--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এটা নিৰোগী জীৱন কটোৱাৰ সকলোৰে থাকে চেষ্টা৷ শৰীৰ ভালে ৰাখিবলৈ প্ৰথমে আমি খাদ্যৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব৷ শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াৰ থাইৰইড হৈছে এক অবিচ্ছেদ্য অংশ। ই হৈছে ডিঙিৰ তলত থকা পখিলা আকৃতিৰ গ্ৰন্থি। সঠিক পুষ্টি, চাপ আৰু অন্যান্য সমস্যা তথা দুৰ্বল জীৱনশৈলীৰ বাবে বহুলোকে অতি কম বয়সতে থাইৰইড সমস্যাৰ সন্মুখীন হয়। অৱশ্যে সঠিক পুষ্টিকৰ খাদ্যৰ দ্বাৰা আপুনি আপোনাৰ থাইৰইডৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। এই থাইৰইড সমস্যাক লৈ ইনষ্টাগ্ৰামত আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ দীক্ষা ভৱচাৰ চাৱালিয়াই বিশেষ ৫বিধ খাদ্যৰ বিষয়ে জানিবলৈ দিয়ে৷ পোষ্টটোত লিখা আছিল, "এই ৫বিধ ছুপাৰফুডে থাইৰইড স্বাস্থ্যৰ বাবে আশ্চৰ্যকৰ কাম কৰে (সকলো ধৰণৰ থাইৰইড ভাৰসাম্যহীনতাৰ বাবে- হাইপো, হাইপাৰ আৰু অটো ইমিউন)। আমলখি ডাঃ দীক্ষাৰ মতে, আমলখিত কমলাতকৈ আঠগুণ অধিক ভিটামিন চি আছে আৰু ডালিমৰ তুলনাত প্ৰায় ১৭গুণ। এইবিধ ফলটো সঁচাকৈয়ে ইয়াৰ চুপাৰফুডৰ মৰ্যাদাৰ যোগ্য। ই চুলিৰ বাবেও উপযোগী। পকা চুলি হ্ৰাস কৰে, উফি প্ৰতিৰোধ কৰে, চুলিৰ গুৰি শক্তিশালী কৰে আৰু মূৰৰ ছাললৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত চুলিৰ বিকাশ উন্নত হয় বুলি উল্লেখ কৰে। নাৰিকল নাৰিকল থাইৰইড ৰোগীৰ বাবে সৰ্বশ্ৰেষ্ঠ খাদ্য, সেয়া কেঁচা নাৰিকল হওঁক বা নাৰিকল তেল হওঁক। ই শৰীৰত মেটাপলিজিম শক্তি উন্নত কৰে৷ নাৰিকলত এমচিএফএ অৰ্থাৎমেডিয়াম চেইন ফেটি এচিড আৰু এমটিচি অৰ্থাৎ মেডিয়াম চেইন ট্ৰাইগ্লিচাৰাইড প্ৰচুৰ পৰিমাণে থাকে যি শৰীৰৰ বিপাক শক্তি উন্নত কৰাত সহায় কৰে। ৰঙালাওৰ বীজ চিকিৎসকৰ মতে যে ৰঙালাওৰ বীজবোৰো জিংকৰ এক সমৃদ্ধ উৎস৷ যি শৰীৰত অন্যান্য ভিটামিন আৰু খনিজ পদাৰ্থ শোষণ কৰাৰ লগতে শৰীৰত থাইৰইড হৰমনৰ সংশ্লেষণ আৰু ভাৰসাম্য বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ব্ৰাজিল বাদাম চেলেনিয়াম হৈছে এক মাইক্ৰ'নিউট্ৰিয়েণ্ট যি শৰীৰে থাইৰইড হৰমনৰ বিপাকৰ বাবে প্ৰয়োজন। টি৪ ক টি৩লৈ ৰূপান্তৰ কৰাৰ বাবে চেলেনিয়ামৰ প্ৰয়োজন আৰু ব্ৰাজিল বাদাম এই পুষ্টিৰ সৰ্বশ্ৰেষ্ঠ প্ৰাকৃতিক উৎস। মগুৰ দালি মগুৰ দালিত প্ৰ'টিন, এণ্টিঅক্সিডেণ্ট, জটিল কাৰ্বোহাইড্ৰেট আৰু ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। সেইবোৰত আঁহৰ পৰিমাণো অধিক, যি আপুনি কোষ্ঠকাঠিন্যত ভুগিলে লাভজনক হ'ব পাৰে৷ থাইৰইড ভাৰসাম্যহীনতাৰ এক সাধাৰণ লক্ষণ। বেছিভাগ বীনৰ দৰে মগুৰ দালিয়েও আয়ডিন প্ৰদান কৰে৷ সকলো বীনৰ মাজত হজম কৰিবলৈ আটাইতকৈ সহজ মগুৰ দালি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু