--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাই দাবী কৰিছে যে ভাৰতত ঘৃণামূলক ভাষণ আতংকজনকভাৱে বৃদ্ধি পাইছে। বুধবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে বিশ্বৰ ধৰ্মীয় স্বাধীনতা সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰে (Religious Freedom Report)। প্রতিবেদন প্রকাশ কৰি তেওঁ কয় যে ধৰ্মীয় স্বাধীনতাৰ বিষয়টো এতিয়াও সমগ্ৰ বিশ্বৰ বহু লোকে স্বীকৃতি নিদিয়ে৷ একে সময়তে ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও তেওঁ কয়।

তেওঁ কয়, ‘ভাৰতত ঘৃণামূলক ভাষণ, ধৰ্মান্তৰকৰণ বিৰোধী আইন, সংখ্যালঘুৰ ঘৰ আৰু উপাসনা স্থান ভাঙি পেলোৱাৰ আতংকজনক বৃদ্ধি আমি দেখিবলৈ পাইছো। একে সময়তে বিশ্বৰ মানুহে ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে।" প্ৰতিবেদন অনুসৰি আমেৰিকাৰ শীৰ্ষ বিষয়াসকলে নতুন দিল্লীৰ সৈতে এই বিষয়সমূহৰ ওপৰত কথা পাতিছে।

প্ৰসংগক্ৰমে প্ৰায় সকলো দলৰ কেইবাজনো নেতাই লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰাজস্থানৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া মন্তব্যক লৈও বিতৰ্কৰ সৃষ্টি হয়। কংগ্ৰেছে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ বিভাজনৰ উচটনি দিছে। কিন্তু বিজেপিয়ে এই অভিযোগ অস্বীকাৰ কৰি কংগ্ৰেছক আক্ৰমণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল