--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ‘ড’নাল্ড ট্ৰাম্প আৰু জো বাইডেনৰ মাজত কোনো প্ৰভেদ নাই। তেওঁলোকৰ নীতিত কোনো পাৰ্থক্য নাই। বাইডেন হৈছে কুকুৰনেচীয়া বাঘ।’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক ‘কুকুৰনেচীয়া বাঘ’ বুলি অভিহিত কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ইৰাণৰ নেতা আয়াতুল্লাহ আলী খামেনি। ইৰাণৰ নেতাগৰাকীয়ে কাবুল বিমানবন্দৰত সংঘটিত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত নিহতসকলৰ বাবে গভীৰ শোকপ্ৰকাশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনৈতিক কাৰ্য-কলাপৰ বাবে এই কাৰ্য সংঘটিত হোৱা বুলি দাবী নেতাগৰাকীৰ।

খামেনিয়ে কয়, ‘আফগানিস্তানৰ সংকট আমেৰিকা যুক্তৰাষ্ট্ৰৰে সৃষ্টি। বিগত ২০বছৰ ধৰি দেশখন দখল কৰি আহিছে আমেৰিকাই। আফগানসকলৰ ওপৰত বিভিন্ন অত্যাচাৰৰ বাহিৰে আমেৰিকা যুক্তৰাষ্ট্ৰই বিগত সময়ছোৱাত আফগানিস্তানক আগুৱাই নিয়াৰ বাবে এটাও পদক্ষেপ লোৱা নাই।’


আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে সাংবাদিকে সোধাত খামেনিয়ে কয় যে, ‘ আমেৰিকা যুক্তৰাষ্ট্ৰ কিমান ভয়ানক দেশ সেয়া আফগানিস্তানৰ বৰ্তমানৰ ছবিয়ে সাক্ষ্য বহন কৰিছে। ট্ৰাম্পৰ সৈতে বাইডেনৰ কোনো পাৰ্থক্য নাই। আমি আফগান জনসাধাৰণৰ পক্ষত থিয় দিছো। কিয়নো চৰকাৰ আহিব আৰু যাব, কিন্তু আফগানসকল চিৰকাল জীয়াই থাকিব লাগিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক