--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে মহিলাৰ গৰ্ভপাতক লৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে এক বিশেষ ৰায়দান দিয়ে। ৰায়দান অনুসৰি কোনো মহিলাই গৰ্ভপাত কৰিব নোৱাৰিব। বলীউডৰ পৰা হলিউডলৈ যাত্ৰা কৰা প্ৰিয়ংকা চোপ্ৰা জোনাছে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে মহিলাৰ গৰ্ভপাতক লৈ গ্ৰহণ কৰা সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰে। আমেৰিকা উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চেলিব্ৰিটিসকলে। এই সিদ্ধান্তক লৈ প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা দুটা ষ্ট’ৰী শ্বেয়াৰ কৰিছে। প্ৰথম ষ্ট’ৰীত তেওঁ এটা কাৰ্টুন পোষ্ট কৰিছে। দ্বিতীয়টো ষ্ট’ৰীত প্ৰিয়ংকাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পত্নী মিচেল ওবামাৰ এটা প’ষ্ট শ্বেয়াৰ কৰিছে। 

প্ৰিয়ংকাৰ কাৰ্টুন ষ্ট’ৰীত এফালে বন্দুক আৰু আনফালে বেবী বাম্প দেখা গৈছে। বন্দুকৰ ছবিখনৰ কাষত লিখা আছে যে ''আপুনি ইয়াক স্বাধীনভাৱে ৰাখিব পাৰে''। একে সময়তে বেবী বাম্পৰ ছবিখনত লিখা আছে ''ইয়াক জোৰকৈ ৰাখিব লাগিব''। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে মিচেল ওবামাৰ এটা টোকাও শ্বেয়াৰ কৰিছে, য’ত লিখা আছে যে এই সিদ্ধান্তৰ পিছত তেওঁৰ হৃদয় ভাঙি গৈছে।

মিচেল ওবামাই কয় যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তত তেওঁৰ হৃদয় ভাঙি পৰিছে। তেওঁ কৈছে যে, "হয়, মোৰ হৃদয় ভাঙি গৈছে। নিজৰ ভৰণ-পোষণ লব নোৱাৰা মহিলাইও এতিয়া সন্তান জন্ম দিবলৈ বাধ্য হ'ব। কেৱল আইনে সন্তান জন্ম দিয়াৰ অধিকাৰ নিৰ্ণয় কৰিলে বুলিয়েই তেওঁ ক'ৰ পৰা জীৱিকা নিৰ্বাহ কৰিব সেই কথা আইনে নিৰ্ণয় নকৰে।" এতিয়া সকলো মহিলাই বাধ্যত পৰি সন্তান জন্ম দিবলৈ বাধ্য হ’ব। এনে মাতৃয়ে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত নষ্ট হোৱা দেখিব। আনকি স্বাস্থ্যসেৱাৰ লোকসকলেও তেওঁলোকক সহায় কৰিব নোৱাৰিব কাৰণ তেওঁলোকে জেলৰ ভাত খোৱাৰ ভয় থাকিব।" 

উল্লেখ্য যে আমেৰিকাত গৰ্ভপাত আইন সম্পৰ্কে এক দীঘলীয়া বিতৰ্ক চলি আছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত এতিয়া এই বিষয়ত বিতৰ্ক বাঢ়িছে। কেৱল ৰাজনৈতিক দলেই নহয় চেলিব্ৰিটিসকলেও এই আইনৰ তীব্ৰ বিৰোধিতা কৰিছে। 

আনহাতে প্ৰিয়ংকা চোপ্ৰাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে তেওঁ ইংলিছ ছিৰিজ ‘চিটাডেল’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে। ফাৰহান আখতাৰৰ ‘জী লে জাৰা’ত দেখা যাব প্ৰিয়ংকাক। বৰ্তমান স্বামী নিক জ’নাছৰ সৈতে ছুটী উপভোগ কৰাত ব্যস্ত আছে প্ৰিয়ংকা। শেহতীয়াকৈ প্ৰিয়ংকাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিক জোনাছৰ সৈতে ছুটী উপভোগৰ বহু ফটো আৰু ভিডিঅ’ অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰিছিল, যিটো অতি ভাইৰেল হৈ পৰিছিল। ইয়াৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীয়ে কন্যা মালতীৰ লালন-পালনতো মনোনিৱেশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি