--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বৰ অর্থনীতি অনিশ্চয়তাৰ সন্মুখীন হ'লেও ২০২৮ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হোৱাৰ পথত। বিশ্বৰ উৎপাদনত ভাৰতৰ অংশ বৃদ্ধি পোৱা তথা আন্তঃগাঁথনি অধিক উন্নত হোৱাৰ মাজতে মর্গান ষ্টেনলীৰ শেহতীয়া প্রতিবেদনত এই কথা প্রকাশ পাইছে। 

প্রতিবেদনখনৰ মতে, জার্মানিক চেৰ পেলাই ২০২৮ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হ'ব। প্রতিবেদনখনত কোৱা হৈছে (প্রক্ষেপ কৰা হৈছে) যে ২০২৬ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি হ'ব ৪.৭ ত্রিলিয়ন (৪.৭ লাখ কোটি) ডলাৰৰ তথা আমেৰিকা, চীন আৰু জার্মানিৰ পাছতে ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হ'ব। ২০২৮ চনত ভাৰতে জার্মানিক পিছ পেলাব আৰু দেশৰ অৰ্থনীতি হ'ব ৫.৭ ত্রিলিয়ন (৫.৭ লাখ কোটি) ডলাৰৰ।

 ২০২৩ চনত ভাৰতৰ অর্থনীতি আছিল ৩.৫ ত্রিলিয়ন (৩.৫ লাখ কোটি) ডলাৰৰ। মর্গান ষ্টেনলীৰ মতে, ১৯৯০ চনত ভাৰত আছিল বিশ্বৰ দ্বাদশ বৃহত্তম অৰ্থনীতিৰ দেশ। কিন্তু ২০০০ চনত ইয়াৰ স্থান ত্রয়োদশলৈ অৱনমিত হয়। কিন্তু ২০২০ চনত ভাৰতৰ স্থান নৱমলৈ আৰু ২০২৩ চনত পঞ্চমলৈ উন্নীত হয়। ২০২৯ চনত বিশ্বৰ জি ডি পিত ভাৰতৰ অংশ বৰ্তমানৰ ৩.৫ শতাংশৰ পৰা ৪.৫ শতাংশলৈ বৃদ্ধি পাব বুলিও এই প্রতিবেদনত কোৱা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ