--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধবিধ্বস্ত চুডানত মহিলাসকলক সৈনিকৰ সৈতে খাদ্যৰ বিনিময়ত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰা হৈছে। এই দাবী কৰিছে সংবাদ সংস্থা ‘দ্য গাৰ্ডিয়ান’এ। চুডানৰ ওমদুৰমান চহৰৰ পৰা পলায়ন কৰিছে কমেও ২০ গৰাকী মহিলা। তেওঁলোকে দাবী কৰিছিল যে যদি তেওঁলোকে সেনাবাহিনীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে তেতিয়াহে তেওঁলোকে খাদ্য বা অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিব। খাদ্য বা অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰি পৰিয়ালক পোহপাল দিবলৈ বাধ্য হয়।

এগৰাকী মহিলাই সংবাদ সংস্থাক জনাইছে যে খাদ্য মজুত থকা কাৰখানাত মহিলাক যৌন নিৰ্যাতন চলোৱা হয়। তেওঁৰ ভাষাত "মোৰ মা-দেউতা বৃদ্ধ। অসুস্থ হৈ পৰিছে। মই মোৰ ছোৱালীজনীক খাদ্য ল’বলৈ পঠিয়াই দিয়া নাছিলো। মই নিজেই সেনাবাহিনীলৈ গৈছিলো। সেইটোৱেই আছিল খাদ্য পোৱাৰ একমাত্ৰ উপায়। ফেক্টৰী এলেকাত সিঁচৰতি হৈ আছে।''

যোৱা বছৰৰ ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল চুডানৰ গৃহযুদ্ধ। ৰেপিড চাপৰ্ট ফৰ্চ সেনাৰ সৈতে সংঘৰ্ষ চলিছে। তেতিয়াৰ পৰাই সেই দেশৰ নাৰীক জোৱানৰ দ্বাৰা বাৰে বাৰে ধৰ্ষণ কৰা বুলি খবৰ ওলাইছে। গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা চুডানত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। দাবী কৰা হৈছে যে ডেৰ লাখ লোকৰ মৃত্যু হৈছে। এক কোটি ১০ লাখ লোক গৃহহীন। আৰ এছ এফৰ অধীনস্থ অঞ্চলত তেওঁলোকক বাৰে বাৰে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাসকলে।

আনকি পলায়ন কৰা ঘৰখনলৈ উভতি যাব বিচাৰিলেও বা তাৰ পৰা যিকোনো সামগ্ৰী আনিবলৈও সেনাবাহিনীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হয়। এগৰাকী মহিলাৰ ভাষাত, "মই মোৰ ঘৰলৈ গৈছিলো ৰন্ধন বস্তু আনিবলৈ।" তেওঁ কিমান অত্যাচাৰৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল মই ক’ব নোৱাৰো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ