--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শীতৰ আগমনৰ লগে লগে এই শিলঘৰীয়া মাছ নদীখনত উভৈনদী হৈ পৰাৰ বিপৰীতে সুস্বাদু এইবিধ মাছ খোৱাটো একাংশ লোকে আভিজাত্যৰ পৰিচায়ক বুলি মানি অধিক দামত হ'লেও শিলঘৰীয়া ক্ৰয় কৰা দেখা পোৱা যায়।

ডিজিটেল ডেস্ক: শোণিতপুৰ জিলাৰ উত্তৰ নদুৱাৰ অঞ্চলৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নদীখনত পোৱা দুষ্প্রাপ্য শিলঘৰীয়া মাছে ঐতিহ্য বহন কৰিছে নদুৱাৰ অঞ্চলৰ। অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ পৰা বৈ আহি উত্তৰ নদুৱাৰৰ মাজেৰে পাৰ হৈ মহাবাহু ব্ৰহ্মপুত্ৰত মিলিত হোৱা এই জীয়াভৰলী নদীখনৰ দলঙৰ কাষত আৰু বৰদিকৰাই, বামুণী পাম, তৰাজান, ডেকাচুককে আদি কৰি বিভিন্ন ঠাইত সম্প্রতি উভৈনদী হৈ পৰিছে দুষ্প্রাপ্য প্ৰজাতিৰ শিলঘৰীয়া মাছবিধ।


বিগত বৰ্ষবোৰৰ দৰেই বৰ্তমান সময়তো এই শিলঘৰীয়া মাছ একাংশ চোৰাং ব্যৱসায়ীয়ে দিনে-নিশাই অবাধে নিধন কৰি ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। এই শিলঘৰীয়া মাছৰ বজাৰ মূল্য ৮শৰ পৰা ১ হাজাৰ টকালৈকে হোৱাৰ বিষয়ে জানিব পৰা গৈছে। 


লক্ষণীয় বিষয় যে নিশাৰ ভাগত নাও লৈ টর্চ জ্বলাই বিভিন্ন ব্যৱসায়ীয়ে জাল আৰু আন বিভিন্ন মাধ্যমেৰে শিলঘৰীয়া মাছ নিধন কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। কিন্তু প্রশাসন আৰু মীন বিভাগে চকু মুদা কুলিৰ ভাও জুৰি থকাটো ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে।


এই সন্দর্ভত সংবাদ মাধ্যমে বিভিন্ন সময়ত বাতৰি প্ৰকাশ কৰি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে যদিও বর্তমানলৈকে কোনো সুফল লাভ কৰা নাই। ইয়াৰে সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে এই সময়ছোৱাত বিশেষকৈ জীয়াভৰলী নদীখনৰ পৰা কুইণ্টলে কুইণ্টলে শিলঘৰীয়া মাছ নিধন কৰি তেজপুৰ, বিশ্বনাথ চাৰিআলি, গুৱাহাটী আদিলৈ নি বিক্ৰী কৰি থকাৰ অভিযোগ উঠিছে। 


ইফালে শীতৰ আগমনৰ লগে লগে এই শিলঘৰীয়া মাছ নদীখনত উভৈনদী হৈ পৰাৰ বিপৰীতে সুস্বাদু এইবিধ মাছ খোৱাটো একাংশ লোকে আভিজাত্যৰ পৰিচায়ক বুলি মানি অধিক দামত হ'লেও শিলঘৰীয়া ক্ৰয় কৰা দেখা পোৱা যায়। দুষ্প্রাপ্য এই শিলঘৰীয়া মাছবিধৰ ব্যতিক্রমী সোৱাদ আছে। প্ৰতিবছৰে বছৰৰ নিৰ্দিষ্ট সময়ছোৱাতহে উভৈনদী হয়। সেইবাবে হয়তো বছৰত এবাৰ হ'লেও এই মাছৰ সোৱাদ ল'বলৈ ৰাইজ বিয়াকুল হৈ পৰে।


পৰিতাপৰ বিষয়টো হ'ল দুষ্প্রাপ্য শিলঘৰীয়া মাছ ধৰিবলৈ মাছ বেপাৰীয়ে প্ৰয়োগ কৰা অমানৱীয় কৌশল। বহুতে এই মাছ ধৰিবলৈ জালৰ লগতে ৰাসায়নিক ঔষধো প্রয়োগ কৰাৰ খবৰ পোৱা যায়। সম্প্রতি এই দুষ্প্রাপ্য শিলঘৰীয়া মাছৰ সংৰক্ষণৰ জৰিয়তে জীয়াভৰলী নদীখনক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰলৈ সচেতন মহলে আহ্বান জনাইছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু