--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধবিধ্বস্ত চুডানত মহিলাসকলক সৈনিকৰ সৈতে খাদ্যৰ বিনিময়ত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰা হৈছে। এই দাবী কৰিছে সংবাদ সংস্থা ‘দ্য গাৰ্ডিয়ান’এ। চুডানৰ ওমদুৰমান চহৰৰ পৰা পলায়ন কৰিছে কমেও ২০ গৰাকী মহিলা। তেওঁলোকে দাবী কৰিছিল যে যদি তেওঁলোকে সেনাবাহিনীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে তেতিয়াহে তেওঁলোকে খাদ্য বা অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিব। খাদ্য বা অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰি পৰিয়ালক পোহপাল দিবলৈ বাধ্য হয়।

এগৰাকী মহিলাই সংবাদ সংস্থাক জনাইছে যে খাদ্য মজুত থকা কাৰখানাত মহিলাক যৌন নিৰ্যাতন চলোৱা হয়। তেওঁৰ ভাষাত "মোৰ মা-দেউতা বৃদ্ধ। অসুস্থ হৈ পৰিছে। মই মোৰ ছোৱালীজনীক খাদ্য ল’বলৈ পঠিয়াই দিয়া নাছিলো। মই নিজেই সেনাবাহিনীলৈ গৈছিলো। সেইটোৱেই আছিল খাদ্য পোৱাৰ একমাত্ৰ উপায়। ফেক্টৰী এলেকাত সিঁচৰতি হৈ আছে।''

যোৱা বছৰৰ ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল চুডানৰ গৃহযুদ্ধ। ৰেপিড চাপৰ্ট ফৰ্চ সেনাৰ সৈতে সংঘৰ্ষ চলিছে। তেতিয়াৰ পৰাই সেই দেশৰ নাৰীক জোৱানৰ দ্বাৰা বাৰে বাৰে ধৰ্ষণ কৰা বুলি খবৰ ওলাইছে। গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা চুডানত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। দাবী কৰা হৈছে যে ডেৰ লাখ লোকৰ মৃত্যু হৈছে। এক কোটি ১০ লাখ লোক গৃহহীন। আৰ এছ এফৰ অধীনস্থ অঞ্চলত তেওঁলোকক বাৰে বাৰে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাসকলে।

আনকি পলায়ন কৰা ঘৰখনলৈ উভতি যাব বিচাৰিলেও বা তাৰ পৰা যিকোনো সামগ্ৰী আনিবলৈও সেনাবাহিনীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হয়। এগৰাকী মহিলাৰ ভাষাত, "মই মোৰ ঘৰলৈ গৈছিলো ৰন্ধন বস্তু আনিবলৈ।" তেওঁ কিমান অত্যাচাৰৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল মই ক’ব নোৱাৰো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক