--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: লণ্ডনত অনুষ্ঠিত ‘Ideas for India’ শীৰ্ষক এক সন্মিলনত অংশ লৈছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে৷ আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি লণ্ডনত অনুষ্ঠিত এই সন্মিলনত অংশ লৈ ৰাহুল গান্ধীয়ে কয়, আমিয়েই গণতন্ত্ৰক এক অতুলনীয় স্তৰলৈ পৰিচালনা কৰিছোঁ৷ 

 

‘ব্ৰিজ ইণ্ডিয়া’ৰ দ্বাৰা আয়োজিত সন্মিলনত ৰাহুল গান্ধীয়ে ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে। তেওঁ কয়, ভাৰত হৈছে ৰাজ্যসমূহৰ এক সংঘ। অৱশ্যে, বিভিন্ন সংগঠন এতিয়া আক্ৰমণৰ সন্মুখীন হৈছে। কথোপকথন আৰু আলোচনাৰ স্থান হ্ৰাস পাইছে৷

 

ভাৰতৰ কেইবাগৰাকীও ৰাজনৈতিক আৰু অৰাজনৈতিক বক্তাই এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ৰাহুল বৃহস্পতিবাৰে নিশা ইউকেত উপস্থিত হৈছিল। কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদ আৰু প্ৰিয়ংক খাৰ্গেও অনুষ্ঠানটোত উপস্থিত আছিল।

 

ৰাহুলে এটা টুইটত অনুষ্ঠানটোৰ ফটো শ্বেয়াৰ কৰিছিল। পোষ্টটোত ৰাহুলে লিখিছিল, ভাৰতৰ গণতন্ত্ৰ এক গোলকীয় সমস্যা। আমি একমাত্ৰ মানুহ যিয়ে এনেদৰে গণতন্ত্ৰক এক অতুলনীয় স্তৰলৈ পৰিচালনা কৰিছোঁ৷

 

আনহাতে, দেশত কংগ্ৰেছ এতিয়া যথেষ্ট বিপৰ্যয়ৰ সন্মুখীন হৈছে। গুজৰাট নিৰ্বাচনৰ পূৰ্বে দলৰ ৰাজ্যিক সভাপতি হাৰ্দিক পেটেলে পদত্যাগ কৰিছে। এখন আদালতে কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধুক ৩৪ বছৰ পুৰণি গোচৰত এবছৰৰ কাৰাদণ্ড প্ৰদান কৰে।


২০২২ত গুজৰাট আৰু হিমাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, কৰ্ণাটক, ছত্তীশগড়, মধ্য প্ৰদেশ, মিজোৰাম, ৰাজস্থান, তেলেংগানা আৰু ২০২৩ত, ছিকিম, অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷

 

কংগ্ৰেছে ২০২২ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজস্থানৰ উদয়পুৰত এক চিন্তন শিবিৰৰ আয়োজন কৰিছিল। আৰু শীঘ্ৰে কংগ্ৰেছে দেশত জনসম্পৰ্ক বঢ়াবলৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এক পদযাত্ৰা আয়োজন কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে৷

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু