--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰাজ্যসভাৰ সাংসদ তথা সাংবাদিক চন্দন মিত্ৰৰ বুধবাৰে নিশা ৬৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। ৰাজ্যসভাৰ দুবাৰৰ সাংসদ গৰাকীয়ে জুন মাহত দ্য পায়’নিয়াৰ বাতৰি কাকতৰ মুদ্ৰক আৰু প্ৰকাশক পদৰ পৰা অব্যাহতি লৈছিল। তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট বৰ্তাযোগে শোক প্ৰকাশ কৰে।
আনহাতে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে চন্দন মিত্ৰৰ মৃত্যুক তেওঁৰ ‘ব্যক্তিগত ক্ষতি’ বুলি অভিহিত কৰে।


নাইডুৱে নিজৰ টুইট বাৰ্তাত লিখে, “ ৰাজ্যসভাৰ প্ৰাক্তন সদস্য তথা প্ৰবীণ সাংবাদিক শ্ৰী চন্দন মিত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছো। তেওঁ এগৰাকী অতিকে বিদগ্ধ আৰু সন্মানীয় সাংবাদিক আৰু সাংসদ আছিল। তেওঁৰ মৃত্যু মোৰ বাবে ব্যক্তিগত ক্ষতি। ওম শান্তি”!
তেওঁৰ মৃত্যুত লোকসভাৰ সাংসদ তথা লেখক শশী থাৰুৰেও শোক প্ৰকাশ কৰে। মিত্ৰৰে নিজৰ নিকট বন্ধুত্বৰ কথা সোঁৱৰণ কৰে থাৰুৰে। উল্লেখ্য যে চন্দন মিত্ৰই ২০১৮ চনত বিজেপি দল ত্যাগ কৰিছিল আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক