--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : দেশৰ পাঁচখন ৰাজ্যত নতুন চৰকাৰ গঠন হৈছে। নতুন মন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰিছে। কিন্তু এখন ৰাজ্যত নতুন চৰকাৰৰ সন্মুখত ঠিক দিয়া প্ৰত্যাহ্বান বৃহৎ হিচাপে চিহ্নিত হৈছে। ৰাজ্যখনৰ পৰিস্থিতি ইমানেই উদ্বেগজনক হৈ পৰিছে যে, খোদ ৰাজ্যপালে তাত গণতন্ত্ৰ বাছি নথকাৰ আশংকা ব্যক্ত কৰিবলগীয়া হৈছে। নিৰ্বাচনোত্তৰ হিংসাই জৰ্জৰিত কৰা পশ্চিমবংগৰ পৰিস্থিতিক লৈ আজি পুনৰ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধানখৰে।

আৰু পঢ়িব পাৰিব :  প্ৰথম সংবাদমেলতে নতুন মুখ্যমন্ত্ৰীয়ে দিলে আশাৰ বাৰ্তা, পঢ়ক সবিশেষ…

২ মে’ত ঘোষিত ফলাফলত শাসকীয় তৃণমূল কংগ্ৰেছে চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পাছত ৰাজ্যখনত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মী তথা সমৰ্থকসকল সংঘাতত লিপ্ত হৈ পৰে। ভালেমান লোকে এই সংঘাতত প্ৰাণ হেৰুওৱাৰ লগতে বহু লোকে ঘৰ-বাৰী এৰি পলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। দুয়োপক্ষই পৰিস্থিতি সন্দৰ্ভত পৰস্পৰক দোষাৰোপ কৰি আহিছে যদিও এই হিংসাক লৈ ৰাজ্য চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

আজি ৰাজ্যপাল ধানখৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰকৃত ছবিখন ঢাকি ৰখা হৈছে। শাসকীয় তৃণমূল কংগ্ৰেছে বাস্তৱিক পৰিস্থিতিৰ সৈতে সঠিকভাৱে মোকাবিলা কৰা উচিত। সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত তেওঁ কয়, ‘নিৰ্বাচনোত্তৰ সময়ছোৱাত আমি ৰাজ্যখনত গভীৰ সংকটৰ সন্মুখীন হৈছোঁ। হিংসা আৰু লুটপাটৰ ঘটনাই এতিয়া গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই পৰিস্থিতি অতি উদ্বেগজনক।’ মমতা চৰকাৰৰ ৪৩গৰাকীকৈ মন্ত্ৰীয়ে আজি শপত লোৱাৰ পাছতে ৰাজ্যপালে এই মন্তব্য কৰিছে।

আৰু পঢ়িব পাৰিব :  গুৱাহাটীৰপৰা চুৰি হ’ল চিটীবাছ, তিনিজনক গ্ৰেপ্তাৰ

মমতা চৰকাৰে হিংসাত্মক পৰিস্থিতিক ঢাকি ৰখাৰ চেষ্টা কৰা বুলি অভিযোগ কৰি ৰাজ্যপালে চৰকাৰৰ বাস্তৱিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ আহ্বান জনায়। ‘যদি আপোনাৰ ভোটটোৱেই আপোনাৰ মৃত্যুৰ কাৰণ হৈ পৰে বা আপোনাৰ সম্পত্তি ধ্বংসৰ কাৰণ হৈ পৰে, যদি আপোনাৰ ভোটটোৱেই আপোনাৰ ঘৰ অগ্নিসংযোগৰ কাৰণ হৈ পৰে তেন্তে ই গণতন্ত্ৰ নিশেষ হোৱাৰ এক সংকেত হিচাপে বিবেচিত হ’ব।’ ৰাজ্যপালে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ