--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰেমত পৰিছে পৱনদ্বীপ ৰাজন। চলিত ইণ্ডিয়ান আইড’লৰ ছিজন-১২ত পৱনদ্বীপৰ গীতে মুগ্ধ কৰিছে বিচাৰকক। চুইছে অগণন অনুৰাগীৰো অন্তৰ। চলিত বৰ্ষত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজৰ এক জনিপ্ৰিয় যুটি হৈছে চৰ্চিত অৰুণিতা-পৱনদ্বীপৰ যুটি। দুয়োৰে গীতৰ মূৰ্ছনাই অসংখ্য লোকক আহ্লাদিত কৰাৰ লগে লগে আন এটি বিষয় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সেয়া হৈছে অৰুণিতা আৰু পৱনদ্বীপ ৰাজনৰ সম্পৰ্ক। সমগ্ৰ ছিজনটোতে দুয়োৰে প্ৰেম কাহিনীয়ে এতিয়া সুতীব্ৰ ৰূপ লৈ লৈছে। অনুষ্ঠানৰ পৰিচালক আদিত্য নাৰায়ণে বিভিন্ন সময়ত দুয়োকে কেন্দ্ৰ কৰি নানা-ধৰণে হাঁহি-ধেমালি কৰি আহিছে। কিন্তু অৰুণিতা আৰু পৱনে তেওঁলোকৰ প্ৰেম কাহিনী আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাছিল। শ্ৰোতাৰ তীব্ৰ কৌতূহলৰ মাজতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই পৱনদ্বীপৰ অকপট স্বীকাৰোক্তি ‘প্ৰেমত পৰিছোঁ।’


উল্লেখ্য যে, চলিত ইণ্ডিয়ান আইড’ল এটাৰ পাছত আন এটা বিতৰ্ক সাঙোৰ খাই পৰিছে। কেতিয়াবা যদি বিচাৰক, কেতিয়াবা আকৌ প্ৰতিযোগী, কোনো হাত-সাৰি যোৱা নাই। এই বিতৰ্কৰ সমান্তৰালকৈ অৰুণিতা আৰু পৱনদ্বীপৰ সম্পৰ্কক কেন্দ্ৰ কৰি চলিছে বু-বু, বা-বা। অৱশ্যে, পূৰ্বৰ প্ৰতিযোগীয়ে এইবোৰ টিআৰপিৰ খেল বুলি অভিহিত কৰিছে। একাংশৰ মতে ৰিয়েলিটী শ্ব’বোৰত ৰিয়েলিটীক বাদ দি সকলো সম্ভৱ। গতিকে এই চৰ্চাও দৰ্শকৰ মনোৰঞ্জনৰ বাবেহে।


চলিত সপ্তাহৰ ইণ্ডিয়ান আইড’লত শ্ৰোতালৈ আগবঢ়োৱা হ’ব বৰ্ষাৰ গীত।পৱনদ্বীপে পৰিৱেশন কৰিব কিশোৰ কুমাৰৰ কালজয়ী গীত ‘ৰিম ঝিম গিৰে ছাৱন…।’ অনুষ্ঠানৰ ৰেকৰ্ডিঙৰ অন্তত পৱনদ্বীপে কয়, তেওঁ প্ৰেমত পৰিছে। স্বাভাৱিকতে এই কথা শুনাৰ পাছত মানুহে তিলটোকে তালটো কৰিছে। পৱনদ্বীপৰ কৈছিল যে, তেওঁ এই পৰিৱেশৰ প্ৰেমত পৰিছে। জানিব পৰা মতে, অতিশীঘ্ৰে হিমেশ ৰেছমিয়াৰ নতুন এলবামত বাণীবদ্ধ কৰা হ’ব অৰুণিতা-পৱনদ্বীপৰ গীত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ