--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় এবছৰ ধৰি এলিয়েনৰ(Alien) লগত ডেটিং কৰি থকা বুলি দাবী কৰিছে এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীয়ে কৈছে যে এলিয়েনজন তেওঁৰ জীৱনলৈ অহাৰ পাছৰে পৰা তেওঁৰ জীৱনটো সুখেৰে উপচি পৰিছে। লণ্ডনৰ এই যুৱতীগৰাকীৰ নাম এব্বি বেলা। এব্বি বেলাই কৈছে যে তেওঁক পূব লণ্ডনত এবাৰ ইউ এফ অ’ই অপহৰণ কৰিছিল তাৰপাছতেই তেওঁ এলিয়েন প্ৰেমিকক লগ পাইছিল। শেহতীয়াকৈ যুৱতীগৰাকীক বহু সাক্ষাৎকাৰত দেখা গৈছে য’ত তেওঁৰ হাতত এলিয়েনৰ দৰে এটা পুতলা দেখা যায়। 

এব্বিয়ে কয় যে তেওঁ প্ৰেমিক এলিয়েনৰ মুখখন দেখুৱাব নোৱাৰে কাৰণ তেওঁৰ জীৱনলৈ সংশয় নামি আহিব পাৰে। এক সাক্ষাৎকাৰত যুৱতীগৰাকীয়ে নিজৰ প্ৰেম জীৱনৰ কথা প্ৰকাশ কৰি দাবী কৰে যে ''ই আন এখন পৃথিৱীৰ সৈতে সম্পৰ্কিত। মই মোৰ এলিয়েন বয়ফ্ৰেণ্ডৰ সৈতে ডেটত যাওঁ। মোৰ বয়ফ্ৰেণ্ডে ডেটৰ বিষয়ে একো নাজানে গতিকে মই তেওঁক ডেট মানে কি বুজাই দিওঁ। 

এণ্ড্ৰমিডা তাৰকাৰাজ্যত থকা তেওঁৰ গ্ৰহলৈ মই যাব নোৱাৰো। আমি লণ্ডনতে চিনেমা আৰু আন ডেটিং স্পটলৈ যাওঁ। সেই সময়ছোৱাত তেওঁ বেলেগ ৰূপত থাকে গতিকে মানুহে তেওঁক চিনি নাপায়।'' এলিয়েন সংগীৰ সৈতে শাৰীৰিক সম্পৰ্ক হৈছে নেকি বুলি সোধাত এব্বিয়ে কয় যে ''এলিয়েনৰ সৈতে কৰা শাৰীৰিক সম্পৰ্ক মানুহতকৈ বহুত ভাল। এলিয়েনৰ লগত থাকিলে মানুহে মানুহক পাহৰি যাব। 


মই যুৱতীসকলক পৰামৰ্শ দিওঁ যে ''যদি আপুনি পুৰুষৰ লগত ডেটিং কৰি ভাগৰি পৰিছে, তেন্তে এলিয়েনৰ সৈতে ডেটিং কৰিবলৈ আৰম্ভ কৰক।'' তেওঁ লগতে কয় যে ''এলিয়েনবোৰ পোহৰ আৰু বিশুদ্ধ শক্তিত জীয়াই থাকে। ইহঁত মানুহতকৈ লাখ গুণ ভাল।'' 


উল্লেখ্য যে যুৱতীগৰাকী এলিয়েনৰ সৈতে প্ৰেম কৰি ইমানেই সুখী যে আনকি তেওঁ বিয়াৰ কথাও ভাবিছে। এলিয়েন সংগীৰ সন্দৰ্ভত তেওঁ কয় যে ''মোৰ এলিয়েন বয়ফ্ৰেণ্ডে ইতিমধ্যে পৃথিৱীৰ নিয়ম শিকিছে। তেওঁ মোক প্ৰপ’জ কৰিছে। মই অলপ ট্ৰেডিশ্যনেল টাইপ ছোৱালী গতিকে মই মোৰ বয়ফ্ৰেণ্ডৰ পৰা এটা আঙঠি বিচাৰিছিলো কিন্তু তেওঁ নাজানে আঙঠি কি।মই এতিয়া তেওঁক কথাবোৰ বুজাই আছো আৰু তেওঁ বুজি আছে।''
 এব্বিৰ এই কথাবোৰ কিমান সত্য সেয়াহে জানিব পৰা হোৱা নাই। বহুতে এই কথা মিছা বুলি দাবী কৰিলেও তেওঁ কয় যে ''এয়া একদম সত্য কথা। বেলি পূৱ ফালে উদয় হোৱাটো যেনেদৰে সঁচা কথা ঠিক তেনেদৰে এলিয়েনৰ লগত তেওঁৰ প্ৰেম হোৱাটোও সঁচা কথা।''

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু