--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দীর্ঘদিনীয়া ৰাজনৈতিক জীৱনত লোক সভা আৰু ৰাজ্য সভাৰ সাংসদ হোৱাৰ উপৰি গোৱা, বিহাৰ, মেঘালয় আৰু ওড়িশাৰ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰিছিল মালিকে।

ডিজিটেল ডেস্কঃ দীর্ঘদিনীয়া অসুস্থতাৰ পাছত মঙলবাৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। দীর্ঘদিনীয়া ৰাজনৈতিক জীৱনত লোক সভা আৰু ৰাজ্য সভাৰ সাংসদ হোৱাৰ উপৰি গোৱা, বিহাৰ, মেঘালয় আৰু ওড়িশাৰ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰা মালিকে মঙলবাৰে বিয়লি ১-১২ বজাত ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।


বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে তেওঁ দীর্ঘদিন চিকিৎসালয়খনৰ আই চি ইউত আছিল। জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থাকোঁতে তেওঁৰ দিনতে ২০১৯ চনৰ ৫ আগষ্টত ৰাজ্যখনক বিশেষ মর্যাদা দিয়া সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰা হৈছিল তথা ৰাজ্যখনক দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল। কাকতালীয়ভাবে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা উক্ত পদক্ষেপৰ বাৰ্ষিকীতে তেওঁৰ মৃত্যু হয়। জম্মু-কাশ্মীৰৰ ৰাজ্যপাল পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ গুৰুত্বপূৰ্ণ বিষয়ত তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছিল। কৃষক সমস্যা, পুলৱামাৰ সন্ত্রাসবাদী আক্রমণ আদি বিষয়ত তেওঁ বিজেপি চৰকাৰক প্ৰশ্ন কৰিছিল।


আনহাতে, ২২,০০০ কোটি টকীয়া কিৰু জলবিদ্যুৎ প্ৰকল্পৰ গোচৰত এই বছৰৰ মে' মাহত চি বি আয়ে অভিযোগনামাত তেওঁৰ নাম সন্নিৱিষ্ট কৰিছিল। ১৯৭৪ চনত প্রথম চৌধাৰী চৰণ সিঙৰ ভাৰত ক্ৰান্তি দলৰ পৰা উত্তৰ প্ৰদেশ বিধানসভালৈ নির্বাচিত হোৱা এই জাট নেতাজন ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈ লোক সভাত জনতা দলৰ সাংসদ আছিল।


সেই সময়ৰ ভি পি সিং চৰকাৰত তেওঁ সংসদীয় পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। মালিকৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গে, সাংসদ ৰাহুল গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী আদিয়ে শোক প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ