--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকংগনা ৰাণাৱটৰ গালতকৈও বেছি মসৃণ ৰাস্তা বনাম’-এনে মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰিল এজন কংগ্ৰেছ বিধায়ক। বিধায়কজন ঝাৰখণ্ডৰ। তেওঁৰ নাম ড০ ইৰফান আনছাৰী। ইৰফান আনছাৰীয়ে নিজ বিধানসভা সমষ্টিটোৰ ১৪ টাকৈ নতুন পথ নিৰ্মাণৰ কথা কোৱাৰ সময়ত তেওঁ দাবী কৰে যে সেই ৰাস্তাবোৰ কংগনাৰ গালতকৈও মসৃণ হ’ব। স্বাভাৱিকতে তেওঁৰ মন্তব্যক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে। নেতাজনে এনেদৰে মন্তব্য কৰা এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ঝাৰখণ্ডৰ জামতাড়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ ইৰফান আনছাৰীয়ে ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেওঁ কৈছিল-‘‘মই আপোনালোকক কথা দিছোঁ যে জামতাড়াৰ ৰাস্তাসমূহ অভিনেত্রী কংগনা ৰাণাৱটৰ গালতকৈও মসৃণ হৈ উঠিব। ১৪টা ৰাস্তাৰ কাম শীঘ্ৰে আৰম্ভ হ’ব।’’ এনেদৰে কৈ বিতৰ্কৰ মাজত সোমাই পৰাৰ পাছত বিধায়কগৰাকীয়ে কয় যে ‘‘মুখ্যমন্ত্ৰীয়ে মোৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। মই সুন্দৰকৈ পথ নিৰ্মাণ কৰিম। জামতাড়াত এনে পথ থাকিব য'ত মানুহে ধূলিৰ সন্মুখীন নহ’ব আৰু গাঁতৰ সন্মুখীন হ'ব নালাগে। এই ৰাস্তাবোৰ সোনকালেই নিৰ্মাণ কৰা হ'ব।" সুন্দৰ পথ নিৰ্মাণ কৰাৰ কথা কওঁতে মোৰ জিভা পিছলি গৈছিল, সেয়েহে মই তেনেকৈ কৈছিলো।’’ লগতে বিজেপিক আক্ৰমণ কৰি বিধায়ক আনছাৰীয়ে কয়, "ঝাৰখণ্ড ৰাজ্য গঠনৰ পাছতেই বিজেপিয়ে শাসন কৰিছিল। কিন্তু বিজে্পিয়ে মানুহৰ মৌলিক সমস্যাবোৰ সমাধান কৰিব নোৱাৰিলে। মানুহে ৰাস্তাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয়। কেৱল ৰাজহুৱা ধন লুণ্ঠন কৰাৰ ক্ষেত্ৰত বিজেপি শীৰ্ষস্থানত আছে। আমি প্ৰতিশ্ৰুতি দিছিলো যে যদি আমাৰ চৰকাৰ গঠন কৰা হয়, তেন্তে আমি জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে পথ নিৰ্মাণ কৰিম। আমাৰ চৰকাৰ গঠন কৰা হৈছিল আৰু এই ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক সুধি জামতাড়াৰ বাবে ১৪ টা গুৰুত্বপূৰ্ণ পথ অনুমোদন কৰা হৈছে। এই ৰাস্তাবোৰ সোনকালেই আপোনালোকে দেখা পাব।" উল্লেখ্য যে ৰাস্তাক অভিনেত্ৰীৰ গালৰ সৈতে তুলনা কৰা ঘটনা এয়াই প্ৰথম নহয়। ইৰফান আনছাৰীৰ পূৰ্বে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে ২০০৫ চনত ৰাস্তাৰ বেয়া অৱস্থা দেখি অভিনেত্ৰী হেমা মালিনীৰ গালৰ দৰে পথ নিৰ্মাণ কৰি দেখুৱাম বুলি দাবী কৰিছিল। ২০২১ চনৰ নৱেম্বৰত ৰাজস্থানৰ নৱনিযুক্ত মন্ত্ৰী ৰাজেন্দ্ৰ সিং গুধাই ৰাজ্যখনৰ ৰাজপথক কেটৰিনা কাঈফৰ গালৰ সৈতে তুলনা কৰে। যোৱা মাহত মহাৰাষ্ট্ৰৰ মন্ত্ৰী আৰু জ্যেষ্ঠ শিৱসেনা নেতা গোলাবৰাও পাটিলে তেওঁৰ অঞ্চলৰ ৰাস্তাবোৰক হেমা মালিনীৰ গালৰ সৈতে তুলনা কৰিছিল। ৰাজ্যিক মহিলা আয়োগে ইয়াৰ ওপৰত তীব্ৰ আপত্তি কৰিছিল আৰু তাৰপাছত তেওঁ ক্ষমা বিচাৰিব লগা হৈছিল। আৰু পঢ়কঃ সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱৰ বিজেপিত যোগদান

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান