--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিটিআৰ নিৰ্বাচনত কাক সমৰ্থন কৰিব সেয়া বিটিআৰৰ ৰাইজে সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰি ইয়াত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ চিন্তা কৰিবলগীয়া একো নাই বুলি উল্লেখ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে।

ডিজিটেল ডেস্ক : অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে। বিটিআৰত ইউ পি পি এল আৰু বিপিএফ একত্ৰিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিটিআৰৰ পৰা বাহিৰ কৰি দিব লাগে বুলি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বিটিআৰ প্ৰান্তীয় সমিতি ৷


ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অখিল গগৈয়ে কৰা এনে অশালীন মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বিটিআৰ সমিতিৰ সভাপতি বুবুল নাথ আৰু সম্পাদক তপেশ্বৰ নাথে অখিল গগৈক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই বিধায়কগৰাকীৰ বিৰুদ্ধে তামুলপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।


বিটিআৰ নিৰ্বাচনত কাক সমৰ্থন কৰিব সেয়া বিটিআৰৰ ৰাইজে সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰি ইয়াত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ চিন্তা কৰিবলগীয়া একো নাই বুলি উল্লেখ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে। বিটিআৰত অস্থিৰ পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰা বুলি বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।


ৰাজ্যৰ সাংবিধানিক পদাধিকাৰী মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা বিধায়ক অখিল গগৈক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। ইয়াৰ অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ