--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিটিআৰ নিৰ্বাচনত কাক সমৰ্থন কৰিব সেয়া বিটিআৰৰ ৰাইজে সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰি ইয়াত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ চিন্তা কৰিবলগীয়া একো নাই বুলি উল্লেখ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে।

ডিজিটেল ডেস্ক : অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে। বিটিআৰত ইউ পি পি এল আৰু বিপিএফ একত্ৰিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিটিআৰৰ পৰা বাহিৰ কৰি দিব লাগে বুলি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বিটিআৰ প্ৰান্তীয় সমিতি ৷


ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অখিল গগৈয়ে কৰা এনে অশালীন মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বিটিআৰ সমিতিৰ সভাপতি বুবুল নাথ আৰু সম্পাদক তপেশ্বৰ নাথে অখিল গগৈক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই বিধায়কগৰাকীৰ বিৰুদ্ধে তামুলপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।


বিটিআৰ নিৰ্বাচনত কাক সমৰ্থন কৰিব সেয়া বিটিআৰৰ ৰাইজে সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰি ইয়াত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ চিন্তা কৰিবলগীয়া একো নাই বুলি উল্লেখ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে। বিটিআৰত অস্থিৰ পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰা বুলি বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।


ৰাজ্যৰ সাংবিধানিক পদাধিকাৰী মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা বিধায়ক অখিল গগৈক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। ইয়াৰ অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু