--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আফগানিস্তানৰ ৰাজধানী কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰত আইছিছে সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণত নিহত ১৩ জন আমেৰিকান সামৰিক জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে । ডেলৱাৰৰ ডোভাৰ এয়াৰবেচত অনুষ্ঠিত এক সামৰিক অনুষ্ঠানত সেনা জোৱানসকলৰ অৱশেষ পৰিয়ালটোলৈ হস্তান্তৰ কৰা হৈছিল। ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে উপস্থিত আছিল জিল বাইডেন।

আফগানিস্তানৰ পৰা অহা সৈনিকসকলৰ অৱশেষ আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ভুক্তভোগী আত্মীয়ৰ সৈতে মত-বিনিময় কৰে বাইডেনে। বোমা বিস্ফোৰণত নিহত ১৩ জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকৰ পৰিয়ালক সাক্ষাত্‍ কৰে তেওঁ। জানিবলৈ পোৱা মতে, এতিয়ালৈকে আক্ৰমণত ১৮০ জন লোক নিহত হোৱাৰ লগতে আহত ১৫০ ৰো অধিক লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এক বিবৃতিযোগে বাইডেনে সদৰী কৰে যে, ‘নিহত ১৩ জন সৈনিক আমাৰ বীৰ। নিজৰ জীৱনক নেওচা দি তেওঁলোকে আমেৰিকাৰ আদৰ্শৰ বাবে সৰ্বোচ্চ ত্যাগৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে।’


উল্লেখ্য যে, কাবুল বিমানবন্দৰৰ আবে গেটত এজন আত্মঘাতী বোমাৰে আইছিছে আক্ৰমণ কৰিছিল। আইছিছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আৰু তেওঁলোকৰ আফগান মিত্ৰশক্তিক হত্যা কৰিবলৈকে এই আত্মঘাতী আক্ৰমণ চলোৱা বুলি দিয়া স্পষ্টীকৰণৰ পাছত প্ৰত্যুত্তৰৰ হুংকাৰ দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। শেহতীয়াকৈ, আফগানিস্তানত থকা আমেৰিকান নাগৰিকসকলক সুকলমে উদ্ধাৰৰো অংগীকাৰ কৰিছে বাইডেনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য