--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বহু সময়ত আৱাস খালী হৈ থাকিলেও বিদ্যুৎ ব্যৱহাৰ হৈ থকাৰ ফলত চৰকাৰী কোষৰ ওপৰত অতিৰিক্ত বোজা পৰিছিল। এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রায় দুবছৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছিল।

ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰৰ ব্যয় সংকোচন নীতি আৰু সেউজ শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা হৈছে। জনতা ভৱনৰ পাছত এইবাৰ অসম বিধানসভাৰ বিধায়ক আৱাস চৌহদত বৃহৎ আকাৰত সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ কাম আৰম্ভ হৈছে। এই প্রকল্প সম্পূর্ণ হৈ উঠিলে বিধানসভা সচিবালয়ৰ ওপৰত থকা বিদ্যুৎ বিলৰ বিশাল বোজা বহু পৰিমাণে আঁতৰিব।


বিধানসভা সচিবালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বিধায়ক আৱাস চৌহদৰ 'এ' ব্লকৰ পৰা ইতিমধ্যে উচ্চক্ষমতাসম্পন্ন ছ'লাৰ পেনেল সংযোগৰ কাম আৰম্ভ হৈছে। পর্যায়ক্রমে সমগ্ৰ আৱাস চৌহদ এই প্ৰকল্পৰ আওতালৈ অনা হ'ব। সংশ্লিষ্ট বিভাগে জনোৱা মতে, এই পেনেলৰ জৰিয়তে দিনৰ ভাগত সূৰ্যৰ পোহৰৰ পৰা শক্তি সংগ্ৰহ কৰি ২৪ ঘণ্টাই নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান ধৰা সম্ভৱ হ'ব। 


উল্লেখযোগ্য যে দীর্ঘদিন ধৰি বিধানসভাৰ চৌহদত প্রয়োজনতকৈ অধিক বিদ্যুৎ ব্যয় হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছিল। বহু সময়ত আৱাস খালী হৈ থাকিলেও বিদ্যুৎ ব্যৱহাৰ হৈ থকাৰ ফলত চৰকাৰী কোষৰ ওপৰত অতিৰিক্ত বোজা পৰিছিল। এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রায় দুবছৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছিল। তেওঁ নিজৰ লগতে মুখ্য সচিব, সকলো মন্ত্ৰী আৰু জনপ্রতিনিধিয়ে নিজৰ চৰকাৰী আৱাসৰ বিদ্যুৎ মাচুল নিজে পৰিশোধ কৰিব লাগিব বুলি নির্দেশ দিছিল। সেই নির্দেশনাৰ পাছত ব্যয় ৰোধৰ বাবে বিকল্প শক্তিৰ সন্ধান আৰম্ভ হৈছিল। তাৰে অংশ হিচাপে প্রথমে জনতা ভৱনত সৌৰ পেনেল সফলভাৱে স্থাপন কৰা হয়। জনতা ভৱনৰ সফলতাৰ পাছত এতিয়া বিধানসভা সচিবালয়ে একে পথ অনুসৰণ কৰিছে। একে সময়তে এই প্রকল্পই পৰিৱেশ সুৰক্ষাতো অৰিহণা যোগাব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু