ডিজিটেল ডেস্ক: যোৱা ২৭ অক্টোবৰত ১০০০ কোটি টকাৰ ঋণ লোৱা ৰাজ্য চৰকাৰখনে এটা পষেক নৌহওঁতেই পুনৰ ১০০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। চৰকাৰী ষ্টক নিলামৰ জৰিয়তে অহা ৯ নৱেম্বৰত ল'ব লগীয়া এই ঋণৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰখনে যোৱা ছেপ্টেম্বৰ মাহত ৩১০০ কোটি টকা আৰু অক্টোবৰ মাহত ২০০০ কোটি টকাৰ ঋণ লৈছিল। বিত্ত বিভাগৰ এটা সূত্রই প্ৰকাশ কৰা মতে চলিত মাহতে পুনৰ ৰাজ্য চৰকাৰখনে আৰু ১০০০ কোটি টকাৰ ঋণ লোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰা ৰাজ্য চৰকাৰখনে বিত্তীয় জোৰা মৰাৰ বাবেই প্রতিমাহে ঋণ ল'ব লগীয়া হৈছে। পূর্বতে প্রতি মাহে অৰুণোদয় আঁচনিৰ নামত ৰাজকোষৰ পৰা ৪৫০ কোটি টকাৰো অধিক টকা ওলাই যায়। আনহাতে শেহতীয়াকৈ ৰাজ্য চৰকাৰখনে আৰম্ভ কৰা নিযুত বাবু আৰু নিযুত মাইনা আঁচনিৰ নামতো প্রতি মাহে প্রায় এশ কোটি টকা ব্যয় হয়। উল্লেখযোগ্য যে, ভোটৰ আশাত ইখনৰ পাছত সিখনকৈ আঁচনি ৰূপায়ণ কৰা ৰাজ্য চৰকাৰখনে ঋণ লোৱাৰ ক্ষেত্ৰত অলপো কৃপণালি কৰা নাই। যাৰ ফলত অসমৰ ঋণৰ পৰিমাণ দুই লাখ কোটি টকাৰো অধিক হৈছেগৈ।
ইফালে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত ৰাজ্যখনৰ ধাৰৰ বোজা ক্ৰমাৎ বৃদ্ধি পাইছে। বিৰোধী দলৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে এনেদৰে প্ৰতি মাহে বৃহৎ পৰিমাণৰ ঋণ লোৱা কাৰ্যৰ বিৰোধিতা কৰি আহিছে যদিও ৰাজ্য চৰকাৰে বৃহৎ আন্তঃগাঁথনি উন্নয়ন, কল্যাণমূলক আঁচনি আৰু বিনিয়োগ বৃদ্ধিৰ বাবে ঋণ লোৱাটো প্রয়োজনীয় বুলি দাবী কৰি ঋণ ল'বলৈ এৰা নাই। সকলোতকৈ ডাঙৰ কথা যে ঋণৰ বোজা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত বর্তমান সময়ত জনমূৰি ঋণ প্রায় ৪২,৫০০ টকালৈ বৃদ্ধি পাইছে।
তথ্য অনুসৰি স্বাধীনতাৰ পৰা তৰুণ গগৈৰ চৰকাৰৰ দিনলৈকে অর্থাৎ ২০১৬ চনৰ মাৰ্চলৈ অসমৰ সমুদায় ঋণৰ পৰিমাণ আছিল প্রায় ৪১,৯৬৪ কোটি টকা। কিন্তু সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ঋণৰ বোজা ৮৯,৭০৯ কোটি টকালৈ বৃদ্ধি পায়। ইয়াৰ পাছত ২০২১ চনত ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্রতি মাহে ইমানেই ঋণ লোৱা আৰম্ভ কৰিলে যে ২০২৫ চনৰ মাৰ্চলৈকে অসম চৰকাৰৰ ঋণৰ বোজা ১,৭৭,৯৮৩ কোটি টকা হয়গৈ আৰু এতিয়া এই পৰিমাণ প্রায় দুই লাখ তেৰ হাজাৰ টকা হৈছেগৈ।
উৎস: দৈনিক জনমভূমি