--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমীয়া মানুহৰ ফুলৰ বাগিচাত প্ৰায়ে দেখা এবিধ ফুল হ'ল নাৰ্জী ফুল।  নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এবিধ উজ্জ্বল হালধীয়া ৰঙৰ ফুল। হালধীয়াৰ বাহিৰে অন্য ৰঙৰ নাৰ্জী ফুলো দেখা যায়। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে। নাৰ্জী ফুল বিভিন্ন জাত আৰু ৰঙৰ হোৱা দেখা যায়। এই ফুল সাধাৰণতে উজ্জ্বল হালধীয়া আৰু কমলা হালধীয়া ৰঙৰ হয়। সাধাৰণতে নাৰ্জী এটি শীতকালীন ফুল হ'লেও বৰ্তমানে গ্ৰীষ্ম আৰু বৰ্ষাকালতো ইয়াৰ খেতি কৰা হয়। বাগিচাৰ শোভা বৰ্ধন উপৰিও বিভিন্ন উৎসৱ-অনুষ্ঠান, পূজা-পাৰ্বন আৰু গৃহসজ্জাত নাৰ্জী ফুল ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

নাৰ্জী ফুলৰ আছে বহু ঔষধি গুণ। জানো আহক কি কি

১)অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস উপকাৰী

২) নার্জী ফুলৰ পাত খুন্দি তাৰ দুটোপাল ৰস নাকত দিলে নাকৰ পৰা তেজ ওলােৱা বন্ধ হয়।

৩)নার্জী ফুলৰ পাতৰ ৰস ৰাতিপুৱা খালী পেটত সেৱন কৰিলে পাথৰ হােৱা ৰােগ নিৰাময় হয়।

৪)নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষৰ পৰাও পৰিত্ৰাণ পোৱা যায়।

৫)শৰীৰৰ বিভিন্ন স্থানত হোৱা খজুৱতিত নাৰ্জী ফুলৰ পাত থেতেলিয়াই সেই স্থানত লেপ লগাই ক্ষন্তেক সময়ৰ পাছত পৰিষ্কাৰ কাপোৰেৰে মোহাৰি দিব লাগে। এনে ধৰণে লেপ লগালে আৰাম পোৱা যায়।

৬)পূৰঠ এচামুচ নাৰ্জী ফুলৰ গুটিত চেনি মিহলাই প্ৰতিদিন এচামুচকৈ অলপ দিন খালে স্বপ্নদোষ নিৰাময় হয়।

৭)শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ পৰে । নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে।

৮) নার্জী ফুলৰ পাত খুন্দি তাৰ ৰস উলিয়াই সেইখিনি দুগিলাচ পানীত ভালদৰে উতলাই সেইখিনি চেকি লৈ গাৰ্গল কৰিলে মুখৰ দুর্গন্ধ দূৰ হােৱাৰ লগতে দাঁতত থকা বীজাণু নাশ হয় আৰু লগতে টনচিল ৰােগাে নােহােৱা হয়।

৯) নার্জী ফুলৰ পাত খুন্দি তাৰ লেপন কীট-পতংগই কামােৰা অংশত লগালে বিষ নির্মূল কৰাৰ লগতে বীজাণু নাশ কৰিব পাৰে।

১০) কটা-ছিঙাত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু সোনকালে শুকায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement