত প্ৰায় ১৭গুণ। এইবিধ ফলটো সঁচাকৈয়ে ইয়াৰ চুপাৰফুডৰ মৰ্যাদাৰ যোগ্য। ই চুলিৰ বাবেও উপযোগী। পকা চুলি হ্ৰাস কৰে, উফি প্ৰতিৰোধ কৰে, চুলিৰ গুৰি শক্তিশালী কৰে আৰু মূৰৰ ছাললৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত চুলিৰ বিকাশ উন্নত হয় বুলি উল্লেখ কৰে। নাৰিকল নাৰিকল থাইৰইড ৰোগীৰ বাবে সৰ্বশ্ৰেষ্ঠ খাদ্য, সেয়া কেঁচা নাৰিকল হওঁক বা নাৰিকল তেল হওঁক। ই শৰীৰত মেটাপলিজিম শক্তি উন্নত কৰে৷ নাৰিকলত এমচিএফএ অৰ্থাৎমেডিয়াম চেইন ফেটি এচিড আৰু এমটিচি অৰ্থাৎ মেডিয়াম চেইন ট্ৰাইগ্লিচাৰাইড প্ৰচুৰ পৰিমাণে থাকে যি শৰীৰৰ বিপাক শক্তি উন্নত কৰাত সহায় কৰে। ৰঙালাওৰ বীজ চিকিৎসকৰ মতে যে ৰঙালাওৰ বীজবোৰো জিংকৰ এক সমৃদ্ধ উৎস৷ যি শৰীৰত অন্যান্য ভিটামিন আৰু খনিজ পদাৰ্থ শোষণ কৰাৰ লগতে শৰীৰত থাইৰইড হৰমনৰ সংশ্লেষণ আৰু ভাৰসাম্য বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ব্ৰাজিল বাদাম চেলেনিয়াম হৈছে এক মাইক্ৰ'নিউট্ৰিয়েণ্ট যি শৰীৰে থাইৰইড হৰমনৰ বিপাকৰ বাবে প্ৰয়োজন। টি৪ ক টি৩লৈ ৰূপান্তৰ কৰাৰ বাবে চেলেনিয়ামৰ প্ৰয়োজন আৰু ব্ৰাজিল বাদাম এই পুষ্টিৰ সৰ্বশ্ৰেষ্ঠ প্ৰাকৃতিক উৎস। মগুৰ দালি মগুৰ দালিত প্ৰ'টিন, এণ্টিঅক্সিডেণ্ট, জটিল কাৰ্বোহাইড্ৰেট আৰু ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। সেইবোৰত আঁহৰ পৰিমাণো অধিক, যি আপুনি কোষ্ঠকাঠিন্যত ভুগিলে লাভজনক হ'ব পাৰে৷ থাইৰইড ভাৰসাম্যহীনতাৰ এক সাধাৰণ লক্ষণ। বেছিভাগ বীনৰ দৰে মগুৰ দালিয়েও আয়ডিন প্ৰদান কৰে৷ সকলো বীনৰ মাজত হজম কৰিবলৈ আটাইতকৈ সহজ মগুৰ দালি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ