--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : ৰাম অবিহনে অযোধ্যাত একো নাই। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই মন্তব্য কৰে। শনিবাৰে অযোধ্যা ভ্ৰমণ কৰাৰ সময়ত এই মন্তব্য কৰে ৰাষ্ট্ৰপতি কোবিন্দে। ৰাম মন্দিৰৰ নিৰ্মাণ চলি থকা অযোধ্যাৰ ভূমিত ভৰি দি ৰাষ্ট্ৰপতি কোবিন্দে কয়, ‘ৰাম অবিহনে, অযোধ্যা অযোধ্যা হ’ব নোৱাৰে। ৰাম থকা বাবেহে অযোধ্যাৰ পৰিচয় আছে। ভগৱান ৰামে এই চহৰত স্থায়ীভাৱে বাস কৰে আৰু সেইবাবেই এই চহৰ অযোধ্যা হৈ ৰৈছে।’

অযোধ্যাত এখন ৰামায়ন সন্মিলন উদ্বোধন কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰপতি কোবিন্দে। এই ভ্ৰমণকালতে তেওঁ ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য চলি থকা ৰামজন্মভূমি ক্ষেত্ৰও ভ্ৰমণ কৰিব। ভাষণত তেওঁ নিজৰ নামৰ প্ৰসংগ উল্লেখ কৰি কয়, ‘মই অনুভৱ কৰোঁ যে, মোৰ পৰিয়ালৰ সদস্যসকলে মোৰ নাম ৰখাৰ সময়ত ৰাম কতথা আৰু ভগৱান ৰামক শ্ৰদ্ধা সহকাৰে আৰু গভীৰ আন্তৰিকতাৰে মনত ৰাখিছিল। দেশৰ নাগৰিকৰ মাজত আজিও সেই শ্ৰদ্ধা আৰু আন্তৰিক ভক্তি অনুভৱ কৰিব পাৰি। ভাষণত তেওঁ অযোধ্যা নামৰ অৰ্থৰো বাখ্যা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক