--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : কুৰি বছৰৰ আগেয়ে তালিবানৰ বিৰুদ্ধে আমেৰিকাই আৰম্ভ কৰিছিল এখন বিধ্বংসী যুদ্ধ। সৰ্বগ্ৰাসী এই যুদ্ধত বিধ্বস্ত ৰূপ লৈছিল আফগানিস্তানে। তালিবান দমনৰ বাবে আমেৰিকাই আৰম্ভ কৰা যুদ্র পৰিণতি কিন্তু আশাপ্ৰদ নহ’ল। আফগান ভূমিত কুৰি বছৰীয়া অভিযান সামৰাৰ লগে লগে দেশখনত তালিবানৰ পুনৰুত্থান হ’ল। ইমানদিনে আমেৰিকাৰ নিয়ন্ত্ৰণত থকা আফগানিস্তান এতিয়া তালিবানৰ নিয়ন্ত্ৰণাধীন। কুৰিটা বছৰে তালিবানৰ সৈতে যুঁজ দি আমেৰিকাই জয়ী হ’ব নোৱাৰিলে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এয়া পৰাজয় বুলি মানি ল’ব বিচৰা নাই যদিও পৰিৱৰ্তিত পৰিস্থিতিৰ ওচৰত তেওঁলোক নতশিৰ হ’বলৈ বাধ্য হৈছে।

এইবাৰ তালিবানক মান্যতা দিবলৈ বাধ্য হৈছে আমেৰিকা। তালিবানে শাসনলৈ অহাৰ লগে লগে মৌলবাদৰ ৰম্যভূমি দেশখনত উত্থান ঘটিছে আইএছৰো। স্বাভাৱিকভাৱেই আইএছ সন্ত্ৰাসবাদীৰ প্ৰথম আৰু মূল লক্ষ্য হৈ পৰিছে আমেৰিকা। ইছলামিত ষ্টেটৰ এই আগ্ৰাসন ৰোধৰ বাবে নতুন নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আমেৰিকা। অনাগত সময়ত আমেৰিকাই তালিবানৰ সৈতে কাম কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইছলামিক ষ্টেট খোৰাচানক দমন কৰিবলৈ যুটীয়াকৈ কাম কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ সামৰিক বিষয়া মাৰ্ক মিলিয়ে এই বিষয়ে সদৰী কৰিছে। এক সংবাদমেলযোগে মিলিয়ে কয় যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই ইছলামিক ষ্টেট খোৰাচানক দমন কৰিবলৈ তালিবানৰ সৈতে কাম কৰিব।’ আমেৰিকা যুক্তৰাষ্ট্ৰই সন্ত্ৰাসবাদীক দমন কৰিবলৈ তালিবানৰ সৈতে কাম কৰিব নেকি বুলি সোধাত মিলিয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।


এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে বিষয়টো সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰই আই এছক দমনৰ বাবে যিমান পাৰে চেষ্টা কৰিব বুলি জনাইছে। ১৫ আগষ্টত তালিবানে কাবুলৰ নিয়ন্ত্ৰণ লোৱাৰ পাছত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিশ্বৰ বিভিন্ন দেশে তেওঁলোকৰ নাগৰিক আৰু আফগান নাগৰিকসকলক আফগানিস্তানৰ পৰা স্থানান্তৰ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে। উল্লেখ্য যে, কাবুল বিমানবন্দত সংঘটিত এক আত্মঘাতী বোমা বিস্ফোৰণত ১৭০ জনৰো অধিক লোক নিহত হৈছিল। নিহতসকলৰ ভিতৰত ১৩জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আছিল। ইছলামিক ষ্টেট খোৰাচানে পাছত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক