--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা ২০২৫ৰ ফলাফলত আম আদমী পাৰ্টিৰ শোচনীয় পৰাজয় হয়। সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপিয়ে দিল্লীৰ ক্ষমতাৰ পৰা আম আদমী পাৰ্টিক উৎখাত কৰিছে। এই দিল্লীৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল, মনীষ চিছ’দিয়া আৰু অৱধ ওঝাকে ধৰি বাঘা বাঘা নেতা পৰাস্ত হৈছে। কিন্তু আপুনি জানেনে দিল্লীৰ আটাইতকৈ ধনী বিধায়ক কোন?

দিল্লীৰ আটাইতকৈ ধনী বিধায়ক কোন?

দিল্লী বিধানসভা নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাৰ্থীসকলে মনোনয়নৰ সময়ত নিজৰ সম্পত্তিৰ কথা প্ৰকাশ কৰিছিল, সেই অনুসৰি বিজেপিৰ কৰ্ণেল সিং দিল্লীৰ আটাইতকৈ ধনী বিধায়ক। তেওঁৰ হাতত অপৰিসীম ধন আছে। আমেৰিকাত তেওঁৰ ৪টা অট্টালিকা আছে। ইয়াৰ উপৰিও তেওঁৰ লাখ লাখ টকাৰ গহনাও আছে। কৰ্ণেল সিঙৰ শিক্ষাগত অৰ্হতা মাথোঁ দশম শ্ৰেণী উত্তীৰ্ণ।

কিমান ভোটত জয়ী হ’ল কৰ্ণেল সিং? 

১৮৮৬৩ টা ভোটত বিজেপিৰ কৰ্ণেল সিঙে জয়লাভ কৰিছে। তেওঁ আম আদমি পাৰ্টিৰ সত্যেন্দৰ জৈনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ শকুৰ বস্তি বিধানসভাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

কৰ্ণেল সিঙৰ হাতত আছে অপৰিসীম ধন

নিৰ্বাচনী শপতনামা অনুসৰি বিজেপি প্ৰাৰ্থী কৰ্ণেল সিঙৰ আছে ২৫৯.৬৭ কোটি টকাৰ সম্পত্তি। তেওঁৰ হাতত আছে নগদ ১.৩২ লাখ টকা। বেংক একাউণ্টত জমা আছে ২৭.৫৯ লাখ টকা। ২৫ লাখ টকাৰ জীৱন বীমা আছে। সোণ আৰু হীৰাকে ধৰি গহনাসমূহৰ মুঠ দাম ৩৮.৪৫ লাখ টকা। মুঠ স্থাৱৰ সম্পত্তি ৯২.৩৬ লাখ টকাৰ।

২৫৮ কোটি টকাৰ অস্থাৱৰ সম্পত্তি

এইগৰাকী বিজেপি বিধায়কৰ হাতত আছে ২৫৮ কোটি টকাৰ অস্থাৱৰ সম্পত্তি। হাৰিয়ানাত ৬০ কোটি টকাৰ এটা ফাৰ্ম হাউচ আছে। ইয়াৰ বাহিৰেও তেওঁৰ শোণিতাত ৫৫ লাখ টকাৰ দোকান আছে। আমেৰিকাৰ ৱাশ্বিংটন আৰু কেলিফৰ্ণিয়াৰ পৰা হাৰিয়ানাৰ শোনিপাটলৈকে ১৯৮ কোটি টকাৰ ঘৰ আছে। আমেৰিকাত ৪টা ঘৰ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ