--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : কুৰি বছৰৰ আগেয়ে তালিবানৰ বিৰুদ্ধে আমেৰিকাই আৰম্ভ কৰিছিল এখন বিধ্বংসী যুদ্ধ। সৰ্বগ্ৰাসী এই যুদ্ধত বিধ্বস্ত ৰূপ লৈছিল আফগানিস্তানে। তালিবান দমনৰ বাবে আমেৰিকাই আৰম্ভ কৰা যুদ্র পৰিণতি কিন্তু আশাপ্ৰদ নহ’ল। আফগান ভূমিত কুৰি বছৰীয়া অভিযান সামৰাৰ লগে লগে দেশখনত তালিবানৰ পুনৰুত্থান হ’ল। ইমানদিনে আমেৰিকাৰ নিয়ন্ত্ৰণত থকা আফগানিস্তান এতিয়া তালিবানৰ নিয়ন্ত্ৰণাধীন। কুৰিটা বছৰে তালিবানৰ সৈতে যুঁজ দি আমেৰিকাই জয়ী হ’ব নোৱাৰিলে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এয়া পৰাজয় বুলি মানি ল’ব বিচৰা নাই যদিও পৰিৱৰ্তিত পৰিস্থিতিৰ ওচৰত তেওঁলোক নতশিৰ হ’বলৈ বাধ্য হৈছে।

এইবাৰ তালিবানক মান্যতা দিবলৈ বাধ্য হৈছে আমেৰিকা। তালিবানে শাসনলৈ অহাৰ লগে লগে মৌলবাদৰ ৰম্যভূমি দেশখনত উত্থান ঘটিছে আইএছৰো। স্বাভাৱিকভাৱেই আইএছ সন্ত্ৰাসবাদীৰ প্ৰথম আৰু মূল লক্ষ্য হৈ পৰিছে আমেৰিকা। ইছলামিত ষ্টেটৰ এই আগ্ৰাসন ৰোধৰ বাবে নতুন নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আমেৰিকা। অনাগত সময়ত আমেৰিকাই তালিবানৰ সৈতে কাম কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইছলামিক ষ্টেট খোৰাচানক দমন কৰিবলৈ যুটীয়াকৈ কাম কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ সামৰিক বিষয়া মাৰ্ক মিলিয়ে এই বিষয়ে সদৰী কৰিছে। এক সংবাদমেলযোগে মিলিয়ে কয় যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই ইছলামিক ষ্টেট খোৰাচানক দমন কৰিবলৈ তালিবানৰ সৈতে কাম কৰিব।’ আমেৰিকা যুক্তৰাষ্ট্ৰই সন্ত্ৰাসবাদীক দমন কৰিবলৈ তালিবানৰ সৈতে কাম কৰিব নেকি বুলি সোধাত মিলিয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।


এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে বিষয়টো সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰই আই এছক দমনৰ বাবে যিমান পাৰে চেষ্টা কৰিব বুলি জনাইছে। ১৫ আগষ্টত তালিবানে কাবুলৰ নিয়ন্ত্ৰণ লোৱাৰ পাছত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিশ্বৰ বিভিন্ন দেশে তেওঁলোকৰ নাগৰিক আৰু আফগান নাগৰিকসকলক আফগানিস্তানৰ পৰা স্থানান্তৰ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে। উল্লেখ্য যে, কাবুল বিমানবন্দত সংঘটিত এক আত্মঘাতী বোমা বিস্ফোৰণত ১৭০ জনৰো অধিক লোক নিহত হৈছিল। নিহতসকলৰ ভিতৰত ১৩জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আছিল। ইছলামিক ষ্টেট খোৰাচানে পাছত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?