--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দীর্ঘদিন ধৰি সক্রিয় দলীয় কাম-কাজৰ পৰা আঁতৰি থকা আঙুৰলতা ডেকাক তিনি বছৰৰ বাবে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

ডিজিটেল ডেস্ক : অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে বিজেপিৰ প্রাক্তন বিধায়িকা তথা বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ প্রাক্তন সভাপতি আঙুৰলতা ডেকাক।


দীর্ঘদিন ধৰি সক্রিয় দলীয় কাম-কাজৰ পৰা আঁতৰি থকা ডেকাক তিনি বছৰৰ বাবে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ লগতে আয়োগৰ সদস্য হিচাপে কবিতা ৰয় শইকীয়া আৰু নীলিমা ব্রহ্মকো নিযুক্তি দিয়া হৈছে।


উল্লেখযোগ্য যে অসমীয়া ভিচিডি ছবি আৰু চলচ্চিত্ৰৰ এগৰাকী অভিনেত্রী হিচাপে জনপ্রিয় হৈ উঠা আঙুৰলতা ডেকাই ২০১৫ চনত বিজেপিত যোগদান কৰে আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে বটদ্ৰৱা সমষ্টিৰ পৰা অসম বিধানসভালৈ নির্বাচিত হৈ আহে। কিন্তু ২০২১ চনৰ বিধানসভা নির্বাচনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হাতত পৰাজয় বৰণ কৰিব লগীয়া হয়।


ইয়াৰ পাছত দলে তেওঁক অসম ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ দায়িত্ব দিয়ে যদিও কিছু দিনৰ পাছতেই তেওঁ ঘৰুৱা অসুবিধাৰ বাবে উক্ত পদৰ পৰা পদত্যাগ কৰাৰ লগতে সক্ৰিয় ৰাজনীতিৰ পৰাও আঁতৰি আহে। এনে পৰিস্থিতিত সোমবাৰে ৰাজ্য চৰকাৰখনে ডেকাক মহিলা আয়োগৰ অধ্যক্ষৰ পদত নিযুক্তি দিয়া কাৰ্য লক্ষণীয় হৈ পৰিছে।


মন কৰিব লগীয়া কথা যে আজিৰ পৰা মাত্ৰ কেইদিনমানৰ পূৰ্বে ৰাজ্য চৰকাৰে মহিলা আয়োগৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু নতুন নীতি বলৱৎ কৰিছিল। সেই অনুসৰি আয়োগৰ সদস্যৰ শিক্ষাগত অৰ্হতা স্নাতক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক বা সমতুল্য কৰাৰ লগতে বয়সৰ সীমাও পূৰ্বৰ ন্যূনতম ৪০ বছৰৰ পৰিৱৰ্তে ৩৫ বছৰ কৰিছিল। ৰাজ্য চৰকাৰে এই সংশোধনী অনাৰ এটা সপ্তাহ নৌ হওঁতেই সোমবাৰে মহিলা আয়োগৰ অধ্যক্ষ আৰু দুগৰাকী সদস্য নিযুক্তি দিয়াক লৈ ৰাজ্যত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ