--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমৰ ৰঙীন পৃথিৱীত মতলীয়া দুই যুৱক। দুয়ো নিজৰ নিজৰ প্ৰেমিকাক লৈ সপোন ৰচাত ব্যস্ত। অ'ত ফুৰাবলৈ নিব..ত'ত খুৱাবলৈ নিব আদি কল্পনা কৰোতেই দিনটোৰ আধা সময় পাৰ হৈ দুয়োৰে। প্ৰেমিকাৰ মন ভাল লগাই থাকিবলৈ বহু কষ্ট কৰে এই দুই যুৱকে। এজনৰ নাম দীপক(১৯) আৰু এজনৰ নাম কৰণ (২৫)৷ যুৱক দুজনে প্ৰেমত ইমানেই মত্ত হৈ পৰিল যে অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰিলে৷ ঘটনাটো দিল্লীৰ।

দীপক আৰু কৰণে দুয়ো মিলি আলোচনা কৰিলে যে দুয়ো প্ৰেমিকাক গোৱালৈ ফুৰাবলৈ নিব৷ পৰিকল্পনা কৰিলে হয় কিন্তু হাতত নাই পইচা৷ উপায় নাপায় দুই বন্ধু নামিল চুৰি কাৰ্যত। গভাইত চোৰৰ দৰে দীপক আৰু কৰণে চুৰি কৰিলে চাৰিখন স্কুটী আৰু এখন বাইক। দিল্লী আৰক্ষীয়ে চুৰি কাৰ্যৰ তদন্ত কৰাৰ পিছত জালত পৰে দীপক আৰু কৰণ৷

আৰক্ষীয়ে দুয়োকে আটক কৰাৰ পিছত নগদ ৯৫০০ টকা আৰু দুটা চুৰি মোবাইল ফোনো জব্দ কৰে৷ আৰক্ষীৰ জেৰাত দুই প্ৰেমিকে স্বীকাৰ কৰে যে প্ৰেমিকাক সুখী কৰাৰ স্বাৰ্থতে এই বেয়া পথত ভৰি দিবলগীয়া হ'ল৷ প্ৰেমিকাক গোৱালৈ ফুৰাবলৈ নিয়া সপোন পৰিণত হল ফুটুকাৰ ফেনত…এতিয়া দুয়ো সোৱাদ লৈছে ৰঙাঘৰৰ ভাতৰ..হায় ৰে পাগল প্ৰেমিক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?