--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক অভাৱনীয় দুৰ্যোগ আৰু দুৰ্ভাৱনাৰ মাজেৰে বিগত এছোৱা দীঘলীয়া সময় পাৰ কৰিছে বিশ্ববাসীয়ে। আমাৰ আপোন অসম ভূমিতো মহামাৰীৰ ত্ৰাস আৰু আগ্ৰাসনে একপ্ৰকাৰ স্থবিৰতা নমাই আনিছিল। আমাৰ সময় হৈ পৰিছিল স্তব্ধ। জীৱনৰ স্বাভাৱিক ছন্দ একপ্ৰকাৰ হেৰাই গৈছিল। সৰ্বদিশতে আছিল আতংক আৰু অনিশ্চয়তা। ইজনে-সিজনৰ কাষ চাপিব নোৱৰা, ইজনে-সিজনক আৱেগ-আন্তৰিকতাৰে আকোঁৱালি ল’ব নোৱৰা এই পৰিৱেশক ‘নিউ নৰ্মেল’ বুলি অভিহিত কৰিব খোজা হৈছিল যদিও এয়া কিন্তু অস্বাভাৱিকতা আৰু অবাঞ্চিত পৰিস্থিতিৰ বাহিৰে আন একো নাছিল।

আকাশ ঢাকি ধৰা অনিশ্চয়তা আৰু নিৰাশাৰ মেঘৰ মাজত দিগভ্ৰান্ত হৈ পৰিছিল আমাৰ আশাৰ কিৰণবোৰ। কিন্তু দিগভ্ৰান্তিৰ সেই দীঘল বাট পাৰ হৈ আহি এতিয়া আমাৰ সময়ে লাহে লাহে নিজৰ বৰণ ল’বলৈ আৰম্ভ কৰিছে। ইমানদিনে গোমা হৈ থকা মন ফৰকাল কৰিবলৈ আমাৰ প্ৰিয় ঋতু শৰৎ আহিছে। লাহে লাহে মুকলি হৈছে আকাশ। পোহৰৰ ৰং আৰু যেন উজ্জ্বল হৈ উঠিছে। পথাৰ উপচি পৰা শইচৰ সেউজীয়াই মন জুৰাই তুলিছে। নৈৰ পাৰৰ নিৰলে হালি থকা কঁহুৱাৰ শুভ্ৰতাই কথা পাতিছে আকাশেৰে উৰি যোৱা মেঘৰ থোপাটোৰ সৈতে।

এটা বছৰৰ বিৰতিৰ পাছত তেনে আশা আৰু উচ্ছ্বাসেৰেই এইবাৰ উদযাপন কৰিবলৈ লোৱা হৈছে শাৰদীয় দুৰ্গা পূজা। পূৰ্বৰ দৰে আড়ম্বৰপূৰ্ণভাৱে নহ’লেও খুব আটোম-টোকাৰিকৈ, সভক্তিৰে চলিছে পূজাৰ আয়োজন। আজি সপ্তমীৰ দিনটোত দেৱীক ভক্তি অঞ্জলিৰে দেৱীৰ চৰণযুগল ওপচাই দিবলৈ সাজু হৈছে সকলো ভক্ত। এতিয়া পবিত্ৰ মন্ত্ৰোচ্চাৰণ, মংগল বাদ্যৰ ধ্বনিয়ে সকলোৰে মন আৰু হৃদয়ত পবিত্ৰতাৰ আলোড়ন তুলিব। মন আকাশৰ ‘কলুষ-মেঘ’ আঁতৰাই উজ্জ্বল পোহৰেৰে হৃদয়ক আকৌ এবাৰ পোহৰ কৰি তুলিব এই পবিত্ৰতাৰ প্ৰতিধ্বনিয়ে। গোলকীয় ৰুগ্নতাই সৃষ্টি কৰা দীৰ্ঘদিনীয়া অনিশ্চয়তা আৰু গোমা পৰিৱেশ দেৱীৰ আগমনেই নাইকিয়া কৰি তুলিব বুলি সকলোৱে এতিয়া আশা কৰিছে আৰু এক নতুন উদ্যমেৰে দেৱীৰ বোধন কৰিছে।

দৈৱশক্তিৰ প্ৰতি পবিত্ৰ ভক্তি, নিঃচ্ছিদ্ৰ বিশ্বাস আৰু আস্থাই সদায়েই মানুহক সাহস আৰু প্ৰেৰণা দি আহিছে। দেৱী দুৰ্গা সকলো অসূয়া-অশান্তি, অস্থিৰতাৰ বিৰুদ্ধে এক শুভ শক্তিৰ প্ৰতিভূ। অন্যায়, অত্যাচাৰ দমনেৰে সমাজত শান্তি প্ৰতিষ্ঠা তথা সময়ৰ গতিক সুমিত-সুষমা দিয়াৰ বাবেই আৱিৰ্ভাৱ হৈছিল দেৱীৰ। আৰু এই উদ্দেশ্যৰেই তেওঁ প্ৰতিবাৰে মৰ্ত্যত পদাৰ্পন কৰি আহিছে আৰু ভক্তক সকলো ক্লেশ-ক্লান্তি, সংশয়, অনিশ্চয়তাৰ পৰা মুক্তি দিছে। এইবাৰো সেই আশাৰেই কৰা হৈছে দেৱী বন্দনাৰ অত আয়োজন। কিয়নো আমি আজি সন্মুখীন হোৱা আশাহীন পৰিস্থিতিৰ মাজৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰিব কেৱল দৈৱিক শক্তিয়েই। সেই নিৰন্ধ্ৰ বিশ্বাস, আস্থা আৰু আশাৰে আয়োজিত এইবাৰৰ দুৰ্গাপূজাৰ তাৎপৰ্য সেইবাবে পূ্ৰ্বতকৈও বেছি গভীৰ।

কোভিডসৃষ্ট পৰিৱেশে মানুহক শাৰীৰিক, মানসিক, আৰ্থিক সকলোধৰণে ক্ষতিগ্ৰস্ত কৰি তুলিছে। বিধ্বস্ত কৰি তুলিছে। পথ-পদপথক সৰু দোকানীজনৰ পৰা বৃহৎ শ্বপিং মল একোখনৰ স্বত্তাধিকাৰীলৈকে, চাহ-চিঙৰা বিক্ৰী কৰা লোকজনৰ পৰা বিলাসী ৰেঁস্তোৰালৈকে সকলোতে পৰিছে ইয়াৰ আবাঞ্চিত আৰু অশুভ প্ৰভাৱ। তাৎপৰ্যপূৰ্ণভাৱে এতিয়া পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছে আৰু দোকান বজাৰৰ পৰা চেনেমা হল, থিয়েটাৰলৈকে সকলো মুকলি হৈছে। নতুন উদ্যমেৰে সকলো সাজু হৈছে স্থবিৰ পৰিৱেশ এটাৰ পৰা মুক্ত হোৱাৰ বাবে।

এয়া নিসন্দেহে মোহময় শৰতে কঢ়িয়াই অনা এক শুভ সংবাদ। দেৱীৰ কৃপাই যেন ক্ৰমাৎ স্বাভাৱিক হ’বলৈ ধৰা আমাৰ সময়ৰ গতিক অধিক ত্বৰান্বিত কৰি তোলে। এনে দুৰ্যোগ অহাৰ বাট চিৰকাললৈ ৰুদ্ধ কৰি তেওঁ যেন সবাকে এক ভীতিহীন আৰু নিৰংকুশ জীৱনৰ অধিকাৰী কৰি তোলে। এই কামনাৰে সকলোলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৰে কুশল হওক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?