--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ দাবাংগ ছলমান খানে বছৰ বছৰ ধৰি চলচ্চিত্ৰ জগতত দপদপাই থকাৰ লগতে অনুৰাগীৰ হৃদয়তো আসন দখল কৰি আছে। ৩৭ বছৰ ধৰি এই উদ্যোগত কাম কৰি থকাৰ লগতে তেওঁ এতিয়ালৈকে ১১৮খনতকৈও অধিক ছবিত কাম কৰিছে। তেওঁৰ ছবিসমূহ মুক্তি পোৱালৈ অনুৰাগীসকল অতিশয় উৎসাহী হৈ ৰৈ থাকে। ইয়াৰ উপৰিও অনুৰাগীসকল তেওঁৰ বিবাহক লৈও অতিশয় উৎসাহিত আৰু জানিব বিচাৰে কেতিয়া তেওঁৰ বিয়া হ’ব?

ছলমান খানৰ বিয়া হ’ব হ’ব বুলি বাট চাওতে চাওতে তেওঁৰ বয়সে ৫৯ বছৰত ভৰি দিলে।

বলীউডৰ হেণ্ডছাম হাংক হোৱাৰ পাছতো কোনো এগৰাকী যুৱতী হোৱা নাই তেওঁৰ জীৱন লগৰী, অথচ তেওঁ বহু যুৱতীৰে সপোনৰ পুৰুষ।

ঐশ্বৰ্য ৰায়ৰ পৰা আৰম্ভ কৰি কেটৰিনা কাইফ, ছমী আলী আৰু সংগীতা বিজলানীলৈকে উদ্যোগটোৰ বহু সুন্দৰীৰ সৈতে ছলমানৰ নাম জড়িত হৈ আছে যদিও তেওঁ কাকো বিয়া নকৰালে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৰেডিটত তেওঁৰ পিতৃ তথা বিখ্যাত সাহিত্যিক ছেলিম খানৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত তেওঁ ছলমান খানৰ বিয়াক লৈ কিছু কথা প্ৰকাশ কৰিছে।

ছলমানৰ পিতৃ ছেলিম খানে কয় যে ‘ছলমানৰ চিন্তাধাৰাত সামান্য বৈপৰীত্য আছে। তেওঁৰ বিয়া নোহোৱাৰ এইটোৱেই একমাত্ৰ কাৰণ। ছলমানে যিজনৰ লগত কাম কৰাৰ সুযোগ পায়, তেওঁৰ প্ৰতিয়ে আকৰ্ষিত হয়। কাম কৰি থাকোঁতে তেওঁলোকৰ মাজত ঘনিষ্ঠতা বাঢ়ি যায়।’

তেওঁ কয়, ‘বেছিভাগ সময়তে ছলমানে ছবিখনৰ নায়িকাক ভাল পায়। ছেলিমে লগতে কয় যে যেতিয়া ছলমান এগৰাকী অভিনেত্ৰীৰ সৈতে সম্পৰ্কত থাকে তেতিয়া তেওঁ সেই মহিলাগৰাকীৰ মাজত নিজ মাতৃৰ গুণ বিচাৰে। ছেলিমে কয় যে কেৰিয়াৰমুখী মহিলা এগৰাকীয়ে কেৰিয়াৰ এৰি ঘৰৰ যত্ন ল’ব বুলি আশা কৰাটো ছলমানৰ ভুল ধাৰণা। তেওঁ কিয় এনেকুৱা কৰিব?'.

ছেলিম খানে ক’লে, ‘যেতিয়া ছলমান কোনো সম্পৰ্কত থাকে, তেতিয়া তেওঁ প্ৰেয়সীগৰাকীক সলনি কৰি মাকৰ দৰে কৰি তুলিবলৈ চেষ্টা কৰে। কিন্তু এয়া সম্ভৱ নহয়। এগৰাকী কৰ্মৰত অভিনেত্ৰীয়ে সন্তানক স্কুললৈ লৈ যোৱা, ঘৰুৱা কামত ব্যস্ত থকা, দুপৰীয়াৰ আহাৰ বনোৱা আদি কাম কৰিব নোৱাৰে। আন যুৱতীৰ মাজত নিজ মাতৃৰ গুণ বিচাৰি থকাটো ছলমানৰ ভুল, সেয়েহে এতিয়াও তেওঁৰ বিয়া হোৱা নাই। 

ছলমান খানৰ বিয়া সন্দৰ্ভত পিতৃ ছেলিম খানে কৰা এই মন্তব্য এতিয়া ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ