ডিজিটেল ডেস্ক : নিশাৰ ৰাজপথত পুনৰ সৃষ্টি হ’ল অবৰ্ণৱনীয় পৰিস্থিতিৰ। নিয়ন্ত্ৰণহীন গাড়ীয় পুনৰ মহতীয়াই নিলে ভালেমান লোকক। ৰাজপথত পুনৰ বাজি উঠিল মৃত্যুৰ কিৰিলি। এইবাৰ নিয়ন্ত্ৰণহীন এখন টেংকাৰে সৃষ্টি কৰিলে ভয়াৱহ পৰিস্থিতিৰ। নিশা তীব্ৰবেগী ডাম্পাৰখনে ১৫খন সৰু গাড়ীক মহতীয়াই লৈ যায়। এই দুৰ্ঘটনাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে আৰু কমেও ১২জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনা সংঘটিত হয়, শুকুৰবাৰে নিশা ৯বজাত। মহাৰাষ্ট্ৰৰ পুনেৰ দক্ষিণ প্ৰান্তত সংঘটিত হয় এই ভয়াৱহ অঘটন। বেংগালুৰুৰ পৰা দ্ৰুত বেগে আহি থকা এখন টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই ১৫খনকৈ গাড়ীত খুন্দা মাৰে। ইথানল কঢ়িয়াই অনা টেংকাৰখন পুনে অভিমুখে গৈ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অভাৰটেক কৰিবলৈ চেষ্টা কৰি টেংকাৰখনে প্ৰথমে এখন ছেভেন ছিটাৰ গাড়ীত খু্ন্দা মাৰে। তাৰ পাছত আন গাড়ীবোৰকো মহতীয়াই নিয়ে।
দুৰ্ঘটনাটোত মৃত্যু হোৱা দুয়োজন লোক এই ছেভেন ছিটাৰ গাড়ীখনত আছিল। আহত আন লোকসকলক হাস্পতালত ভৰ্তি কৰোঁৱা হয়। আহত কেইবাজনো লোকৰ অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা আছে।