--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিজেপিক কঠোৰভাৱে সমালোচনা কৰে৷ আৰক্ষীয়ে কৰা এনকাউণ্টৰক প্ৰথমবাৰলৈ মুখ খুলিলে বিধায়কগৰাকীয়ে৷ ৰাজ্যত এনকাউন্টাৰ বন্ধ হ'ব লাগিব বুলি দাবী শিৱসাগৰৰ বিধায়কগৰাকীৰ৷ তেওঁৰ মতে, কেৱল সংখ্যালঘু মানুহকে আৰক্ষীয়ে এনকাউন্টাৰ কৰা নাই৷ বিধায়কগৰয়কীৰ নিজ সমষ্টিৰ ভূপেন বৰুৱা নামৰ অভিযুক্ত এজনকো আঘাতপ্ৰাপ্ত কৰিছে৷ এনেদৰে এনকাউন্টাৰ বা গুলিওৱাটো ভাল কথা নহয় বুলি মন্তব্য অখিলৰ৷

আনহাতে এনকাউন্টৰ কৰাৰ ওপৰত এক তদন্ত হ'ব লাগে বুলিও প্ৰকাশ কৰে তেওঁ৷ 'শিৱসাগৰৰ সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে৷ সাংবাদিকো এতিয়া সুৰক্ষিত নহয়' এইয়া এক দুৰ্ভাগ্যজনক আখ্যা অখিলৰ৷ এইয়া একনায়ত্ববাদ ফেচীবাদ বুলি মন্তব্য তেওঁৰ৷ বিজেপিৰ এই কাৰ্যৰ বাবে অখিল সদায় বিৰোধীতা কৰি যাব৷ অখিল সদায় অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আছে বুলিও মন্তব্য কৰে৷ ড্ৰাগছ বিৰুদ্ধে অভিযানৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় ড্ৰাগছ বিৰোধী অভিযান চলি আছে কিন্ত ছেইনডাল এতিয়াও নাইকিয়া কৰিব পৰা নাই৷ আনহাতে বানপানী আৰু গৰাখহনীয়া বিষয় আজি বিধানসভাত উত্থাপন কৰিব বুলিও কয় তেওঁ৷ 'মোৰ ৬ টা প্রশ্ন ৰিজেকট কৰা হৈছে৷' তাৰউপৰিও পৰেশ বৰুৱা আলোচনা মাজলৈ আহিবলৈ আহ্বান অখিল গগৈৰ ৷ অসমত শান্তিৰ পৰিবেশ গঢ়ি তুলিব লাগে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু