--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : দেশৰ পাঁচখন ৰাজ্যত নতুন চৰকাৰ গঠন হৈছে। নতুন মন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰিছে। কিন্তু এখন ৰাজ্যত নতুন চৰকাৰৰ সন্মুখত ঠিক দিয়া প্ৰত্যাহ্বান বৃহৎ হিচাপে চিহ্নিত হৈছে। ৰাজ্যখনৰ পৰিস্থিতি ইমানেই উদ্বেগজনক হৈ পৰিছে যে, খোদ ৰাজ্যপালে তাত গণতন্ত্ৰ বাছি নথকাৰ আশংকা ব্যক্ত কৰিবলগীয়া হৈছে। নিৰ্বাচনোত্তৰ হিংসাই জৰ্জৰিত কৰা পশ্চিমবংগৰ পৰিস্থিতিক লৈ আজি পুনৰ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধানখৰে।

আৰু পঢ়িব পাৰিব :  প্ৰথম সংবাদমেলতে নতুন মুখ্যমন্ত্ৰীয়ে দিলে আশাৰ বাৰ্তা, পঢ়ক সবিশেষ…

২ মে’ত ঘোষিত ফলাফলত শাসকীয় তৃণমূল কংগ্ৰেছে চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পাছত ৰাজ্যখনত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মী তথা সমৰ্থকসকল সংঘাতত লিপ্ত হৈ পৰে। ভালেমান লোকে এই সংঘাতত প্ৰাণ হেৰুওৱাৰ লগতে বহু লোকে ঘৰ-বাৰী এৰি পলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। দুয়োপক্ষই পৰিস্থিতি সন্দৰ্ভত পৰস্পৰক দোষাৰোপ কৰি আহিছে যদিও এই হিংসাক লৈ ৰাজ্য চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

আজি ৰাজ্যপাল ধানখৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰকৃত ছবিখন ঢাকি ৰখা হৈছে। শাসকীয় তৃণমূল কংগ্ৰেছে বাস্তৱিক পৰিস্থিতিৰ সৈতে সঠিকভাৱে মোকাবিলা কৰা উচিত। সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত তেওঁ কয়, ‘নিৰ্বাচনোত্তৰ সময়ছোৱাত আমি ৰাজ্যখনত গভীৰ সংকটৰ সন্মুখীন হৈছোঁ। হিংসা আৰু লুটপাটৰ ঘটনাই এতিয়া গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই পৰিস্থিতি অতি উদ্বেগজনক।’ মমতা চৰকাৰৰ ৪৩গৰাকীকৈ মন্ত্ৰীয়ে আজি শপত লোৱাৰ পাছতে ৰাজ্যপালে এই মন্তব্য কৰিছে।

আৰু পঢ়িব পাৰিব :  গুৱাহাটীৰপৰা চুৰি হ’ল চিটীবাছ, তিনিজনক গ্ৰেপ্তাৰ

মমতা চৰকাৰে হিংসাত্মক পৰিস্থিতিক ঢাকি ৰখাৰ চেষ্টা কৰা বুলি অভিযোগ কৰি ৰাজ্যপালে চৰকাৰৰ বাস্তৱিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ আহ্বান জনায়। ‘যদি আপোনাৰ ভোটটোৱেই আপোনাৰ মৃত্যুৰ কাৰণ হৈ পৰে বা আপোনাৰ সম্পত্তি ধ্বংসৰ কাৰণ হৈ পৰে, যদি আপোনাৰ ভোটটোৱেই আপোনাৰ ঘৰ অগ্নিসংযোগৰ কাৰণ হৈ পৰে তেন্তে ই গণতন্ত্ৰ নিশেষ হোৱাৰ এক সংকেত হিচাপে বিবেচিত হ’ব।’ ৰাজ্যপালে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু