--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিশিষ্ট ঔপন্যাসিক তথা প্ৰখ্যাত লেখক বুদ্ধদেৱ গুহৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প্ৰবীণ সাহিত্যিকগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত দক্ষিণ কলকাতাৰ বেলভিউ চিকিৎসালয়ত বৰেণ্য সাহিত্যিকগৰাকীৰ মৃত্যু হয়। জানিব পৰা মতে, চলিত বৰ্ষৰ এপ্ৰিল মাহত কৰ’নাত আক্ৰান্ত হৈছিল বৰ্ষীয়ান সাহিত্যিকগৰাকী। ৩১ জুলাইৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ। দীৰ্ঘ দিনৰ চিকিৎসাৰ পাছত কৰ’নাৰ পৰা মুক্ত হৈ তেওঁ নিজ গৃহলৈ উভতি গৈছিল।

কিন্তু হঠাৎ তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হয়। চিকিৎসালয়ৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, ‘সাহিত্যিক গৰাকীয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে মূত্ৰনলীৰ সংক্ৰমণত ভুগিছিল। যকৃত আৰু বৃক্কৰ সমস্যায়ো দুৰ্বল কৰি তুলিছিল তেওঁক।’ দীৰ্ঘসময়ৰ পৰা দৃষ্টিশক্তিৰ সমস্যাত ভুগি থকা সাহিত্যিকগৰাকীয়ে বাৰ্ধক্যজনিত বিভিন্ন সমস্যাৰ সৈতে যুঁজ দি থকা বুলিও প্ৰকাশ কৰিছে চিকিৎসকে।

ভালেমান কালজয়ী উপন্যাসৰ স্ৰষ্টা আছিল বুদ্ধদেৱ গুহ। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল, ‘জঙ্গল মহল’; ‘বাবলি’; ‘মাধুকৰী’; ‘কোজাগৰ’; ‘হলুদ বসন্ত’; ‘ফৰ এ লিটল ৱাৰ্মথ’; ‘কুমুদিনী’; ‘খেলা জব’; ‘চাংহাৰ গান’। সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অবদানৰ বাবে স্মৰণীয় হৈ ৰ’ব তেওঁ। উল্লেখ্য যে, ১৯৭৬ চনত সমাদৃত উপন্যাস ‘ইয়েলো স্প্ৰিং’ৰ বাবে ‘আনন্দ বঁটা’ লাভ কৰিছিল গুহই। কিশোৰ সাহিত্যলৈও তেওঁৰ অৱদান অনস্বীকাৰ্য্য। বৰণ্যে সাহিত্যিেক গৰাকীৰ মৃত্যুক দেশৰ সাহিত্য জগতত শোকৰ ছাঁ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক