--°C
Loading...
Listen to Article
2 min read
80%
bfc2 ডিজিটেল ডেস্কঃ দুমাহ পূৰ্বে এটা খবৰে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল। চিকিৎসা বিজ্ঞানে লাভ কৰিছিল এক অভূতপূৰ্ব সাফল্য। প্ৰথমবাৰৰ বাবে ইতিহাস সৃষ্টি কৰি মানৱ দেহত সফলতাৰে সংৰোপণ কৰা হৈছিল গাহৰিৰ হৃদযন্ত্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসকসকলে মেৰিলেণ্ডত ডেভিড বেনেট নামৰ এজন ৰোগীৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰাৰ পাছত ৫৭ বছৰীয়া ৰোগীজন আৰোগ্য হৈ উঠিছিল। কিন্তু দুখৰ খবৰ যে এইগৰাকী ডেভিড বেনেটে দেহত গাহৰিৰ হৃদপিণ্ড লৈ দীৰ্ঘদিন জীয়াই নাথাকিল। বুধবাৰে তেওঁ মৃত্যুক আঁকোৱালি লয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড চিকিৎসা কেন্দ্ৰই ডেভিড বেনেটৰ মৃত্যুৰ কথা ঘোষণা কৰিছে।যোৱা কেইবাদিনো ধৰি তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। চিকিৎসকসকলে মৃত্যুৰ সঠিক কাৰণ এতিয়াও ঘোষণা কৰা নাই। উল্লেখ্য যে, ডেভিডৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ ৰোপণ কৰাৰ পিছত মেৰিলেণ্ড চিকিৎসালয়ে দাবী কৰিছিল যে তেওঁৰ দেহত সংৰোপণ কৰা গাহৰিৰ হৃদযন্ত্ৰই নিখুঁতভাৱে কাম কৰি আছে। মেৰিলেণ্ড চিকিৎসালয়ে সময়ে সময়ে তেওঁৰ স্বাস্থ্যৰ আপডেট জাৰি কৰিছিল আৰু তেওঁ সুস্থ আছে বুলি প্ৰকাশ কৰি আহিছিল। মানৱ দেহত অংগৰ অভাৱ দূৰ কৰিবলৈ জন্তুৰ অংগ সংৰোপন কৰিব পৰা বিষয়টো এক মাইলৰ খুটি হৈ ৰ'ব বুলি দাবী কৰিছিল আমেৰিকাৰ চিকিৎসকসকলে। ডেভিড বেনেটৰ মৃত্যু হ'ল যদিও তেওঁৰ পুত্ৰই চিকিৎসা বিজ্ঞানৰ এই সম্পৰীক্ষাই আগন্তুক সময়ত মানৱ জাতিৰ কল্যাণ সাধন কৰিব বুলি আশা প্ৰকাশ কৰিছে। আৰু পঢ়কঃ পুৱা ৮ বজাৰ পৰা আৰম্ভ মণিপুৰ নিৰ্বাচনৰ ভোট গণনা;নিৰ্ণয় হ’ব ৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে