--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে বিভিন্ন ধৰণে শুৱে। কিছুমানে ওৰে নিশাটো ওপৰমুৱা হৈ শুৱে। কিছুমানে আকৌ বুকু পেলাই তলমুৱাকৈ শুৱে, কিছুমানে সোঁফালে অথবা বাওঁফালে কাতি হৈ শুৱে। বুকু পেলাই তলমুৱা কৰি শুৱাটো অতি বিপজ্জনক। এনে কৰিলে হৃদযন্ত্ৰৰ ওপৰত গভীৰ হেঁচা পৰে। ফলত মাৰাত্মক বিপদ ঘটিব পাৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে বাওঁফালে কাতি হৈ শোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।

 বামকুশি অৰ্থাৎ বাঁওফালে মুখ কৰি শোৱাটো হৈছে স্বাস্থ্য সন্মত শোৱাৰ এক ভংগী।
আমাৰ হৃৎপিণ্ডটো দেহৰ বাঁওফালে থাকে আৰু মাধ্যাকৰ্ষণিক বলে হৃদপিণ্ডত ৰক্ত সঞ্চালনত সহায় কৰে । স্বাস্থ্য বিজ্ঞানীসকলৰ মতে যিহেতু  সেয়ে বাওঁফালে কাতি হৈ শুলে আৰু হৃৎপিণ্ডৰ ওপৰত চাপ ভালে খিনি কমকৈ পৰে। ইয়াৰ ফলত হৃদপিণ্ডত তেজৰ চলাচল সুচল হৈ থাকে।

বাওঁফালে কাটি হৈ  শুলে মাধ্যাকৰ্ষণিক বলৰ সহায়ত ক্ষুদ্ৰান্ত্ৰৰ পৰা বৃহদান্ত্ৰলৈ বৰ্জিত খাদ্যখিনি ইলিওচিকেল ভালভ বা আইচিভিৰ মাজেৰে সহজে পাৰ হৈ যোৱাত সহায় হয়। ফলত কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাৰ পৰা আমি ভালে খিনি হাত সাৰি থাকিব পাৰো।
স্বাস্থ্য বিজ্ঞানীসকলৰ মতে গৰ্ভৱতী মহিলাসকলে  পৰাপক্ষত বাঁওফালে কাতি হৈ শোৱাটো ভাল। এনে কৰিলে গৰ্ভৱতী মহিলাৰ  ভ্ৰুণ আৰু গৰ্ভাশয়লৈ ৰক্ত সঞ্চালন সুন্দৰ ভাবে হৈ থাকিব পাৰে। বাওঁফালে কাতি কৰি শোৱাটো  অধিক  আৰামদায়ক কৰি তোলাৰ বাবে  আঁঠু অলপ বেঁকা কৰি আঁঠুৰ মাজত এটা গাৰুও ল'ব পাৰি।

প্লীহাই আমাৰ শৰীৰৰ  তেজ শোধন কৰাত এক গুৰুতঊপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বাঁওফালে কাতি কৰি শুলে মাধ্যাকৰ্ষণিক বলে প্লীহালৈ ৰক্ত সঞ্চালন সূচল কৰি ৰখাত সহায় কৰে। 

বাঁওফালে কাতি কৰি শোৱাৰ আটাইতকৈ ডাঙৰ উপকাৰটো হ'ল   ডিঙি আৰু পিঠিৰ বিষৰ পৰা সকাহ পোৱা। আপুনি যদি  ডিঙি আৰু পিঠিৰ বিষত ভুগি আছে তেন্তে বাওঁফালে কাতি কৰি শুই চাওঁকচোন। এনে কৰিলে বিষৰ পৰা কিমান আৰাম পোৱা যায় সেয়া নিজেই অনুভৱ কৰিব পাৰিব। স্বাস্থ্য বিজ্ঞানৰ মতে বাওঁফালে কাতি হৈ শোৱাটো বৃক্ক আৰু যকৃতৰ বাবে উপকাৰী। পিত্তৰোগ, বুকু জ্বলা-পোৰা কৰা মগজুক শান্ত কৰি ৰখা আদি ভাল ফল বোৰতো আছেই।

বাওঁফালে কাতি কৰি শোৱা লোকসকল পাৰ্কিনছন’ছ আৰু আলঝাইমাৰ আদি  ৰোগত সহজে আক্ৰান্ত নহয় বুলিও স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু