--°C
Loading...
Listen to Article
2 min read
80%
আমি সকলোৱে এতিয়া অলপ কান্দিবলৈ বিচাৰিছোঁ। মানৱতাৰ অপমৃত্যুত, ফুল কুমলীয়া শিশুবোৰৰ চিৰবিদায়ত। ইউক্ৰেইন-ৰাছিয়া যুদ্ধত দৈনিক মৃত্যু ঘটিবলৈ ধৰিছে দেৱশিশুৰ। মৰমলগা শিশুবোৰৰ মৃতদেহৰ দৃশ্যই এতিয়া অন্তৰাত্মা জোকাৰি পেলাইছে বিশ্বৰ প্ৰতিগৰাকী সচেতন লোকৰে। সকলোয়ে, অসহায় হৈ পৰা প্ৰতিগৰাকী সংবেদনশীল লোকে মাথোঁ অলপ কান্দিবলৈ বিচাৰিছে। bfc2 ইউক্ৰেইনৰ কোনো এখন চহৰত ৰুচ-ক্ষেপণাস্ত্ৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ’ল এটি কন্যা শিশু। পিতৃ-মাতৃয়ে শিশুটিক এম্বুলেন্সত উঠাই উৰ্ধশ্বাসে লৈ আনিলে হাস্পতাললৈ। এম্বুলেন্সৰ ওচৰত ষ্ট্ৰেছাৰত শিশুটিৰ নিথৰ দেহ। চিকিৎসকে শিশুটিৰ প্ৰাণৰক্ষা কৰিবলৈ নিৰন্তৰে প্ৰয়াস কৰিছে। কাষতে ৰৈ আছে ক্ৰন্দনৰত পিতৃ-মাতৃ। আলোকচিত্ৰত আবদ্ধ হৈ ৰ’ল এই কঠিন আৰু যন্ত্ৰণাকাতৰ মুহূৰ্তখিনি। কিন্তু ইয়াৰ পাছৰ মুহূৰ্তখিনি অধিক বেদনাদায়ক। চিকিৎসকসকলে জীৱনৰক্ষা কৰিব নোৱাৰিলে শিশুটিৰ। পুনৰ উভতি নহা যাত্ৰালৈ ওলাই যোৱা শিশুটিয়ে এইদৰেই সকলোকে দি গ’ল কেৱল বিষাদৰ চকুপানী! আন এখন ফটো। কিয়েভৰ এটা পথ। এসময়ৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধ কিয়েভত এতিয়া চৌপাশে কেৱল ধ্বংসস্তূপ আৰু বাৰুদৰ গোন্ধ। পথৰ কাষত কেইটামান নিথৰ দেহ। গুলীবিদ্ধ। দুগৰাকী প্ৰাপ্তবয়স্ক লোকৰ লগতে দুটি শিশু। ৰুচ সেনাৰ নিষ্ঠুৰতাৰ এই আখ্যানত মনলৈ এটাই ভাব আহে-‘যুদ্ধ মানুহে নকৰে, যুদ্ধ কৰে একমাত্ৰ দানৱেহে...’। যুদ্ধত ৰাইফল তুলি বহু মানুহ হৈ পৰে বিকৃত মনস্ক দানৱ। এতিয়া সপোনতো খেদি ফুৰে শিশুকেইটিৰ মৃতদেহৰ ফটোখনে। বুকুত ৰৈ গৈছে বিষাদৰ গধুৰ শিল... একোৱেইতো নাজানে এই শিশুবোৰে... এই অসূয়া কিয় তাকোতো সিহঁতে বুজিব পৰা নাই। এই নিষ্কলুষতা, এই সৰলতাতে সিহঁতৰ পৱিত্ৰতা। কিন্তু সিহঁতৰ পৱিত্ৰতাৰ পৃথিৱীখনক আন্তঃৰাষ্ট্ৰীয় কুটিল আৰু নিষ্ঠুৰ ৰাজনীতিয়ে এনেদৰেই কৰি তুলিছে আঁউসীমিয় ৰক্তাক্ত। কিন্তু এইবাৰেই নহয়, বাৰম্বাৰ যুদ্ধৰ চিকাৰ হৈ আহিছে শিশুসকল। কেতিয়াবা বলি হৈছে আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ, কোনো সময়ত বলি হৈছে আগ্ৰাসনকামী যুদ্ধবাজ ৰাজনীতিকৰ আক্রমণৰ। এইখিনিতে এটা উদাহৰণ দিলেই যথেষ্ট-আমেৰিকা আৰু নাটোৱে ২০ বছৰ ধৰি আফগানিস্তানত ইছলামীয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা যুদ্ধত মৃত্যু হৈছিল প্ৰায় ৩৩ হাজাৰ শিশু। বোমা বর্ষণ, ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত হৈছিল এই শিশুসকল। কিন্তু যুদ্ধৰ পৰিস্থিতিয়ে সৃষ্টি কৰা স্বাস্থ্যজনিত সমস্যা, খাদ্য সংকটত মৃত্যু হৈছিল আৰু কেইবাহাজাৰ শিশুৰ। শান্তিপ্ৰিয় বিশ্ববাসীয়ে সদায় কৈ আহিছে যুদ্ধ সদায় এটা ঘৃণাৰ বিষয়। যি যুদ্ধই মাতৃৰ বুকুৰ পৰা চিৰদিনৰ বাবে কাঢ়ি লৈ যায় কুমলীয়া শিশুবোৰক, সেই যুদ্ধক কেৱল মাত্ৰ ঘৃণাহে কৰিব পাৰি। ইউক্ৰেইনৰ যুদ্ধৰ সময়ত সংবেদনশীল প্ৰতিজন লোকে এতিয়া কান্দিবলৈ বিচাৰিছোঁ। অসহায় হৈ কান্দিবলৈয়ো ধৰিছোঁ। কাৰণ, আমাৰ শান্তিৰ আহবানে কেতিয়াও হৃদয় গলাব পৰা নাই নিষ্ঠুৰ যুদ্ধবাজ শাসক আৰু সাম্ৰাজ্যবাদী চিন্তাৰ ৰাষ্ট্ৰনেতাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ