--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে মহিলাৰ গৰ্ভপাতক লৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে এক বিশেষ ৰায়দান দিয়ে। ৰায়দান অনুসৰি কোনো মহিলাই গৰ্ভপাত কৰিব নোৱাৰিব। বলীউডৰ পৰা হলিউডলৈ যাত্ৰা কৰা প্ৰিয়ংকা চোপ্ৰা জোনাছে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে মহিলাৰ গৰ্ভপাতক লৈ গ্ৰহণ কৰা সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰে। আমেৰিকা উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চেলিব্ৰিটিসকলে। এই সিদ্ধান্তক লৈ প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা দুটা ষ্ট’ৰী শ্বেয়াৰ কৰিছে। প্ৰথম ষ্ট’ৰীত তেওঁ এটা কাৰ্টুন পোষ্ট কৰিছে। দ্বিতীয়টো ষ্ট’ৰীত প্ৰিয়ংকাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পত্নী মিচেল ওবামাৰ এটা প’ষ্ট শ্বেয়াৰ কৰিছে। 

প্ৰিয়ংকাৰ কাৰ্টুন ষ্ট’ৰীত এফালে বন্দুক আৰু আনফালে বেবী বাম্প দেখা গৈছে। বন্দুকৰ ছবিখনৰ কাষত লিখা আছে যে ''আপুনি ইয়াক স্বাধীনভাৱে ৰাখিব পাৰে''। একে সময়তে বেবী বাম্পৰ ছবিখনত লিখা আছে ''ইয়াক জোৰকৈ ৰাখিব লাগিব''। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে মিচেল ওবামাৰ এটা টোকাও শ্বেয়াৰ কৰিছে, য’ত লিখা আছে যে এই সিদ্ধান্তৰ পিছত তেওঁৰ হৃদয় ভাঙি গৈছে।

মিচেল ওবামাই কয় যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তত তেওঁৰ হৃদয় ভাঙি পৰিছে। তেওঁ কৈছে যে, "হয়, মোৰ হৃদয় ভাঙি গৈছে। নিজৰ ভৰণ-পোষণ লব নোৱাৰা মহিলাইও এতিয়া সন্তান জন্ম দিবলৈ বাধ্য হ'ব। কেৱল আইনে সন্তান জন্ম দিয়াৰ অধিকাৰ নিৰ্ণয় কৰিলে বুলিয়েই তেওঁ ক'ৰ পৰা জীৱিকা নিৰ্বাহ কৰিব সেই কথা আইনে নিৰ্ণয় নকৰে।" এতিয়া সকলো মহিলাই বাধ্যত পৰি সন্তান জন্ম দিবলৈ বাধ্য হ’ব। এনে মাতৃয়ে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত নষ্ট হোৱা দেখিব। আনকি স্বাস্থ্যসেৱাৰ লোকসকলেও তেওঁলোকক সহায় কৰিব নোৱাৰিব কাৰণ তেওঁলোকে জেলৰ ভাত খোৱাৰ ভয় থাকিব।" 

উল্লেখ্য যে আমেৰিকাত গৰ্ভপাত আইন সম্পৰ্কে এক দীঘলীয়া বিতৰ্ক চলি আছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত এতিয়া এই বিষয়ত বিতৰ্ক বাঢ়িছে। কেৱল ৰাজনৈতিক দলেই নহয় চেলিব্ৰিটিসকলেও এই আইনৰ তীব্ৰ বিৰোধিতা কৰিছে। 

আনহাতে প্ৰিয়ংকা চোপ্ৰাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে তেওঁ ইংলিছ ছিৰিজ ‘চিটাডেল’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে। ফাৰহান আখতাৰৰ ‘জী লে জাৰা’ত দেখা যাব প্ৰিয়ংকাক। বৰ্তমান স্বামী নিক জ’নাছৰ সৈতে ছুটী উপভোগ কৰাত ব্যস্ত আছে প্ৰিয়ংকা। শেহতীয়াকৈ প্ৰিয়ংকাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিক জোনাছৰ সৈতে ছুটী উপভোগৰ বহু ফটো আৰু ভিডিঅ’ অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰিছিল, যিটো অতি ভাইৰেল হৈ পৰিছিল। ইয়াৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীয়ে কন্যা মালতীৰ লালন-পালনতো মনোনিৱেশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি