--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড° হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যবাসীৰ আশিস শিৰত লৈ যাত্ৰা আৰম্ভ কৰা ড°হিমন্ত বিশ্ব শৰ্মাই শপত লৈয়েই প্ৰদৰ্শন কৰলে নিজৰ ৰাজনৈতিক বিচক্ষণতা৷ মুখ্যমন্ত্ৰীৰ প্ৰথমখন সংবাদমেলে ৰাজ্যবাসীলৈ কঢ়িয়ালে বহুকেইটা বাৰ্তা। জননী জন্মভূমিৰ সেৱাত নিজৰ সৰ্বস্ব ত্যাগৰ পণেৰে সোমবাৰে ৰাজ্যৰ পঞ্চদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে নিজৰ সক্ৰিয়তা তথা দক্ষতাৰ প্ৰমাণ দাঙি ধৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই৷

আৰু পঢ়িব পাৰিব :  গুৱাহাটীৰপৰা চুৰি হ’ল চিটীবাছ, তিনিজনক গ্ৰেপ্তাৰ

শপত গ্ৰহণৰ পাছতে তেওঁ প্ৰথমখন সংবাদমেল সম্বোধন কৰে৷ ২৪ মিনিটৰ সংবাদমেলত তেওঁ সামৰি ল’লে ৰাজ্যৰ অৰ্ধেক জলন্ত সমস্যাৰ বিষয়ে৷ যিবোৰৰ সমাধানৰ প্ৰতিশ্ৰুতি দিলে শৰ্মা চৰকাৰে৷ ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত স্থান পালে এন আৰ চিৰ প্ৰসংগৰ পৰা উগ্ৰপন্থী সমস্যা সমাধানৰ প্ৰসংগলৈ। বানমুক্ত অসমৰ পৰা ঋণমুক্ত গৃহিণীৰ কথায়ো স্থান পালে সংবাদমেলত তেওঁ কৰা মন্তব্যত। নিবনুৱা সমস্যা সমাধানৰ পৰা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ প্ৰসংগকো তেওঁ ভাষণত উল্লেখ কৰিলে।

আৰু পঢ়িব পাৰিব :  নতুন মন্ত্ৰীসভাৰ সৈতে শপত ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

তেওঁ ঘোষণা কৰিলে যে, ৰাজ্যৰ সংকটপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২৪ ঘন্টাই সক্ৰিয় থাকিব কেবিনেট৷ মন্ত্ৰী পৰিষদে প্ৰাণেপনে জঁপিয়াই পৰিব ক’ভিড নিয়ন্ত্ৰণত। উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত হ’ব ড°হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক৷ যিখন কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বাবে ৰাজ্যবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আজিৰ সংবাদমেলত এন আৰ চি প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে নৱ অভিষিক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : বিলাসীপাৰাত মৃতদেহ উদ্ধাৰঃ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

সন্ত্ৰাসবাদমুক্ত অসম গঢ়াৰ স্বাৰ্থত পৰেশ বৰুৱাক মূল সুঁতিলৈ উভতি অহাৰ আহ্বান জনায় ডঃ শৰ্মাই। জনজাতিকৰণৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰা হ’ল সংবাদমেলখনত।আন ভালেমান প্ৰসংগয়ো স্থান পালে সংবাদমেলত৷ প্ৰথমখন সংবাদমেলতে ৰাজনৈতিক পৰিপক্বতা আৰু সংবেদনশীলতাৰ পৰিচয় দাঙি ধৰি ড°হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক একপ্ৰকাৰে দিলে অভয় বাৰ্তা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ