--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আফগানিস্তানৰ ৰাজধানী কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰত আইছিছে সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণত নিহত ১৩ জন আমেৰিকান সামৰিক জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে । ডেলৱাৰৰ ডোভাৰ এয়াৰবেচত অনুষ্ঠিত এক সামৰিক অনুষ্ঠানত সেনা জোৱানসকলৰ অৱশেষ পৰিয়ালটোলৈ হস্তান্তৰ কৰা হৈছিল। ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে উপস্থিত আছিল জিল বাইডেন।

আফগানিস্তানৰ পৰা অহা সৈনিকসকলৰ অৱশেষ আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ভুক্তভোগী আত্মীয়ৰ সৈতে মত-বিনিময় কৰে বাইডেনে। বোমা বিস্ফোৰণত নিহত ১৩ জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিকৰ পৰিয়ালক সাক্ষাত্‍ কৰে তেওঁ। জানিবলৈ পোৱা মতে, এতিয়ালৈকে আক্ৰমণত ১৮০ জন লোক নিহত হোৱাৰ লগতে আহত ১৫০ ৰো অধিক লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এক বিবৃতিযোগে বাইডেনে সদৰী কৰে যে, ‘নিহত ১৩ জন সৈনিক আমাৰ বীৰ। নিজৰ জীৱনক নেওচা দি তেওঁলোকে আমেৰিকাৰ আদৰ্শৰ বাবে সৰ্বোচ্চ ত্যাগৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে।’


উল্লেখ্য যে, কাবুল বিমানবন্দৰৰ আবে গেটত এজন আত্মঘাতী বোমাৰে আইছিছে আক্ৰমণ কৰিছিল। আইছিছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আৰু তেওঁলোকৰ আফগান মিত্ৰশক্তিক হত্যা কৰিবলৈকে এই আত্মঘাতী আক্ৰমণ চলোৱা বুলি দিয়া স্পষ্টীকৰণৰ পাছত প্ৰত্যুত্তৰৰ হুংকাৰ দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। শেহতীয়াকৈ, আফগানিস্তানত থকা আমেৰিকান নাগৰিকসকলক সুকলমে উদ্ধাৰৰো অংগীকাৰ কৰিছে বাইডেনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক