--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ অধীনৰ শিপিনীসকলে প্রস্তুত কৰা গামোচাই যাতে উচিত দাম পায়, তাৰ প্ৰতি লক্ষ্য ৰাখি ১০ লাখ গামোচা ৰাজ্য চৰকাৰে ক্ৰয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই জিলা আয়ুক্তসকলকো প্রত্যক্ষভাৱে শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰি চৰকাৰী কাৰ্যসূচীসমূহত এই গামোচাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা জিলা আয়ুক্ত আৰু সমজিলা আযুক্তসকলৰ সৈতে সোমবাৰে হোৱা ভিডিঅ' কনফাৰেন্সত মুখ্যমন্ত্ৰীয়ে কয় যে ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ আদি বাজ্যসমূহতো গামোচাৰ সমাদৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ বহিঃৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক অসমৰ পৰা গামোচা ক্ৰয়ৰ বাবে অনুৰোধ জনাইছে। 

মুখ্যমন্ত্রীয়ে ভবিষ্যতে প্রত্যেকটো অসম ভৱনতে এটা গামোচা বিক্রী কেন্দ্ৰ মুকলি কৰা হ'ব বুলি কয়। তেওঁ কয় যে প্রতিখন আঁচনিৰ অন্তৰালত এটা দর্শন থাকে। স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ দৰ্শন হৈছে শিপিনীসকলে যাতে প্রস্তুত কৰা গামোচাৰ উচতি মূল্য লাভকৰে, সেয়া নিশ্চিত কৰা। চৰকাৰে এই বছৰ ৬.৫ লাখ গামোচা ক্রয় কৰিবলৈ সক্ষম হৈছে আৰু অহা বছৰ ১০ লাখ গামোচা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে এই বৈঠকতে জিলাসমূহত গামোচা বিতৰণ কাৰ্যসূচীৰ বিষয়েও বিতংভাৱে আলোচনা কৰে। গামোচা বিতৰণ কাৰ্যসূচীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বজাৰত যাতে শিপিনীসকলে গামোচাৰ উচিত মূল্য পায় তাৰ বাবে অসম চৰকাৰে স্বনিৰ্ভৰশীল নাৰী নামৰ আঁচনিখন গ্রহণ কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্রত্যক্ষভাৱে শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰাৰ বাবে এই আঁচনিখন গ্রহণ কৰিছে। ৰাজ্য চৰকাৰে প্ৰতি বছৰে এটা নির্দিষ্ট দামত গামোচা ক্ৰয় কৰিলে বজাৰতো শিপিনীসকলে গামোচাৰ উচিত মূল্য পোৱাটো নিশ্চিত হ'ব। মধ্যভোগীৰ পৰা গামোচাৰ বজাৰখন মুক্ত কৰাৰ বাবে এই আঁচনিখন গ্রহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে চৰকাৰে যিদৰে ন্যূনতম সমর্থন মূল্যত ধান আৰু সৰিয়হ ক্ৰয় কৰিছে, ঠিক তেনেদৰে এই আঁচনিৰ জৰিয়তে শিপিনীসকলেও গামোচাৰ উচিত মূল্য পোৱাটো নিশ্চিত কৰিব বিচাৰিছে। 

জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে হোৱা বৈঠকত অহা ১৯ মার্চ তাৰিখে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত ৰাজ্যখনৰ ৩,৮৮,৩৫৮গৰাকী হিতাধিকাৰীলৈ প্ৰথম কিস্তি ধনৰাশিৰ অনুমোদন পত্র আনুষ্ঠানিকভাৱে বিতৰণৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে জিলা আযুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে পলাশবাৰীত অনুষ্ঠিত হ'বলগীয়া কেন্দ্রীয় অনুষ্ঠানৰ পাছতে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টি সামৰি বিভিন্ন জিলা আৰু সমজিলা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া সভাত হিতাধিকাৰীসকলক আঁচনিখনৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশিৰ অনুমোদন পত্র বিতৰণৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলক নির্দেশ প্রদান কৰে। তেওঁ কয় যে বিভাগৰ তৰফৰ পৰা এই অনুষ্ঠানসমূহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিবলগীয়া মন্ত্ৰী, সাংসদ, বিধায়ক তথা বিশিষ্ট ব্যক্তিসকলৰ তালিকা ইতিমধ্যে জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকললৈ প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্রীয়ে এই অনুষ্ঠান আয়োজনৰ প্ৰস্তুতিৰ অগ্রগতি সম্পর্কত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ পৰা বিতংভাৱে বুজ লোৱাৰ লগতে কাইলৈৰ ভিতৰত এই অনুষ্ঠানৰ বাবে প্রয়োজনীয় সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্রদান কৰে। আজিৰ এই বৈঠকত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আযুক্ত কীৰ্তি জল্লীৰ লগতে উচ্চ পদস্থ বিষয়াসমূহ উপস্থিত থাকে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত