--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে নতুন ছবি ‘ডাৰ্লিংছ’ৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিছে। টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মোহময়ী অভিনেত্ৰী গৰাকীয়ে। আলিয়া ভাটক শুভকামনা জনাইছে বলীউড কিং শ্বাহৰুখ খানে। শুভকামনাৰ লগতে মহাতাৰকা গৰাকীয়ে আলিয়া ভাটৰ পৰৱৰ্তী হোম প্ৰডাকচন ছবিৰ বাবে কাম বিচাৰিছে। কিং খানে টুইটাৰ়োগে সদৰী কৰা প’ষ্টতো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, ২০১৬ চনত মুক্তি পোৱা ‘ডিয়েৰ জিন্দেগী’ত শ্বাহৰুখ খান আৰু আলিয়া ভাটক একেলগে দেখিবলৈ পোৱা গৈছিল।


শ্বাহৰুখ খানে আলিয়া ভাটৰ টুইটাৰ প’ষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘এই প্ৰডাকচনৰ পাছত পৰৱৰ্তী প্ৰডাকচনত অনুগ্ৰহ কৰি মোক সুযোগ দিবা। নিৰ্ধাৰিত সময়ত শ্বুটিং স্থলীলৈ যাম আৰু প্ৰফেচ’নেল হৈ থাকিম।প্ৰতিশ্ৰুতি দিলোঁ।’ ধেমালীৰ চলেৰে আলিয়া ভাটৰ পৰা এইদৰে কাম বিচাৰিছে বাদশ্বাহে। উল্লেখ্য যে, আলিয়া ভাটে প্ৰথমবাৰলৈ প্ৰযোজক হিচাপে কাম কৰিবলৈ আগবাঢ়িিছে। ছবিখনত আলিয়া ভাটৰ সৈতে ছেফালী শ্বাহকো দেখিবলৈ পাৱ চলচিত্ৰ প্ৰেমীয়ে। মাতৃ-কন্যাৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত ‘ডাৰ্লিং’ত মুম্বাই চহৰৰ নিম্ন মধ্যবৰ্গৰ পৰিৱেশক তুলি ধৰা হ’ব বুলি জানিবলৈ পোৱা গৈছে।আনহাতে শ্বাহৰুখ খান বৰ্তমান ‘পাঠান’ ছবিৰ শ্বুটিং-ত ব্যস্ত হৈ আছে।‘পাঠান’ত শ্বাহৰুখ সৈতে অভিনয় কৰিছে দীপিকা পাডুকনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ