--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ গুথেৰথা গ্ৰাম পঞ্চায়তৰ কোটাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ ৰাখীবন্ধন উপলক্ষে মাকৰ সৈতে আইতাকৰ ঘৰলৈ অহা দেৱেন্দ্ৰ সিঙৰ পুত্ৰ পাঁচ বছৰীয়া আদিত্যক নাহৰফুটুকী বাঘে ঘৰৰ চোতালৰ পৰা চোঁচোৰাই লৈ যায় । ঘটনাৰ পিছতে পৰিয়ালৰ লোকৰ মাজত বিশৃংখলতাৰ সৃষ্টি হয়। গুথেৰথাকে ধৰি ওচৰৰ শতাধিক গাঁৱৰ লোকে শিশুটিৰ সন্ধানত হাবিখনৰ লগতে সমগ্ৰ অঞ্চলটোত তদন্ত চলাইছে। তথ্য পোৱাৰ লগে লগে আৰক্ষী-প্ৰশাসনৰ লোক গাঁওখনত উপস্থিত হয়।


গাঁওবুঢ়া মীনাক্ষী দেৱী আৰু সমাজকৰ্মী মনোজ কুমাৰে জনোৱা মতে, উন্নয়ন খণ্ডৰ উনেৰী গাঁৱত কোটা গাঁৱৰ নিবাসী ভাৰত সিঙৰ কন্যা অৰ্চনা দেৱীৰ বিবাহ হৈছিল। ৰাখীবন্ধনৰ উপলক্ষে সোমবাৰে পুৱা পাঁচ বছৰীয়া পুত্ৰৰ সৈতে কোটা গাঁৱৰ মাতৃগৃহলৈ আহিছিল। গোটেই পৰিয়াল আৰু গাঁওবাসীৰ সৈতে গোটেই দিনটো উলাহেৰে ৰাখী উৎসৱ উদযাপন কৰে। সন্ধিয়া প্ৰায় সাত বজাত ঘৰৰ চোতালত বহি খেলি থকা শিশুটিক নাহৰফুটুকী বাঘটোৱে চোঁচোৰাই টানি জোপোহাৰ মাজলৈ লৈ যায়। 

গাঁওবাসীয়ে জনোৱা মতে, সোমবাৰে পুৱা অৰ্চনাৰ স্বামী দেৱেন্দ্ৰ সিঙে কোটা গাঁৱৰ মূল পথত নিজৰ বাহনত তেওঁলোকক এৰি থৈ গৈছিল। মঙলবাৰে পুৱাই তেওঁলোকে উনেৰী গাঁৱলৈ উভতি যোৱাৰ কথা আছিল। 

উল্লেখ্য যে ঘৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ আঁতৰত, জোপোহাৰ মাজত শিশুটিৰ এটা ভৰি উদ্ধাৰ হয়। সন্ধান এতিয়াও অব্যাহত।
ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। গাঁৱৰ ৰাইজে জনোৱা মতে, গাঁৱৰ সমীপত বহুদিন ধৰি এটা নাহৰফুটুকী দেখা গৈছিল। সোমবাৰৰ ঘটনাৰ প্ৰায় আধা ঘণ্টাৰ আগতেও গাঁওবাসীয়ে বাটত নাহৰফুটুকী বাঘটো দেখিছিল। দেৱিঅ’খাল আৰু গুথেৰাঠা অঞ্চলত নাহৰফুটুকী আক্ৰমণৰ এইটোৱেই প্ৰথম ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী