--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড প্ৰতিষেধকৰ নাটনিক লৈ বিতৰ্ক অব্যাহত আছে। বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক এই প্ৰসংগ লৈ তীব্ৰ সমালোচনা কৰি আহিছে। সমালোচনাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি পুনৰ চৰকাৰক আক্ৰমণ কৰিছে। জুমলা হ্যে, ভেকচিন নেহী অৰ্থাৎ জুমলা আছে ভেকচিন নাই বুলি ৰাহুলে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰে।

দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ভেকচিনৰ নাটনি হোৱা সম্পৰ্কীয় এটা বাতৰি সংলগ্ন কৰি দি তেওঁ ‘ভেকচিন ক’ত’? বুলি প্ৰশ্ন কৰে। কেন্দ্ৰই অৱশ্যে ভেকচিনৰ নাটনিৰ কথা অস্বীকাৰ কৰি আহিছে। ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমেও কেন্দ্ৰক ভেকচিনৰ নাটনি প্ৰসংগত সমালোচনা কৰিছে। মঙলবাৰে ওড়িশা, দিল্লী আদি ৰাজ্যত হোৱা নাটনিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ টুইটাৰত লিখিছে, ‘ভেকচিনৰ নাটনি হৈছে সত্য। ভেকচিনৰ উৎপাদন বৃদ্ধি কৰাটো এটা অতিৰঞ্জিত কথা। ভেকচিনৰ আমদানি কৰাটো হৈছে এটা ৰহস্য। এই বছৰৰ ডিচেম্বৰৰ ভিতৰত সকলো প্ৰাপ্তবয়স্ককে টিকাকৰণ কৰাৰ দাবী হৈছে এটা ফোপোলা অহংকাৰ।’ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন কৰে যে, নতুন স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই প্ৰতিষেধক সম্পৰ্কীয় প্ৰকৃত সত্যৰ সম্ভেদ দেশক দিবনে? তেওঁ লগতে কয়, মোদী মন্ত্ৰীসভাৰ মন্ত্ৰীৰ সংখ্যা বৃদ্ধি পালে কিন্তু দেশত ক’ভিড প্ৰতিষেধকৰ পৰিমাণ বৃদ্ধি নহ’ল। প্ৰতিষেধকৰ নাটনি প্ৰসংগত বাওঁ দলেও কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক