--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰতিযোগিতাখনত তেওঁ সোঁ আৰু বাওঁ দুয়োখন হাতৰ পাঞ্জা যুঁজতে অৱতীৰ্ণ হৈ দুটাকৈ সোণৰ পদক বুটলি সমগ্ৰ ৰাজ্যখনলৈকে গৌৰৱ কঢ়িয়াই আনিছে অমৰ চাওৰাই।

ডিজিটেল ডেস্ক: অসমীয়া ক্ৰীড়াক্ষেত্ৰৰ বাবে এক গৌৰৱোজ্জ্বল খবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ জিলিকি উঠিল মৰাণৰ এজন প্ৰতিভাৱান খেলুৱৈ। গুজৰাটৰ গান্ধীনগৰত অলপতে অনুষ্ঠিত হৈ যোৱা ‘চতুৰ্থ পাফি নেচনেল আৰ্ম ৰেচলিং এণ্ড পেৰা আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ-২০২৬’ (4th PAFI National Arm Wrestling & Para Arm Wrestling Championship-2026)ত বিশেষভাৱে সক্ষম পাঞ্জা খেলুৱৈ অমৰ চাওৰাই চমকপ্ৰদ সফলতা অৰ্জন কৰিছে।


প্ৰতিযোগিতাখনত তেওঁ সোঁ আৰু বাওঁ দুয়োখন হাতৰ পাঞ্জা যুঁজতে অৱতীৰ্ণ হৈ দুটাকৈ সোণৰ পদক বুটলি সমগ্ৰ ৰাজ্যখনলৈকে গৌৰৱ কঢ়িয়াই আনিছে।


মৰাণৰ গজপুৰীয়া চাওৰা লাইনৰ বাসিন্দা অমৰ চাওৰাৰ এই সাফল্যই উৎফুল্লিত কৰি তুলিছে সমগ্ৰ ক্ৰীড়াপ্ৰেমীক।


বিগত চাৰি বছৰ ধৰি তেওঁ মৰাণৰ ‘অৰুণোদয় সংঘ’ত নিয়মীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। বিশিষ্ট প্ৰশিক্ষক পাৰ্থপ্ৰতীম বৰুৱাৰ প্ৰশিক্ষণত পাঞ্জা খেলত উজলি উঠিবলৈ সক্ষম হৈছে অমৰ চাওৰা। 


প্ৰশিক্ষক পাৰ্থপ্ৰতীম বৰুৱাৰ সঠিক নিৰ্দেশনা আৰু কঠোৰ তত্বাৱধানত লাভ কৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাবল গোল্ড মেডেলৰ সফলতাত খেলুৱৈ অমৰ চাওৰা বৰ্তমান অত্যন্ত উৎফুল্লিত আৰু আনন্দিত হৈ পৰিছে। তেওঁৰ এই সফলতাই সমগ্ৰ মৰাণ অঞ্চলৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজতো ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু