--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: লণ্ডনত অনুষ্ঠিত ‘Ideas for India’ শীৰ্ষক এক সন্মিলনত অংশ লৈছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে৷ আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি লণ্ডনত অনুষ্ঠিত এই সন্মিলনত অংশ লৈ ৰাহুল গান্ধীয়ে কয়, আমিয়েই গণতন্ত্ৰক এক অতুলনীয় স্তৰলৈ পৰিচালনা কৰিছোঁ৷ 

 

ব্ৰিজ ইণ্ডিয়া দ্বাৰা আয়োজিত সন্মিলনত ৰাহুল গান্ধীয়ে ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে। তেওঁ কয়, ভাৰত হৈছে ৰাজ্যসমূহৰ এক সংঘ। অৱশ্যে, বিভিন্ন সংগঠন এতিয়া আক্ৰমণৰ সন্মুখীন হৈছে। কথোপকথন আৰু আলোচনাৰ স্থান হ্ৰাস পাইছে৷

 

ভাৰতৰ কেইবাগৰাকীও ৰাজনৈতিক আৰু অৰাজনৈতিক বক্তাই এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ৰাহুল বৃহস্পতিবাৰে নিশা ইউকেত উপস্থিত হৈছিল। কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদ আৰু প্ৰিয়ংক খাৰ্গেও অনুষ্ঠানটোত উপস্থিত আছিল।

 

ৰাহুলে এটা টুইটত অনুষ্ঠানটোৰ ফটো শ্বেয়াৰ কৰিছিল। পোষ্টটোত ৰাহুলে লিখিছিল, ভাৰতৰ গণতন্ত্ৰ এক গোলকীয় সমস্যা। আমি একমাত্ৰ মানুহ যিয়ে এনেদৰে গণতন্ত্ৰক এক অতুলনীয় স্তৰলৈ পৰিচালনা কৰিছোঁ৷

 

আনহাতে, দেশত কংগ্ৰেছ এতিয়া যথেষ্ট বিপৰ্যয়ৰ সন্মুখীন হৈছে। গুজৰাট নিৰ্বাচনৰ পূৰ্বে দলৰ ৰাজ্যিক সভাপতি হাৰ্দিক পেটেলে পদত্যাগ কৰিছে। এখন আদালতে কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধুক ৩৪ বছৰ পুৰণি গোচৰত এবছৰৰ কাৰাদণ্ড প্ৰদান কৰে।


২০২২ত গুজৰাট আৰু হিমাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, কৰ্ণাটক, ছত্তীশগড়, মধ্য প্ৰদেশ, মিজোৰাম, ৰাজস্থান, তেলেংগানা আৰু ২০২৩ত, ছিকিম, অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচন অনুষ্ঠিত ব৷

 

কংগ্ৰেছে ২০২২ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজস্থানৰ উদয়পুৰত এক চিন্তন শিবিৰৰ আয়োজন কৰিছিল। আৰু শীঘ্ৰে কংগ্ৰেছে দেশত জনসম্পৰ্ক বঢ়াবলৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এক পদযাত্ৰা আয়োজন কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে৷

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ