--°C
Loading...
Listen to Article
2 min read
80%
bfc2 ডিজিটেল ডেস্কঃ দুমাহ পূৰ্বে এটা খবৰে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল। চিকিৎসা বিজ্ঞানে লাভ কৰিছিল এক অভূতপূৰ্ব সাফল্য। প্ৰথমবাৰৰ বাবে ইতিহাস সৃষ্টি কৰি মানৱ দেহত সফলতাৰে সংৰোপণ কৰা হৈছিল গাহৰিৰ হৃদযন্ত্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসকসকলে মেৰিলেণ্ডত ডেভিড বেনেট নামৰ এজন ৰোগীৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰাৰ পাছত ৫৭ বছৰীয়া ৰোগীজন আৰোগ্য হৈ উঠিছিল। কিন্তু দুখৰ খবৰ যে এইগৰাকী ডেভিড বেনেটে দেহত গাহৰিৰ হৃদপিণ্ড লৈ দীৰ্ঘদিন জীয়াই নাথাকিল। বুধবাৰে তেওঁ মৃত্যুক আঁকোৱালি লয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড চিকিৎসা কেন্দ্ৰই ডেভিড বেনেটৰ মৃত্যুৰ কথা ঘোষণা কৰিছে।যোৱা কেইবাদিনো ধৰি তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। চিকিৎসকসকলে মৃত্যুৰ সঠিক কাৰণ এতিয়াও ঘোষণা কৰা নাই। উল্লেখ্য যে, ডেভিডৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ ৰোপণ কৰাৰ পিছত মেৰিলেণ্ড চিকিৎসালয়ে দাবী কৰিছিল যে তেওঁৰ দেহত সংৰোপণ কৰা গাহৰিৰ হৃদযন্ত্ৰই নিখুঁতভাৱে কাম কৰি আছে। মেৰিলেণ্ড চিকিৎসালয়ে সময়ে সময়ে তেওঁৰ স্বাস্থ্যৰ আপডেট জাৰি কৰিছিল আৰু তেওঁ সুস্থ আছে বুলি প্ৰকাশ কৰি আহিছিল। মানৱ দেহত অংগৰ অভাৱ দূৰ কৰিবলৈ জন্তুৰ অংগ সংৰোপন কৰিব পৰা বিষয়টো এক মাইলৰ খুটি হৈ ৰ'ব বুলি দাবী কৰিছিল আমেৰিকাৰ চিকিৎসকসকলে। ডেভিড বেনেটৰ মৃত্যু হ'ল যদিও তেওঁৰ পুত্ৰই চিকিৎসা বিজ্ঞানৰ এই সম্পৰীক্ষাই আগন্তুক সময়ত মানৱ জাতিৰ কল্যাণ সাধন কৰিব বুলি আশা প্ৰকাশ কৰিছে। আৰু পঢ়কঃ পুৱা ৮ বজাৰ পৰা আৰম্ভ মণিপুৰ নিৰ্বাচনৰ ভোট গণনা;নিৰ্ণয় হ’ব ৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু