--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দীর্ঘদিন ধৰি সক্রিয় দলীয় কাম-কাজৰ পৰা আঁতৰি থকা আঙুৰলতা ডেকাক তিনি বছৰৰ বাবে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

ডিজিটেল ডেস্ক : অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে বিজেপিৰ প্রাক্তন বিধায়িকা তথা বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ প্রাক্তন সভাপতি আঙুৰলতা ডেকাক।


দীর্ঘদিন ধৰি সক্রিয় দলীয় কাম-কাজৰ পৰা আঁতৰি থকা ডেকাক তিনি বছৰৰ বাবে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ লগতে আয়োগৰ সদস্য হিচাপে কবিতা ৰয় শইকীয়া আৰু নীলিমা ব্রহ্মকো নিযুক্তি দিয়া হৈছে।


উল্লেখযোগ্য যে অসমীয়া ভিচিডি ছবি আৰু চলচ্চিত্ৰৰ এগৰাকী অভিনেত্রী হিচাপে জনপ্রিয় হৈ উঠা আঙুৰলতা ডেকাই ২০১৫ চনত বিজেপিত যোগদান কৰে আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে বটদ্ৰৱা সমষ্টিৰ পৰা অসম বিধানসভালৈ নির্বাচিত হৈ আহে। কিন্তু ২০২১ চনৰ বিধানসভা নির্বাচনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হাতত পৰাজয় বৰণ কৰিব লগীয়া হয়।


ইয়াৰ পাছত দলে তেওঁক অসম ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ দায়িত্ব দিয়ে যদিও কিছু দিনৰ পাছতেই তেওঁ ঘৰুৱা অসুবিধাৰ বাবে উক্ত পদৰ পৰা পদত্যাগ কৰাৰ লগতে সক্ৰিয় ৰাজনীতিৰ পৰাও আঁতৰি আহে। এনে পৰিস্থিতিত সোমবাৰে ৰাজ্য চৰকাৰখনে ডেকাক মহিলা আয়োগৰ অধ্যক্ষৰ পদত নিযুক্তি দিয়া কাৰ্য লক্ষণীয় হৈ পৰিছে।


মন কৰিব লগীয়া কথা যে আজিৰ পৰা মাত্ৰ কেইদিনমানৰ পূৰ্বে ৰাজ্য চৰকাৰে মহিলা আয়োগৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু নতুন নীতি বলৱৎ কৰিছিল। সেই অনুসৰি আয়োগৰ সদস্যৰ শিক্ষাগত অৰ্হতা স্নাতক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক বা সমতুল্য কৰাৰ লগতে বয়সৰ সীমাও পূৰ্বৰ ন্যূনতম ৪০ বছৰৰ পৰিৱৰ্তে ৩৫ বছৰ কৰিছিল। ৰাজ্য চৰকাৰে এই সংশোধনী অনাৰ এটা সপ্তাহ নৌ হওঁতেই সোমবাৰে মহিলা আয়োগৰ অধ্যক্ষ আৰু দুগৰাকী সদস্য নিযুক্তি দিয়াক লৈ ৰাজ্যত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু