--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ বনজুইয়ে কালৰূপ ধাৰণ কৰিছে। লছ এঞ্জেলছৰ জংঘলত সংঘটিত বনজুইৰ ভয়াৱহতাত আতংকিত জনসাধাৰণ। 


 এই বনজুই  দ্ৰুতগতিত বিয়পি পৰিছে।  মৃত্যু হৈছে বহু লোকৰ।  জুইত জ্বলি গৈছে বহুতো ডাঙৰ অট্টালিকা, সা- সম্পত্তি। বনজুইত জাহ গৈছে ১০০০ৰো অধিক বাসগৃহ।

 হলিউড হিলছ্‌তো দ্ৰুতগতিত বিয়পি পৰিছে জুই। এই জুইয়ে ছাৰখাৰ কৰিছে হলীউড তাৰকাৰ অট্টালিকা। 

   ইউজিন লেভি চিচি,  এডাম ব্ৰডী, লিটন মেষ্টাৰ  এনা ফাৰিছ,  জোডি স্পেন্সাৰ প্ৰেট আৰু হেইডি মণ্টাগৰ ঘৰ বনজুইত ভস্মীভূত হয়।

 জ্বলি গৈছে ৩ বাৰকৈ Emmy বঁটা লাভ কৰা জেমছ উডছৰ ঘৰো ।  মেণ্ডি মূৰ, কেৰী এলৱেছ আৰু পেৰিছ হিল্টনৰ ঘৰো ভস্মীভূত হয়।

বিলি ক্ৰিষ্টাল আৰু তেওঁৰ পত্নী জেনিছ গোল্ডফিংগাৰোৰ  ৪৫ বছৰীয়া ঘৰখনো জুইত জাহ যায়। 

 বেন এফ্লেকৰ ঘৰো জুইত ধ্বংস হয়।   জেনিফাৰ গাৰ্ণাৰৰ ঘৰৰ ফালে বনজুই অগ্ৰসৰ হৈছে। 

এই পৰ্যন্ত বনজুইৰ বাবে ১ লাখ ৩৭ হাজাৰতকৈ অধিক লোকক ঘৰ খালী কৰা হৈছে। 

আমেৰিকাত শীতৰ সময়ত বলা ছান্তা আনা নামৰ এবিধ বতাহ, আৰু খৰাং পৰিস্থিতিৰ বাবেই বনজুই সংঘটিত হৈছে আমেৰিকাত। উল্লেখ্য যে, এই বন জুইত বহু জীৱ জন্তুৰো কৰুণ মৃত্যু ঘটিছে। বনজুইৰ ফলত দশক দশক ধৰি জীপাল হৈ থকা বেংক, কেফে আৰু ছুপাৰ মাৰ্কেটসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। 

ইতিমধ্যে বনজুই নিৰ্বাপণ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।একেদৰে ভূ-স্থলৰ পৰাও চলি আছে প্ৰচেষ্টা। লছ এঞ্জেলছৰ ইতিহাসত এয়া আটাইতকৈ ধ্বংসাত্মক বনজুই হিচাপে অভিহিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ