--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দীর্ঘদিনীয়া ৰাজনৈতিক জীৱনত লোক সভা আৰু ৰাজ্য সভাৰ সাংসদ হোৱাৰ উপৰি গোৱা, বিহাৰ, মেঘালয় আৰু ওড়িশাৰ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰিছিল মালিকে।

ডিজিটেল ডেস্কঃ দীর্ঘদিনীয়া অসুস্থতাৰ পাছত মঙলবাৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। দীর্ঘদিনীয়া ৰাজনৈতিক জীৱনত লোক সভা আৰু ৰাজ্য সভাৰ সাংসদ হোৱাৰ উপৰি গোৱা, বিহাৰ, মেঘালয় আৰু ওড়িশাৰ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰা মালিকে মঙলবাৰে বিয়লি ১-১২ বজাত ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।


বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে তেওঁ দীর্ঘদিন চিকিৎসালয়খনৰ আই চি ইউত আছিল। জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থাকোঁতে তেওঁৰ দিনতে ২০১৯ চনৰ ৫ আগষ্টত ৰাজ্যখনক বিশেষ মর্যাদা দিয়া সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰা হৈছিল তথা ৰাজ্যখনক দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল। কাকতালীয়ভাবে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা উক্ত পদক্ষেপৰ বাৰ্ষিকীতে তেওঁৰ মৃত্যু হয়। জম্মু-কাশ্মীৰৰ ৰাজ্যপাল পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ গুৰুত্বপূৰ্ণ বিষয়ত তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছিল। কৃষক সমস্যা, পুলৱামাৰ সন্ত্রাসবাদী আক্রমণ আদি বিষয়ত তেওঁ বিজেপি চৰকাৰক প্ৰশ্ন কৰিছিল।


আনহাতে, ২২,০০০ কোটি টকীয়া কিৰু জলবিদ্যুৎ প্ৰকল্পৰ গোচৰত এই বছৰৰ মে' মাহত চি বি আয়ে অভিযোগনামাত তেওঁৰ নাম সন্নিৱিষ্ট কৰিছিল। ১৯৭৪ চনত প্রথম চৌধাৰী চৰণ সিঙৰ ভাৰত ক্ৰান্তি দলৰ পৰা উত্তৰ প্ৰদেশ বিধানসভালৈ নির্বাচিত হোৱা এই জাট নেতাজন ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈ লোক সভাত জনতা দলৰ সাংসদ আছিল।


সেই সময়ৰ ভি পি সিং চৰকাৰত তেওঁ সংসদীয় পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। মালিকৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গে, সাংসদ ৰাহুল গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী আদিয়ে শোক প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু