--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে নতুন ছবি ‘ডাৰ্লিংছ’ৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিছে। টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মোহময়ী অভিনেত্ৰী গৰাকীয়ে। আলিয়া ভাটক শুভকামনা জনাইছে বলীউড কিং শ্বাহৰুখ খানে। শুভকামনাৰ লগতে মহাতাৰকা গৰাকীয়ে আলিয়া ভাটৰ পৰৱৰ্তী হোম প্ৰডাকচন ছবিৰ বাবে কাম বিচাৰিছে। কিং খানে টুইটাৰ়োগে সদৰী কৰা প’ষ্টতো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, ২০১৬ চনত মুক্তি পোৱা ‘ডিয়েৰ জিন্দেগী’ত শ্বাহৰুখ খান আৰু আলিয়া ভাটক একেলগে দেখিবলৈ পোৱা গৈছিল।


শ্বাহৰুখ খানে আলিয়া ভাটৰ টুইটাৰ প’ষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘এই প্ৰডাকচনৰ পাছত পৰৱৰ্তী প্ৰডাকচনত অনুগ্ৰহ কৰি মোক সুযোগ দিবা। নিৰ্ধাৰিত সময়ত শ্বুটিং স্থলীলৈ যাম আৰু প্ৰফেচ’নেল হৈ থাকিম।প্ৰতিশ্ৰুতি দিলোঁ।’ ধেমালীৰ চলেৰে আলিয়া ভাটৰ পৰা এইদৰে কাম বিচাৰিছে বাদশ্বাহে। উল্লেখ্য যে, আলিয়া ভাটে প্ৰথমবাৰলৈ প্ৰযোজক হিচাপে কাম কৰিবলৈ আগবাঢ়িিছে। ছবিখনত আলিয়া ভাটৰ সৈতে ছেফালী শ্বাহকো দেখিবলৈ পাৱ চলচিত্ৰ প্ৰেমীয়ে। মাতৃ-কন্যাৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত ‘ডাৰ্লিং’ত মুম্বাই চহৰৰ নিম্ন মধ্যবৰ্গৰ পৰিৱেশক তুলি ধৰা হ’ব বুলি জানিবলৈ পোৱা গৈছে।আনহাতে শ্বাহৰুখ খান বৰ্তমান ‘পাঠান’ ছবিৰ শ্বুটিং-ত ব্যস্ত হৈ আছে।‘পাঠান’ত শ্বাহৰুখ সৈতে অভিনয় কৰিছে দীপিকা পাডুকনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু