--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • মুখ্যমন্ত্রী ড° শর্মাই কয়, 'এই সাক্ষাৎ কালত ৰাজ্যৰ আৰ্থ-সামাজিক বিভিন্ন বিষয় তেখেতক অৱগত কৰাৰ লগতে চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণৰ বিষয়টোও আলোচনা কৰোঁ।'

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিকাশৰ সন্দর্ভত সোমবাৰে নতুন দিল্লীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰে। এই ভ্রমণ কালতে তেওঁ কেন্দ্রীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডী, জল শক্তি মন্ত্রী চি আৰ পাটিলকো সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে প্রধানমন্ত্রীক সাক্ষাৎ কৰি এক ফলপ্রসূ আলোচনাত মিলিত হওঁ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়, 'এই সাক্ষাৎ কালত ৰাজ্যৰ আৰ্থ-সামাজিক বিভিন্ন বিষয় তেখেতক অৱগত কৰাৰ লগতে চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণৰ বিষয়টোও আলোচনা কৰোঁ।'


আনহাতে, সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে অহা ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী অসমলৈ আহিব বুলি উল্লেখ কৰি তেওঁ কয়, 'সেইদিনা তেখেতক স্বাগতম জনাবলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ বিষয়েও অৱগত কৰোঁ।' প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ আমাৰ ৰাজ্যৰ উন্নয়নী যাত্রাত আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'তেখেতক অসমৰ গহপুৰত নিৰ্মাণ কৰিব লগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ শিলান্যাস কাৰ্যসূচীলৈ আমন্ত্ৰণৰ শৰাই আগবঢ়াওঁ। অসমৰ অন্যতম মহান স্বাধীনতা সংগ্রামী বীৰাংগনা কনকলতা বৰুৱাৰ নামত উৎসর্গিত এই উচ্চ শিক্ষানুষ্ঠানখন সম্পূর্ণৰূপে উদ্যোগমুখী শৈক্ষিক দৃষ্টিভংগীৰে স্থাপন কৰা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অন্যতম হ'ব। এই শিক্ষানুষ্ঠানে কৃত্রিম বুদ্ধিমত্তা, কোৱান্টাম কম্পিউটিং আৰু ৰবটিক্সৰ দৰে কিছুমান বিশেষ পাঠ্যক্রম আগবঢ়াই প্রযুক্তিগত সময়ৰ সৈতে আগবাঢ়ি যোৱাৰ লগতে সম্ভাৱনাময় ক্ষেত্ৰত সাৰথিৰ ৰূপত আত্মপ্রকাশ কৰিব।' কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰীক বিজেপিৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা আৰু কনৰাড পুৰকায়স্থায়ো সংগ দিয়ে।


ইফালে কেন্দ্রীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীৰ সৈতে এক ফলপ্রসূ বৈঠকত মিলিত হৈ আনন্দিত হ'লোঁ বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'এই বৈঠকত মাৰ্ঘেৰিটাত ক'ল ইণ্ডিয়াৰ কাৰ্যকলাপক অধিক উৎসাহজনক, শক্তিশালী আৰু উৎপাদনক্ষম কৰি তোলাৰ বিষয়ে আমি দীঘলীয়াকৈ আলোচনা কৰোঁ।' বৈঠকত অসমত স্থাপন হ'বলগীয়া উদ্যোগৰ বাবে প্রয়োজনীয় কয়লা যোগানৰ সন্দৰ্ভতো আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে বিয়লিৰ ভাগত মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাটিলৰ সৈতে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত অসমত জল জীৱন মিছন ৰূপায়ণৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰি মুখ্যমন্ত্রী ড° শর্মাই উক্ত আঁচনিসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰক সময়মতে ধন মোকোলাই দিবলৈ আহ্বান জনায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement