--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে ৰাখে হৰি মাৰে কোনে? এই কথাষাৰ পুনৰ বাৰ প্ৰমাণিত হ’ল ছত্তীশগড়ত।ছত্তীশগড়ৰ জাঞ্জগিৰ-চম্পা জিলাৰ বোৰৱেলৰ বাবে খন্দা গাঁতত আৱদ্ধ হৈ পৰিছিল ৰাহুল চাহু নামৰ এটি দহ বছৰীয়া শিশু। খেলি থাকোতেই অসাৱধানতাবশতঃ শিশুটি উন্মুক্ত হৈ থকা বোৰৱেলটোৰ গাঁতৰ ভিতৰত সোমাই পৰিছিল।

৬০ ফট দ’ বোৰৱেলটোৰ গাঁতৰ ভিতৰত আবদ্ধ হৈ থকা শিশুটিক উদ্ধাৰৰ বাবে জঁপিয়াই পৰিছিল উদ্ধাৰকাৰীৰ দল। সকলোৱে ভাবিছিল শিশুটিক হয়তো জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাযাব।

স্থানীয় ৰাইজ আৰু উদ্ধাৰকাৰীৰ দলৰ প্ৰচেষ্টাত  প্ৰায় পাঁচ দিনৰ ৰাহুলক  বোৰৱেলৰ গাঁতৰ পৰা উলিয়াই আনিব পৰা গৈছে।  সম্পূৰ্ণ ১০৬ ঘণ্টা ধৰি চলোৱা চেষ্টাৰ অন্তত শিশুটিক জীৱন্তে উদ্ধাৰ কৰিব পৰা গৈছে।

যোৱা পাঁচ দিন ধৰি জিলা প্ৰশাসন, এন ডি আৰ এফ, সেনা, এছডিআৰএফ, আৰক্ষীকে ধৰি কেইবাটাও নিৰাপত্তা প্ৰতিষ্ঠানৰ শ শ লোকে ৰাহুলক উদ্ধাৰ কৰিবলৈ দিন-ৰাতি চেষ্টা চলাই গৈছিল। 

ৰাহুলৰ উদ্ধাৰ অভিযানক দেশৰ আটাইতকৈ এনেধৰণৰ ডাঙৰ উদ্ধাৰ অভিযান বুলি অভিহিত কৰা হৈছে।

এই পাঁচ দিনত, ৰাহুলক চিচিটিভি কেমেৰাৰে নিৰন্তৰ নিৰীক্ষণ কৰি থকা  হৈছিল। পাইপেৰে তেওঁক খাদ্য আৰু পানী দিয়া হৈছিল। তেওঁৰ চেতনা যাতে ঠিকে থাকে তাৰ বাবে  তেওঁৰ সৈতে ওপৰৰ পৰাই  নিৰন্তৰ কথা পাতি থকা হৈছিল। ৬০ ফুট গভীৰ  পানীৰে ভৰি থকা গাঁতটোত পাঁচদিন ধৰি আবদ্ধ হৈ থকাৰ ফলত শিশুটিৰ অৱস্থা কাহিল হৈ পৰিছে। 

সেয়ে উদ্ধাৰৰ পিছতে তেওঁক এম্বুলেন্সেৰে বিলাসপুৰৰ এপোলো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জাঞ্জগীৰৰ কালেক্টৰ  জিতেন্দ্ৰ শুক্লাই কয়  যে ৰাহুলৰ অৱস্থা ঠিকেই আছে। তেওঁৰ আনে কোৱা কথাৰ প্ৰতি সঁহাৰি জনাই আছে আৰু ভালদৰে উশাহ লৈ থাকিব পাৰিছে।

 উল্লেখ্য উত্তৰ ভাৰতৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত উন্মুক্ত অৱস্থাত ৰখা বোৰৱেলৰ গাঁতত সোমাই ইতিমধ্যে বহু শিশুৰ মৃত্যু ঘটিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু