--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে ৰাখে হৰি মাৰে কোনে? এই কথাষাৰ পুনৰ বাৰ প্ৰমাণিত হ’ল ছত্তীশগড়ত।ছত্তীশগড়ৰ জাঞ্জগিৰ-চম্পা জিলাৰ বোৰৱেলৰ বাবে খন্দা গাঁতত আৱদ্ধ হৈ পৰিছিল ৰাহুল চাহু নামৰ এটি দহ বছৰীয়া শিশু। খেলি থাকোতেই অসাৱধানতাবশতঃ শিশুটি উন্মুক্ত হৈ থকা বোৰৱেলটোৰ গাঁতৰ ভিতৰত সোমাই পৰিছিল।

৬০ ফট দ’ বোৰৱেলটোৰ গাঁতৰ ভিতৰত আবদ্ধ হৈ থকা শিশুটিক উদ্ধাৰৰ বাবে জঁপিয়াই পৰিছিল উদ্ধাৰকাৰীৰ দল। সকলোৱে ভাবিছিল শিশুটিক হয়তো জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাযাব।

স্থানীয় ৰাইজ আৰু উদ্ধাৰকাৰীৰ দলৰ প্ৰচেষ্টাত  প্ৰায় পাঁচ দিনৰ ৰাহুলক  বোৰৱেলৰ গাঁতৰ পৰা উলিয়াই আনিব পৰা গৈছে।  সম্পূৰ্ণ ১০৬ ঘণ্টা ধৰি চলোৱা চেষ্টাৰ অন্তত শিশুটিক জীৱন্তে উদ্ধাৰ কৰিব পৰা গৈছে।

যোৱা পাঁচ দিন ধৰি জিলা প্ৰশাসন, এন ডি আৰ এফ, সেনা, এছডিআৰএফ, আৰক্ষীকে ধৰি কেইবাটাও নিৰাপত্তা প্ৰতিষ্ঠানৰ শ শ লোকে ৰাহুলক উদ্ধাৰ কৰিবলৈ দিন-ৰাতি চেষ্টা চলাই গৈছিল। 

ৰাহুলৰ উদ্ধাৰ অভিযানক দেশৰ আটাইতকৈ এনেধৰণৰ ডাঙৰ উদ্ধাৰ অভিযান বুলি অভিহিত কৰা হৈছে।

এই পাঁচ দিনত, ৰাহুলক চিচিটিভি কেমেৰাৰে নিৰন্তৰ নিৰীক্ষণ কৰি থকা  হৈছিল। পাইপেৰে তেওঁক খাদ্য আৰু পানী দিয়া হৈছিল। তেওঁৰ চেতনা যাতে ঠিকে থাকে তাৰ বাবে  তেওঁৰ সৈতে ওপৰৰ পৰাই  নিৰন্তৰ কথা পাতি থকা হৈছিল। ৬০ ফুট গভীৰ  পানীৰে ভৰি থকা গাঁতটোত পাঁচদিন ধৰি আবদ্ধ হৈ থকাৰ ফলত শিশুটিৰ অৱস্থা কাহিল হৈ পৰিছে। 

সেয়ে উদ্ধাৰৰ পিছতে তেওঁক এম্বুলেন্সেৰে বিলাসপুৰৰ এপোলো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জাঞ্জগীৰৰ কালেক্টৰ  জিতেন্দ্ৰ শুক্লাই কয়  যে ৰাহুলৰ অৱস্থা ঠিকেই আছে। তেওঁৰ আনে কোৱা কথাৰ প্ৰতি সঁহাৰি জনাই আছে আৰু ভালদৰে উশাহ লৈ থাকিব পাৰিছে।

 উল্লেখ্য উত্তৰ ভাৰতৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত উন্মুক্ত অৱস্থাত ৰখা বোৰৱেলৰ গাঁতত সোমাই ইতিমধ্যে বহু শিশুৰ মৃত্যু ঘটিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ