--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • একতা বিগত কেইবা বছৰধৰি মেৰুদণ্ডৰ সৈতে জড়িত ৰোগত পীড়িত হৈ হতাশাত ভুগিছিল। তেওঁ বিভিন্ন চিকিৎসালয়লৈ গৈ চিকিৎসা কৰাইছিল যদিও ৰোগ নিৰাময় হোৱা নাছিল।

ডিজিটেল ডেস্ক: নিজৰ জীৱনৰ সমস্যা সহিব নোৱাৰি ৩৩ বছৰীয়া এগৰাকী মহিলাই নিজৰ ৬ বছৰীয়া পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি আত্মহত্যা কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে। তেওঁ স্বামীক উদ্দেশ্যি কৰি লিখিছে যে ‘‘মই যোৱাৰ পিছত দ্বিতীয় বিবাহ কৰি ল’বা।’’ আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে মহিলাগৰাকী মেৰুদণ্ডৰ ৰোগত আক্ৰান্ত হৈ আছিল। এই ঘটনা সংঘটিত হৈছে পুণেত। 


মৃত মহিলাগৰাকীৰ পৰিচয় একতা বাংগড় আৰু পুত্ৰৰ বয়স ৬ বছৰ বুলি জানিব পৰা গৈছে। এই পৰিয়ালটোৱে পিম্পৰি-চিঞ্চৱড়ৰ চিজনেশ্বাৰ পাৰ্কস্থিত এখন হাই-প্ৰফাইল ছ’চাইটিত বাস কৰিছিল। একতাৰ স্বামী মনোজ বাংগড় পুণেৰ এটা আই টি কোম্পানীৰ ইঞ্জিনীয়াৰ। তদন্তত প্ৰকাশ পাইছে যে একতা বিগত কেইবা বছৰধৰি মেৰুদণ্ডৰ সৈতে জড়িত এক গুৰুতৰ ৰোগত ভুগি আছিল।


ঘটনাটো ঘটাৰ সময়ত ঘৰত একতা আৰু তেওঁৰ ছয় বছৰীয়া পুত্ৰ আছিল। সেই সময়তে একতাই নিজৰ পুত্ৰক লগত লৈ বিল্ডিংটোৰ ১৮ মহলালৈ যায় আৰু তাৰ পৰা জাঁপ দিয়ে। তলত পৰাৰ লগে লগে মাক আৰু পুত্ৰ দুয়োৰে থিতাতে মৃত্যু হয়। 


জাঁপ দিয়াৰ পূৰ্বে একতাই ৭-৮ পৃষ্ঠাৰ এখন চুইচাইড নোট লিখি গৈছিল। ইয়াতে তেওঁ স্বামী মনোজৰ প্ৰতি নিজৰ আৱেগ প্ৰকাশ কৰিছে। একতাই লিখিছে যে ‘‘মই যোৱাৰ পিছত পুনৰ বিয়া পাতি ল’বা আৰু নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবা।’’


ছুইচাইড নোটখনত একতাই নিজৰ পুত্ৰকো লগত লৈ যোৱাৰ সন্দৰ্ভত কিছু কথা উল্লেখ কৰিছে। একতাই লিখিছে যে মোৰ মৃত্যুৰ পিছত পুত্ৰই মোক মনত পেলাই থাকিব আৰু বাৰে বাৰে দেউতাকক সুধিব যে মা ক’ত আছে? ইয়াৰ দ্বাৰা স্বামীয়ে আমনি পাব। ইয়াৰ উপৰিও পুত্ৰ সন্তান থকাৰ অৱস্থাত স্বামীৰ বাবে পুনৰ বিবাহ কৰাটো কঠিন হৈ পৰিব পাৰে। গতিকে তেওঁ পুত্ৰক লগত লৈ যোৱাৰ সিদ্ধান্ত ল’লে।


একতা বিগত কেইবা বছৰধৰি মেৰুদণ্ডৰ সৈতে জড়িত ৰোগত পীড়িত হৈ হতাশাত ভুগিছিল। তেওঁ বিভিন্ন চিকিৎসালয়লৈ গৈ চিকিৎসা কৰাইছিল যদিও ৰোগ নিৰাময় হোৱা নাছিল। দীৰ্ঘদিন ধৰি ভুগি থকা এই দুৰ্ভোগৰ কথাও তেওঁ উল্লেখ কৰিছে।


ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ৱাকড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। এই সন্দৰ্ভত আৰক্ষী থানাত এটা অপমৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ছুইচাইড নোটখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। বৰ্তমান, মাতৃ আৰু পুত্ৰৰ এই মৰ্মান্তিক মৃত্যুৱে চিজনেশ্বাৰ পাৰ্ক ছ’চাইটিসহ সমগ্ৰ পিম্পৰি-চিঞ্চৱড়ত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে