--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰতিযোগিতাখনত তেওঁ সোঁ আৰু বাওঁ দুয়োখন হাতৰ পাঞ্জা যুঁজতে অৱতীৰ্ণ হৈ দুটাকৈ সোণৰ পদক বুটলি সমগ্ৰ ৰাজ্যখনলৈকে গৌৰৱ কঢ়িয়াই আনিছে অমৰ চাওৰাই।

ডিজিটেল ডেস্ক: অসমীয়া ক্ৰীড়াক্ষেত্ৰৰ বাবে এক গৌৰৱোজ্জ্বল খবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ জিলিকি উঠিল মৰাণৰ এজন প্ৰতিভাৱান খেলুৱৈ। গুজৰাটৰ গান্ধীনগৰত অলপতে অনুষ্ঠিত হৈ যোৱা ‘চতুৰ্থ পাফি নেচনেল আৰ্ম ৰেচলিং এণ্ড পেৰা আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ-২০২৬’ (4th PAFI National Arm Wrestling & Para Arm Wrestling Championship-2026)ত বিশেষভাৱে সক্ষম পাঞ্জা খেলুৱৈ অমৰ চাওৰাই চমকপ্ৰদ সফলতা অৰ্জন কৰিছে।


প্ৰতিযোগিতাখনত তেওঁ সোঁ আৰু বাওঁ দুয়োখন হাতৰ পাঞ্জা যুঁজতে অৱতীৰ্ণ হৈ দুটাকৈ সোণৰ পদক বুটলি সমগ্ৰ ৰাজ্যখনলৈকে গৌৰৱ কঢ়িয়াই আনিছে।


মৰাণৰ গজপুৰীয়া চাওৰা লাইনৰ বাসিন্দা অমৰ চাওৰাৰ এই সাফল্যই উৎফুল্লিত কৰি তুলিছে সমগ্ৰ ক্ৰীড়াপ্ৰেমীক।


বিগত চাৰি বছৰ ধৰি তেওঁ মৰাণৰ ‘অৰুণোদয় সংঘ’ত নিয়মীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। বিশিষ্ট প্ৰশিক্ষক পাৰ্থপ্ৰতীম বৰুৱাৰ প্ৰশিক্ষণত পাঞ্জা খেলত উজলি উঠিবলৈ সক্ষম হৈছে অমৰ চাওৰা। 


প্ৰশিক্ষক পাৰ্থপ্ৰতীম বৰুৱাৰ সঠিক নিৰ্দেশনা আৰু কঠোৰ তত্বাৱধানত লাভ কৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাবল গোল্ড মেডেলৰ সফলতাত খেলুৱৈ অমৰ চাওৰা বৰ্তমান অত্যন্ত উৎফুল্লিত আৰু আনন্দিত হৈ পৰিছে। তেওঁৰ এই সফলতাই সমগ্ৰ মৰাণ অঞ্চলৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজতো ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ