--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় এবছৰ ধৰি এলিয়েনৰ(Alien) লগত ডেটিং কৰি থকা বুলি দাবী কৰিছে এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীয়ে কৈছে যে এলিয়েনজন তেওঁৰ জীৱনলৈ অহাৰ পাছৰে পৰা তেওঁৰ জীৱনটো সুখেৰে উপচি পৰিছে। লণ্ডনৰ এই যুৱতীগৰাকীৰ নাম এব্বি বেলা। এব্বি বেলাই কৈছে যে তেওঁক পূব লণ্ডনত এবাৰ ইউ এফ অ’ই অপহৰণ কৰিছিল তাৰপাছতেই তেওঁ এলিয়েন প্ৰেমিকক লগ পাইছিল। শেহতীয়াকৈ যুৱতীগৰাকীক বহু সাক্ষাৎকাৰত দেখা গৈছে য’ত তেওঁৰ হাতত এলিয়েনৰ দৰে এটা পুতলা দেখা যায়। 

এব্বিয়ে কয় যে তেওঁ প্ৰেমিক এলিয়েনৰ মুখখন দেখুৱাব নোৱাৰে কাৰণ তেওঁৰ জীৱনলৈ সংশয় নামি আহিব পাৰে। এক সাক্ষাৎকাৰত যুৱতীগৰাকীয়ে নিজৰ প্ৰেম জীৱনৰ কথা প্ৰকাশ কৰি দাবী কৰে যে ''ই আন এখন পৃথিৱীৰ সৈতে সম্পৰ্কিত। মই মোৰ এলিয়েন বয়ফ্ৰেণ্ডৰ সৈতে ডেটত যাওঁ। মোৰ বয়ফ্ৰেণ্ডে ডেটৰ বিষয়ে একো নাজানে গতিকে মই তেওঁক ডেট মানে কি বুজাই দিওঁ। 

এণ্ড্ৰমিডা তাৰকাৰাজ্যত থকা তেওঁৰ গ্ৰহলৈ মই যাব নোৱাৰো। আমি লণ্ডনতে চিনেমা আৰু আন ডেটিং স্পটলৈ যাওঁ। সেই সময়ছোৱাত তেওঁ বেলেগ ৰূপত থাকে গতিকে মানুহে তেওঁক চিনি নাপায়।'' এলিয়েন সংগীৰ সৈতে শাৰীৰিক সম্পৰ্ক হৈছে নেকি বুলি সোধাত এব্বিয়ে কয় যে ''এলিয়েনৰ সৈতে কৰা শাৰীৰিক সম্পৰ্ক মানুহতকৈ বহুত ভাল। এলিয়েনৰ লগত থাকিলে মানুহে মানুহক পাহৰি যাব। 


মই যুৱতীসকলক পৰামৰ্শ দিওঁ যে ''যদি আপুনি পুৰুষৰ লগত ডেটিং কৰি ভাগৰি পৰিছে, তেন্তে এলিয়েনৰ সৈতে ডেটিং কৰিবলৈ আৰম্ভ কৰক।'' তেওঁ লগতে কয় যে ''এলিয়েনবোৰ পোহৰ আৰু বিশুদ্ধ শক্তিত জীয়াই থাকে। ইহঁত মানুহতকৈ লাখ গুণ ভাল।'' 


উল্লেখ্য যে যুৱতীগৰাকী এলিয়েনৰ সৈতে প্ৰেম কৰি ইমানেই সুখী যে আনকি তেওঁ বিয়াৰ কথাও ভাবিছে। এলিয়েন সংগীৰ সন্দৰ্ভত তেওঁ কয় যে ''মোৰ এলিয়েন বয়ফ্ৰেণ্ডে ইতিমধ্যে পৃথিৱীৰ নিয়ম শিকিছে। তেওঁ মোক প্ৰপ’জ কৰিছে। মই অলপ ট্ৰেডিশ্যনেল টাইপ ছোৱালী গতিকে মই মোৰ বয়ফ্ৰেণ্ডৰ পৰা এটা আঙঠি বিচাৰিছিলো কিন্তু তেওঁ নাজানে আঙঠি কি।মই এতিয়া তেওঁক কথাবোৰ বুজাই আছো আৰু তেওঁ বুজি আছে।''
 এব্বিৰ এই কথাবোৰ কিমান সত্য সেয়াহে জানিব পৰা হোৱা নাই। বহুতে এই কথা মিছা বুলি দাবী কৰিলেও তেওঁ কয় যে ''এয়া একদম সত্য কথা। বেলি পূৱ ফালে উদয় হোৱাটো যেনেদৰে সঁচা কথা ঠিক তেনেদৰে এলিয়েনৰ লগত তেওঁৰ প্ৰেম হোৱাটোও সঁচা কথা।''

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ