--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে আজিৰে পৰা আৰম্ভ হৈছে  জৰায়ুৰ কৰ্কট প্ৰতিৰোধী ভেকছিন প্ৰদানৰ কাম। দেশৰ বজাৰত আজিৰে পৰা অতি সহজে উপলব্ধ হৈছে এই ভেকছিন। মহিলাসকলৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন কৰ্কট ৰোগৰ ভিতৰত চতুৰ্থ স্থানত থকা জৰায়ুৰ কৰ্কটত আক্ৰান্ত হৈ প্ৰতি বছৰে বহু মহিলাই অকালতে মৃত্যুক সাৱটিবলগীয়া হৈছে। 

এতিয়াৰে পৰা সেই আশংকা ভালে খিনি দূৰ হ’ব বুলি আশা কৰা হৈছে। কিয়নো জৰায়ুৰ কৰ্কট প্ৰতিৰোধী ভেকছিন গ্ৰহণ কৰা মহিলাসকলৰ জৰায়ুৰ কৰ্কট হোৱাৰ আশংকা তেনেই কমি যাব। দৰাচলতে জৰায়ুৰ গাতে  লাগি থকা কোমল ছালসদৃশ অংশটোক  বিজ্ঞানৰ ভাষাত এণ্ডোমেট্ৰিয়াম বুলি কোৱা হয়।

এণ্ডোমেট্ৰিয়ামত কৰ্কট ৰোগৰ আক্ৰমণ  হ’লে সেই কৰ্কটক  এণ্ডোমেট্ৰিয়েল কাৰ্চিনোমা বা জৰায়ুৰ কৰ্কট  বুলি কোৱা  হয়। জৰায়ুৰ কৰ্কটৰ প্ৰধান লক্ষণ হৈছে জৰায়ুৰ ভিতৰৰপৰা ৰক্তক্ষৰণ হোৱা অথবা  বীজলুৱা তেজ মিহলি পনীয়া পদাৰ্থ নিৰ্গত হোৱা। কেতিয়াবা তলপেট ফুলা, তলপেটৰ বিষ, কঁকাল-পিঠি আদিত খোঁচ মাৰি ধৰা  ওজন হ্ৰাস পোৱা , বুকুৰ ধৰফৰ কৰা আদি লক্ষণেও দেখা দিব পাৰে।

জৰায়ুৰ কৰ্কট কৰ্কটৰোগৰ প্ৰথম ভেকছিন ১ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় বজাৰত উপলব্ধ হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ উপস্থিতিত বৃহস্পতিবাৰে বজাৰত ভেকছিনৰ আগমণ সম্পৰ্কে  আনুষ্ঠানিক ঘোষণা কৰা হ'ব।

পুনেৰ চিৰাম ইনষ্টিটিউটে কৰোনা ভেকছিন বিকশিত কৰি বিশ্বজুৰি কোভিড-১৯ ৰ বিস্তাৰ প্ৰতিহত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইবাৰ, আদাৰ পুনাৱালাৰ কোম্পানী চিৰামে বজাৰত জৰায়ুৰ কৰ্কট ৰোগৰ বাবে এটা ভেকছিন প্ৰস্তুত কৰি উলিয়াইছে। জৰায়ুৰ  কৰ্কট ৰোগৰ আঁৰত হিউমেন পেপিলোমা ভাইৰাছ (এইচপিভি) নামৰ এবিধ ভাইৰাছে ক্ৰিয়া কৰে।  

চিৰামৰ এই নতুন ভেকছিনে সেই ভাইৰাছবিধ প্ৰতিৰোধ কৰিবলৈ সক্ষম  হ'ব। কোভিড ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ এন কে অৰোৰাই কয়, "আমি অত্যন্ত সুখী যে আমাৰ ছোৱালীবোৰে অৱশেষত এই বহু প্ৰতীক্ষিত ভেকছিনটো লাভ কৰিবলৈ সক্ষম হৈছে।এই ভেকছিন অৱশেষত  ভাৰততে তৈয়াৰ হোৱা দেখি অধিক আনন্দিত হৈছো। মই আশা কৰোঁ যে ৯ ৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ টিকাকৰণ কাৰ্যসূচী সোনকালেই আৰম্ভ কৰা হ'ব। ''

উল্লেখ্য ৮৫  ৰ পৰা ৯০ শতাংশ মহিলাৰ  ক্ষেত্ৰত জৰায়ুৰ কৰ্কট এইচপিভি ভাইৰাছৰ ফলতেই হয়। চিৰামৰ ভেকছিনে শৰীৰত এই ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হ’ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ