--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে বিভিন্ন ধৰণে শুৱে। কিছুমানে ওৰে নিশাটো ওপৰমুৱা হৈ শুৱে। কিছুমানে আকৌ বুকু পেলাই তলমুৱাকৈ শুৱে, কিছুমানে সোঁফালে অথবা বাওঁফালে কাতি হৈ শুৱে। বুকু পেলাই তলমুৱা কৰি শুৱাটো অতি বিপজ্জনক। এনে কৰিলে হৃদযন্ত্ৰৰ ওপৰত গভীৰ হেঁচা পৰে। ফলত মাৰাত্মক বিপদ ঘটিব পাৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে বাওঁফালে কাতি হৈ শোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।

 বামকুশি অৰ্থাৎ বাঁওফালে মুখ কৰি শোৱাটো হৈছে স্বাস্থ্য সন্মত শোৱাৰ এক ভংগী।
আমাৰ হৃৎপিণ্ডটো দেহৰ বাঁওফালে থাকে আৰু মাধ্যাকৰ্ষণিক বলে হৃদপিণ্ডত ৰক্ত সঞ্চালনত সহায় কৰে । স্বাস্থ্য বিজ্ঞানীসকলৰ মতে যিহেতু  সেয়ে বাওঁফালে কাতি হৈ শুলে আৰু হৃৎপিণ্ডৰ ওপৰত চাপ ভালে খিনি কমকৈ পৰে। ইয়াৰ ফলত হৃদপিণ্ডত তেজৰ চলাচল সুচল হৈ থাকে।

বাওঁফালে কাটি হৈ  শুলে মাধ্যাকৰ্ষণিক বলৰ সহায়ত ক্ষুদ্ৰান্ত্ৰৰ পৰা বৃহদান্ত্ৰলৈ বৰ্জিত খাদ্যখিনি ইলিওচিকেল ভালভ বা আইচিভিৰ মাজেৰে সহজে পাৰ হৈ যোৱাত সহায় হয়। ফলত কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাৰ পৰা আমি ভালে খিনি হাত সাৰি থাকিব পাৰো।
স্বাস্থ্য বিজ্ঞানীসকলৰ মতে গৰ্ভৱতী মহিলাসকলে  পৰাপক্ষত বাঁওফালে কাতি হৈ শোৱাটো ভাল। এনে কৰিলে গৰ্ভৱতী মহিলাৰ  ভ্ৰুণ আৰু গৰ্ভাশয়লৈ ৰক্ত সঞ্চালন সুন্দৰ ভাবে হৈ থাকিব পাৰে। বাওঁফালে কাতি কৰি শোৱাটো  অধিক  আৰামদায়ক কৰি তোলাৰ বাবে  আঁঠু অলপ বেঁকা কৰি আঁঠুৰ মাজত এটা গাৰুও ল'ব পাৰি।

প্লীহাই আমাৰ শৰীৰৰ  তেজ শোধন কৰাত এক গুৰুতঊপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বাঁওফালে কাতি কৰি শুলে মাধ্যাকৰ্ষণিক বলে প্লীহালৈ ৰক্ত সঞ্চালন সূচল কৰি ৰখাত সহায় কৰে। 

বাঁওফালে কাতি কৰি শোৱাৰ আটাইতকৈ ডাঙৰ উপকাৰটো হ'ল   ডিঙি আৰু পিঠিৰ বিষৰ পৰা সকাহ পোৱা। আপুনি যদি  ডিঙি আৰু পিঠিৰ বিষত ভুগি আছে তেন্তে বাওঁফালে কাতি কৰি শুই চাওঁকচোন। এনে কৰিলে বিষৰ পৰা কিমান আৰাম পোৱা যায় সেয়া নিজেই অনুভৱ কৰিব পাৰিব। স্বাস্থ্য বিজ্ঞানৰ মতে বাওঁফালে কাতি হৈ শোৱাটো বৃক্ক আৰু যকৃতৰ বাবে উপকাৰী। পিত্তৰোগ, বুকু জ্বলা-পোৰা কৰা মগজুক শান্ত কৰি ৰখা আদি ভাল ফল বোৰতো আছেই।

বাওঁফালে কাতি কৰি শোৱা লোকসকল পাৰ্কিনছন’ছ আৰু আলঝাইমাৰ আদি  ৰোগত সহজে আক্ৰান্ত নহয় বুলিও স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ